76th Republic Day Parade : দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডলৈ বিশেষভাৱে আমন্ত্ৰিত কৃষক, উদ্যোগীকে ধৰি অসমৰ ১৩৫ জন…
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত থকাৰ সুযোগ লাভ কৰিছে উদ্যোগী, কৃষক, বিষয়া, চৰকাৰী আঁচনিৰ হিতাধিকাৰীকে ধৰি অসমৰ ১৩৫ জনীয়া এটা গোটে । এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় তাৎপৰ্য্যপূৰ্ণ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
কাইলৈ দেশবাসীয়ে পালন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস । এই উপলক্ষে সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছে । একেদৰে অসমেও ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে । এইলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৰাজ্য আৰক্ষীয়ে । ৰাজ্যবাসীয়ে যাতে শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱস উদযাপন কৰিব পাৰে তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । ইফালে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত থকাৰ সুযোগ লাভ কৰিছে উদ্যোগী, কৃষক, বিষয়া, চৰকাৰী আঁচনিৰ হিতাধিকাৰীকে ধৰি অসমৰ ১৩৫ জনীয়া এটা গোটে ।
গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে উদ্যোগী, কৃষক, বিষয়া, চৰকাৰী আঁচনিৰ হিতাধিকাৰীকে ধৰি অসমৰ ১৩৫ জন লোকে । শুকুৰবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় তাৎপৰ্য্যপূৰ্ণ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
এই অনুষ্ঠানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ অংশ হিচাপে উত্তৰ-পূব ৰাজ্যৰ পৰা মহিলা, যুৱক-যুৱতী, কৃষক আৰু উদ্যোগীসকলে গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত যোগদান কৰিব আৰু ই সমাজলৈ তেওঁলোকৰ অৱদানৰ স্বীকৃতিৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
ধুবুৰীৰ এজন কৃষক নিৰেশ চন্দ্ৰ বৰ্মনে এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰি গৌৰৱ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয়, ‘এনে এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰাটো গৌৰৱৰ বিষয়। গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হোৱাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো।’
গাহৰি ফাৰ্ম আৰু কেক বনোৱা ব্যৱসায় কৰা গোৱালপাৰা জিলাৰ উদ্যোগী ৰীনা দৈমাৰীয়েও ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে । তেওঁ এই নিমন্ত্ৰণ লাভ কৰি উদ্যোগী যাত্ৰাত লাভ কৰা চৰকাৰৰ সহায় আৰু বিশেষ নিমন্ত্ৰণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
‘লাখপতি বাইদেউ’ আৰু ‘পি এম সূৰ্য ঘৰ’ৰ দৰে বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰী বিশ্বনাথৰ সবিতা তেৰংপি আৰু মঙলদৈৰ প্ৰমোদ শইকীয়াইও এই পেৰেডত অংশগ্ৰহণ কৰিব। তেওঁলোকৰ লগতে অংশগ্ৰহণ কৰিব কাজিৰঙা পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মী ৰাজু উৰাওনে । তেওঁ এই সন্মানৰ বাবে কাজিৰঙা কৰ্তৃপক্ষ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
গণৰাজ্য দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰাৰ উপৰিও এই বিশেষ অতিথিসকলে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয়কে ধৰি বিশিষ্ট স্থানসমূহ পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। তেওঁলোকে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব বুলি বিবৃতিটোত কোৱা হৈছে।