5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজিৰে পৰা ৰাজ্যত ‘বিকাশৰ ১২ দিন’ৰ বিশেষ কাৰ্যসূচী, মেধাৱী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰি কেইবাটাও ঘোষণা মুখ্যমন্ত্রীৰ…

মুখ্যমন্ত্ৰীয়ে কয় যে, "ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন হ'ব একোখনকৈ বিশ্ববিদ্যালয়, মেডিকেল কলেজ। প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দলং। ২০২৫ চনৰ ভিতৰত গোলাঘাট-বিশ্বনাথৰ মাজত ব্ৰহ্মপুত্ৰৰ সুৰংগ নিৰ্মাণ হ'ব"। বৰাকৰ ওপৰতো ৬ খন দলঙৰ নিৰ্মাণৰ কাম চলি আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

আজিৰে পৰা ৰাজ্যত ‘বিকাশৰ ১২ দিন’ৰ বিশেষ কাৰ্যসূচী, মেধাৱী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰি কেইবাটাও ঘোষণা মুখ্যমন্ত্রীৰ…
আজিৰে পৰা ৰাজ্যত ‘বিকাশৰ ১২ দিন’ৰ বিশেষ কাৰ্যসূচী
trishna-kalita
Trishna Kalita | Updated On: 11 Dec 2024 17:41 PM

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে ‘বিকাশৰ ১২ দিন’। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমৰ সামগ্ৰিক বিকাশ আৰু জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ উদ্দেশ্যে ‘বিকাশৰ ১২ দিন’ নামেৰে এই বিশেষ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে। এই বিশেষ উদ্যোগৰ আজি শিক্ষা বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি অনুসৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈছে। তাৰ ভিতৰত নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটাৰ যোগেদি যোগ্য ছাত্র-ছাত্ৰীক স্কুটাৰ বিতৰণৰ লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীলৈ ডিবিটি যোগে নগদ পুৰস্কাৰ প্ৰদান কাৰ্যসূচীসমূহ ৰূপায়ন কৰা হয়। সৰুসজাইত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নাৰী শক্তিলৈ বিত্তীয় সকাহ

অসম মাইক্র’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি: ৭৮ হাজাৰৰো অধিক ঋণধাৰকে তেওঁলোকৰ ঋণযোগ্যতা আৰু বিত্তীয় স্থিৰতা পুনৰুদ্ধাৰ কৰিবলৈ ২২৩ কোটি টকাৰ মুঠ সাহায্য পেকেজৰ সৈতে লাভান্বিত হ’ব

শিক্ষাগত উৎকর্ষক সন্মান

বিভিন্ন আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৬,৯৬৯গৰাকী সফল শিক্ষার্থীলৈ নগদ পুৰস্কাৰ, নৱম শ্ৰেণীত অধ্যয়নৰত ৩,২৩,৬৪০ শিক্ষার্থীক চাইকেল, উচ্চতৰ মাধ্যমিকত উত্তীর্ণ সফল যোগ্য বিবেচিত শিক্ষার্থীক ৪৮,৬৭৩খন স্কুটাৰ প্ৰদান

দুর্যোগ প্ৰভাৱিতসকললৈ সাহায্য

দুর্যোগত ক্ষতিগ্রস্ত ৬,৮৬,৪৮৭টা পৰিয়াললৈ মুঠ ৩৫৩.৩৭ কোটি টকাৰ পোনপটীয়া সাহায্য

ঔদ্যোগিক বিকাশক উৎসাহিতকৰণ

খাদ্য সংসাধন গোটসমূহক সমর্থন কৰিবলৈ ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ২১.৯০ কোটি টকা বিতৰণ।

‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি যোৰহাট ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি কেইবাখনো আঁচনিৰ অনুদান আৰু সাহায্য বিতৰণৰ শুভাৰম্ভ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। এই কাৰ্যসূচীৰ অধীনত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত যোৰহাট জিলাত মুঠ ২২১৮ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্রেণীত অধ্যয়নৰত যোৰহাট জিলাৰ মুঠ ৮,৫০৬ গৰাকী ছাত্র-ছাত্রীক চাইকেল প্রদান কৰা হয়।লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা যোৰহাট জিলাৰ মুঠ ১,১৫৩ গৰাকী ছাত্র-ছাত্রীলৈ ডি বি টি যোগে নগদ পুৰস্কাৰ প্ৰদান কৰা হয়।

ইফালে সৰুসজাইত বঁটা প্ৰদান অনুষ্ঠানত কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে, “ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন হ’ব একোখনকৈ বিশ্ববিদ্যালয়, মেডিকেল কলেজ’। প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং। ২০২৫ চনৰ ভিতৰত গোলাঘাট-বিশ্বনাথৰ মাজত ব্ৰহ্মপুত্ৰৰ সুৰংগ নিৰ্মাণ হ’ব’। বৰাকৰ ওপৰতো ৬ খন দলঙৰ নিৰ্মাণৰ কাম চলি আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ উপৰিও বাণীকান্ত কাকতি বঁটা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,  “যিসকল শিক্ষার্থী উচ্চতৰ মাধ্যমিক পাছ কৰি অসমৰ বাহিৰত কোচিং কৰিবলৈ গৈছে তেওঁলোকে বাণীকান্ত কাকতি বঁটা নাপায়। অসমৰ কোনোবা এখন কলেজত নামভর্তি কৰিলেহে তেওঁলোকে এই বঁটা পাব।”

লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “৯৪,৮৩৮ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে বিনামূলীয়া নামভৰ্তিৰ সুবিধা। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ মাচুলো বিনামূলীয়া কৰা হৈছে। কেৱল অসমতেই ৰূপায়ণ কৰা হৈছে ‘নিযুত মইনা’ শীৰ্ষক অভিলাষী আঁচনি। সকলোৰে বাবে শিক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতেই গ্ৰহণ কৰা হৈছে অভিলাষী পদক্ষেপ।”

অনুষ্ঠানত অংশ লৈ শিক্ষাৰ্থীসকলক অনুজ্ঞাপত্ৰ অবিহনে স্কুটাৰ নচলাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। স্কুটাৰ চলাওতে বাধ্যতামূলকভাৱে হেলমেট পৰিধানৰো আহ্বান। শিক্ষাৰ্থীসকলৰ মাজত স্কুটাৰ বিতৰণৰ পাছতে এই আহ্বান মুখ্যমন্ত্ৰীৰ।

Latest News