ৰঙিয়াত ৰাস চাই উভতাৰ পথতেই বাইকৰ খুন্দাত নিহত ১০ বছৰীয়া শিশু…
ৰাসৰ আনন্দৰ মাজতেই ৰঙিয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা। উদণ্ড যুৱকৰ বাইকৰ খুন্দাত প্ৰাণ গ'ল এটি কনমানিৰ। লগতে আহত হয় এগৰাকী মাতৃৰ।
ৰাসৰ আনন্দৰ মাজতেই ৰঙিয়াত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ৰাস চাই ঘৰলৈ উভতি অহাৰ পথতেই ৰঙিয়াৰ তৰণীত এক ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত হয় মাতৃসহ সন্তান। ভাৰত- ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো। এই পথ দুৰ্ঘটনাত নিহত হয় ৰিম্পী কলিতা নামৰ ১০ বছৰীয়া কনমানিগৰাকীয়। লগতে আহত হয় শিশুটিৰ মাতৃ। দেওবাৰে নিশাৰ ভাগত এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি ৩গৰাকী উদণ্ড যুৱকে তীব্ৰবেগী বাইকেৰে আহি মাতৃ কন্যাক প্ৰচণ্ড খুন্দা মাৰে। এই ঘটনাৰ ফলত শিশুটিৰ মাতৃ কবিতা কলিতা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে উদণ্ড বাইকাৰৰ খুন্দা ৰাস্তাতে ঢলি পৰিছিল মাতৃ- কন্যা। পৰৱৰ্তী সময়ত দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে মৃত্যু হয় কনমানি ৰিম্পী কলিতাৰ। দুৰ্ঘটনা সংঘটিত কৰা Yamaha FZ মটৰচাইকেল খনৰ নং A-14Q-4194।
অভিযোগ অনুসৰি উদণ্ড যুৱক তিনিজনে সুৰাপান কৰি তীব্ৰবেগত বাইক চলাইছিল আৰু তেনেকৈ খুন্দা মাৰিছিল মাতৃ- কন্যাক। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰা দুজন যুৱক নলবাৰী আৰু এজন ৰঙিয়াৰ সীতাৰাৰ বুলি জানিব পৰা গৈছে। দেওবাৰে নিশা ২ মান বজাত ৰাস চাই উভতি অহাৰ পথত এই পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।