5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Tourism : আজিৰে পৰা কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা…শিৱসাগৰ-চৰাইদেউত দেশী-বিদেশী পৰ্যটকৰ ভিৰ

পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ উজনি অসমৰ পৰ্যটনস্থলীত পৰ্যটকৰ আগমন দেখা গৈছে । ইফালে আজিৰে পৰা কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা (আই টি এম)ত অংশগ্ৰহণ কৰা বাবে অহা বিদেশী আৰু ঘৰুৱা প্ৰতিনিধিসকলে শেহতীয়াকৈ ৰাজ্যখনৰ পূব প্ৰান্তৰ ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰে ।

Assam Tourism : আজিৰে পৰা কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা…শিৱসাগৰ-চৰাইদেউত দেশী-বিদেশী পৰ্যটকৰ ভিৰ
আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ প্ৰতিনিধিয়ে আহোম যুগৰ স্থানসমূহ ভ্ৰমণ কৰে
manas-borah
Manas Borah | Updated On: 27 Nov 2024 09:18 AM

ৰাজ্য়খনৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ । পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ উজনি অসমৰ পৰ্যটনস্থলীত পৰ্যটকৰ আগমন দেখা গৈছে । ইফালে আজিৰে পৰা কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা (আই টি এম)ত অংশগ্ৰহণ কৰা বাবে অহা বিদেশী আৰু ঘৰুৱা প্ৰতিনিধিসকলে শেহতীয়াকৈ ৰাজ্যখনৰ পূব প্ৰান্তৰ ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰে ।

প্ৰতিনিধিসকলে চলিত বৰ্ষৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ মৈদাম ভ্ৰমণকে ধৰি ৰাজ্যখনৰ পূব প্ৰান্তৰ ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰে বুলি পৰ্যটন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । চৰাইদেউ মৈদামস্থলীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে স্বীকৃতি লাভ কৰি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ৪৩ সংখ্যক স্থান লাভ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত অংশগ্ৰহণৰ বাবে অহা ট্যুৰ অপাৰেটৰ, চচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ, পৰ্যটন ক্ষেত্ৰৰে জড়িত শতাধিক প্ৰতিনিধিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাৰ লগতে ৰংঘৰ পৰিদৰ্শন কৰে । কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি ​​ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা আনুষ্ঠানিক মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব। ২৯ নৱেম্বৰত এই মেলাৰ সামৰণি পৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া এই মেলাত পৰ্যটন মন্ত্ৰালয়ৰ ‘জীৱনৰ বাবে যাত্ৰা’ পদক্ষেপৰ সৈতে সংগতি ৰাখি বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতাৰ উদাহৰণ দাঙি দৰা হ’ব। এগৰাকী বিষয়াই জনোৱা মতে, মঙলবাৰে ৰাষ্ট্ৰীয় আৰু বিদেশী ১২০ জন প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয়। ইয়াৰ পাছতে কাজিৰঙালৈ যাত্ৰা কালত তেওঁলোকে ঐতিহাসিত স্থানসমূহ পৰিদৰ্শন কৰে ।

ইফালে স্থানীয় এক সূত্ৰ খবৰ অনুসৰি, মঙলবাৰে দিনটোত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত শতাধিক পৰ্যটকে ভিৰ কৰে । সূত্ৰই জানিবলৈ দিছে এই পৰ্যটকসকলে তিনিদিনীয়া কৈ কাজিৰঙাত আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ ত অংশগ্ৰহণ কৰিব । যোৱা কালি দিনটোত থাইলেণ্ড, ভিয়েটনাম, স্পেইনকে ধৰি প্ৰায় ১৪ খন দেশৰ প্ৰতিনিধিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে । স্থানীয় সূত্ৰই সদৰী কৰা মতে,পৰ্যটন বিভাগে প্ৰতিনিধিসকলৰ আগত টাই আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰ লগতে অসমীয়া খাদ্য়ভ্যাস, সংস্কৃতি আদি উপস্থাপন কৰাৰ ব্যৱস্থা কৰে ।

একদৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ ত অংশগ্ৰহণ কৰিবলৈ অহা ১০০ ৰো অধিক দেশী-বিদেশী প্ৰতিনিধিৰ এটা দলে ৰংঘৰ পৰিদৰ্শন কৰে বুলি জানিবলৈ দিছে স্থানীয় এক সূত্ৰই । পৰ্যটকৰ এই দলটোৱে বিয়লী ভাগত স্বৰ্গদেউ ৰুদ্ৰ সিংহ উদ্যানত অসমীয়া থলুৱা আহাৰ আৰু ব্যঞ্জনৰ সোৱাদ লয় । লগতে বিহু, মিচিং নৃত্য আদিও উপভোগ কৰে দলটোৱে ।

উল্লেখ্য যে, আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ’ব দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা। আজিৰ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে । এই মেলা অন্ত পৰিব অহা ২৯ নৱেম্বৰত ।

Latest News