5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শিৱসাগৰত তিনি লম্পটৰ অপকৰ্মৰ বলি ১১ বছৰীয়া নাবালিকা…!

জয়সাগৰত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, এগৰাকী ১১ বছৰীয়া নাবালিকা ৫২ বছৰীয়া এজন ব্যক্তিৰ অপকৰ্মৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । যৌন নিৰ্যাতনৰ এই অভিযোগত তিনিজন ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছে ।

শিৱসাগৰত তিনি লম্পটৰ অপকৰ্মৰ বলি ১১ বছৰীয়া নাবালিকা…!
প্ৰতীকী ফটো
Follow Us
manas-borah
Manas Borah | Updated On: 28 Sep 2024 16:08 PM

শিৱসাগৰ জিলাৰ জয়সাগৰত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, এগৰাকী ১১ বছৰীয়া নাবালিকা ৫২ বছৰীয়া এজন ব্যক্তিৰ অপকৰ্মৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । যৌন নিৰ্যাতনৰ এই অভিযোগত তিনিজন ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছে । সূত্ৰ অনুসৰি, তেওঁলোকৰ নাম হৈছে- ৰাজেন্দ্ৰ ঠাকুৰ আৰু গজেন্দ্ৰৰাজ আৰু বিপীন কুমাৰ ।

জানিব পৰা মতে, ১১ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপিত হোৱা ব্যক্তি তিনিজনৰ মাজৰে এজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজেন্দ্ৰ ঠাকুৰ আৰু গজেন্দ্ৰৰাজক ইতিমধ্যে জয়সাগৰ আৰক্ষীয়ে আটক কৰিছে । আনহাতে আনজন বিপীন কুমাৰ বৰ্তমানে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, নিজ পিতৃয়ে ৫০০ টকাৰ বিনিময়ত ১১ বছৰীয়া নাবালিকা গৰাকীক এই অভিযুক্ত কেইজনক বিক্ৰী কৰিছিল । ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ইয়াৰে দুজন অভিযুক্তক স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে । ইতিমধ্যে ৰাজেন্দ্ৰ ঠাকুৰ নামৰ লোকজনে আৰক্ষীৰ ওপৰত নাবালিকাৰ গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে । বৰ্তমান তেওঁলোক শিৱসাগৰ সদৰ আৰক্ষীৰ জিম্মাত আছে ।

এগৰাকী মহিলাই এই ঘটনাৰ সন্দৰ্ভত কয় যে, গাঁৱৰে দুজন যুৱকে ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰে । ইয়াৰ পাছতে স্থানীয় ৰাইজে এই জঘন্য ঘটনাৰ সৈতে জড়িত থকা দুজন অভিযুক্তক কৰায়ত্ত কৰি জয়সাগৰ আৰক্ষীক গতাই দিয়ে । ইয়াৰে এজন অভিযুক্ত এতিয়াও পলাই আছে বুলি সদৰী কৰিছে মহিলা গৰাকীয়ে ।

ইফালে, অভিযোগ উত্থাপন হোৱা নাবালিকা গৰাকীৰ পিতৃৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে । সমান্তৰালভাৱে ঘটনাৰ সৈতে জড়িত খকাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে । মহিলা গৰাকীয়ে দাবী কৰে যে, মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱাৰ এইধৰণৰ ঘটনা নাইকীয়া কৰিবলৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে ।

Latest News