বোকাখাতত জঘন্য কাণ্ড! হোলীৰ দিনটোতে ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নাবালিকা
বোকাখাতৰ ৰজাবাৰীৰ খতিয়াখলিত সংঘটিত হৈছে জঘন্য ঘটনা। জানিব পৰা মতে বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল নাবালিকাগৰাকী। সেই সময়ত তেওঁৰ ঘৰত আন নাছিল কোনো মানুহ। তাৰেই সুযোগ গ্ৰহণ কৰে বৃদ্ধজনে সংঘটিত কৰিলে এই কু-কাণ্ড।

চৌদিশে এতিয়া মাথো হোলীৰ উছাহ। ফাকুৱাৰ আনন্দত মতলীয়া ৰাজ্যবাসী। তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে জঘন্য ঘটনা। ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা।
ফাকুৱাৰ দিনটোতে সংঘটিত এই ঘটনাই লজ্জানত কৰি ভদ্ৰ সমাজক।
বোকাখাতৰ ৰজাবাৰীৰ খতিয়াখলিত সংঘটিত হৈছে জঘন্য ঘটনা। জানিব পৰা মতে বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল নাবালিকাগৰাকী। সেই সময়ত তেওঁৰ ঘৰত আন নাছিল কোনো মানুহ।
তাৰেই সুযোগ গ্ৰহণ কৰে বৃদ্ধজনে সংঘটিত কৰিলে এই কু-কাণ্ড। অভিযোগ অনুসৰি খতিয়াখলিৰ উপেন বৰা নামৰ লোকজনে গাখীৰ আনিবলৈ যোৱা কনমানী গৰাকীৰ ওপৰত নিৰ্যাতন চলায়।
ইয়াৰ পাছতে নাবালিকাগৰাকীয়ে ঘটনা সন্দৰ্ভত পিতৃ-মাতৃক অৱগত কৰে। তাৰ পাছতে পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত উপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ঘৰত উপস্থিত হৈ আটক কৰে উপেন বৰা নামৰ বৃদ্ধজনক। বৰ্তমান উপেন বৰাক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আত্মীয়ই জনোৱা মতে, সমনীয়াৰ সৈতে ফাকুৱা খেলি আছিল নাবালিকাগৰাকী। তেনেনে মাতৃয়ে মাতি আনি বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ পঠাইছিল কণমানিজনীক। সমনীয়াক লগতে লৈ গাখীৰ আনিবলৈ নাবালিকাগৰাকী উপেন বৰাৰ ঘৰলৈ গৈছিল। তেওঁৰ ঘৰত উপস্থিত হোৱাৰ পাছত বাকীকেইজনক বাহিৰতে ৰখিব দি গাখীৰ আনাৰ চলেৰে নাবালিকাগৰাকীক ভিতৰলৈ মাতি নিছিল উপেন বৰাই। তাৰ পাছতে উপেন বৰাই নাবালিকাগৰাকীৰ ওপৰত নিৰ্যাতন চলায়।
এই ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। অভিযুক্তৰ উচিত শাস্তিৰ দাবী পৰিয়ালৰ লগতে ৰাইজৰ। উপেন বৰা দোষী সাব্যস্ত হয় নে নহয় বা যদি দোষী হয় কি শাস্তি পাব এই সিদ্ধান্ত আদলতেহে গ্ৰহণ কৰিব। কিন্তু এখন সভ্য সমাজৰ মাজত দিন-দুপৰতে ঘটা এই ঘটনাই প্ৰতিফলিত কৰিছে যে আমাৰ সমাজখন কোন দিশত গৈ আছে। যাৰ বাবে এনে নৰাধমে আইন কানুনৰ কেৰেপ নকৰি সংঘটিত কৰি গৈছে এটাৰ পাছত আনটো অপকৰ্ম।