শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰে ১৫ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়ন…
অসমত প্ৰৱেশ কৰা ১৫ জনকৈ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাৰ খবৰ লাভ কৰা গৈছে । শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক কেইজনক বিতাড়ন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

১৫ অবৈধ বাংলাদেশীক বিতাড়ন
অবৈধভাৱে অসমত প্ৰৱেশ কৰা ১৫ জনকৈ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাৰ খবৰ লাভ কৰা গৈছে । শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক কেইজনক বিতাড়ন কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে ।
শেহতীয়াকৈ বাংলাদেশী কেইজনক বিতাড়ন কৰাৰ খবৰ সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় । মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলৰ দুটা পোষ্টৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰিছে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা অব্যাহত ৰাখি শ্ৰীভূমি আৰক্ষীয়ে ২ জন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাড়ন কৰে ।” বিদেশী নাগৰিকক কেইজন ইৰফান খান আৰু নুৰুল আফছাৰ বুলি চিনাক্ত কৰা হৈছে বুলিও কয় মুখ্য়মন্ত্ৰী শৰ্মায় ।
Stern action against illegal infiltration.
Continuing with their strict vigil along the Indo-Bangladesh border, @sribhumipolice intercepted 2 Bangladeshi nationals and pushed them back.
🇧🇩Irfan Khan
🇧🇩Nurul AfsarThis strict monitoring by @assampolice will continue. Good job. pic.twitter.com/EkIokqODjF
— Himanta Biswa Sarma (@himantabiswa) March 18, 2025
একে সময়তে সীমান্তত অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে অসম আৰক্ষীৰ কঠোৰ নিৰীক্ষণ অব্যাহত থাকিব বুলি উল্লেখ কৰি এই সফলতাৰ বাবে অসম আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে, অসমৰ শ্ৰীভূমি, কাছাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ আন্তৰ্জাতিক সীমান্ত ভাগ-বতৰা কৰে।
ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলৰ আন এটা পোষ্টত কয় যে, সুতাৰকান্দিৰ ICP জৰিয়তে আৰু ১৩ জন বাংলাদেশী নাগৰিকক বিতাড়িত কৰা হৈছে ৷ শ্ৰীভূমিৰ সুতাৰকান্দিত ইন্টিগ্ৰেটেড চেক পোষ্ট (আই চি পি)ৰ জৰিয়তে বাংলাদেশী নাগৰিক কেইজনক বিতাড়ন কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে ।
13 Bangladeshi nationals deported
The following Bangladeshi nationals have been deported through Sutarkandi ICP
🇧🇩Abdul Hamid, Sabuj Hussain, Abul Hassan, Sanju, Md. Hussain, Hossain Sardar, Siam Ali, Nizam Uddin, Sopon Mia, Rifat Hossain Azad, Faruk Hossen, Md. Bappi Bepari &… pic.twitter.com/ltjcsqBtkM
— Himanta Biswa Sarma (@himantabiswa) March 18, 2025
উল্লেখ্য যে, উত্তৰ-পূবৰ ভাৰত-বাংলাদেশ সীমান্তত মুঠ তিনিটা আইচিপি আছে আৰু বাকী দুটা মেঘালয়ৰ ডাউকী আৰু ত্ৰিপুৰাৰ আখৌৰাত আছে। তদুপৰি ভাৰত-ভূটান সীমান্তৰ অসমৰ দৰঙাত অঞ্চলটোৰ আন এটা আইচিপি আছে।