‘বিকাশৰ ১২ দিন’ উপলক্ষে গোলাঘাটত সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ | 12 Days Of Development : Himanta Biswa Sarma distributes benefits of various schemes in Golaghat Assam news - Assam Tv9

‘বিকাশৰ ১২ দিন’ উপলক্ষে গোলাঘাটত বিভিন্ন আঁচনিৰ অধীনত সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ

Updated On: 

14 Dec 2024 22:03 PM

‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ লোকসকলক বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰে। মুখ্যমন্ত্ৰী শৰ্মাই মহিলা ঋণগ্ৰহণকাৰীক 'ঋণ মুক্ত প্ৰমাণপত্ৰ', ২০২৪ চনৰ বানপানীত ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য, আত্মসহায়ক গোটসমূহক সাহায্য প্ৰদান কৰে।

1 / 5অসমৰ ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ লোকসকলক বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰে। মুখ্যমন্ত্ৰী শৰ্মাই মহিলা ঋণগ্ৰহণকাৰীক 'ঋণ মুক্ত প্ৰমাণপত্ৰ', ২০২৪ চনৰ বানপানীত ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য, আত্মসহায়ক গোটসমূহক সাহায্য প্ৰদান কৰে।

অসমৰ ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ লোকসকলক বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰে। মুখ্যমন্ত্ৰী শৰ্মাই মহিলা ঋণগ্ৰহণকাৰীক 'ঋণ মুক্ত প্ৰমাণপত্ৰ', ২০২৪ চনৰ বানপানীত ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য, আত্মসহায়ক গোটসমূহক সাহায্য প্ৰদান কৰে।

2 / 5

অনুষ্ঠানত ভাষণ দি শৰ্মাই ঘোষণা কৰে যে, অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত গোলাঘাটৰ ৫,১১৯ গৰাকী মহিলা ঋণগ্ৰহণকাৰীক ক্ষুদ্ৰ বিত্তীয় ঋণৰ পৰা মুক্ত কৰা হৈছে।

3 / 5

তেওঁ লগতে কয় যে, ইয়াৰ উপৰিও জিলাখনৰ বানপানীত ক্ষতিগ্ৰস্ত ২০১১টা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । বোকাখাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল । এই অঞ্চসটোত ১৯৭০টা পৰিয়াল লোকচানৰ সন্মুখীন হৈছে।

4 / 5

উল্লেখ্য যে, বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি প্ৰায় ১২ লাখ পৰিয়ালক অনুদান, সাহায্য আদি প্ৰদানৰ লক্ষ্যৰে ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচী আৰম্ভ কৰিছিল।

5 / 5

এই কাৰ্যসূচীৰ অংশ হিচাপে চৰকাৰে ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই আঁচনিৰ অধীনত ৭৮ হাজাৰৰো অধিক ঋণগ্ৰহণকাৰীক ২২৩ কোটি টকা, পুনৰ নিৰ্মাণ আৰু জীৱিকাৰ সাহায্যৰ বাবে ৬.৮৬ লাখতকৈ অধিক দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালক ৩৫৩.৩৭ কোটি টকা আৰু ৬,৪৯০ টা আত্মসহায়ক গোটক ২১.৯ কোটি টকাৰ সাহায্য পেকেজ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ।

ক'ত আছে দেশৰ আটাইতকৈ বিপদজনক জে'লখন?
মূলা আৰু গাজৰ একেলগে খালে পৰিব নেকি কোনো সমস্যাত? বিশেষজ্ঞই কি কয় চাওক…
ঘৰৰ পৰা ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি? নিতৌ কৰক এই কাম!
পণ্টৰ প্ৰতি ‘টান’! অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ কন্যাৰ পছন্দৰ তালিকাত ঋষভ পণ্ট