দক্ষিণ শালমাৰা-মানকাচৰত শিশুসহ ১৬ বাংলাদেশী নাগৰিকক আটক…
মানকাচৰত ১৬ গৰাকীকৈ বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি এই বাংলাদেশী নাগৰিক কেইজনে বাংগালুৰুৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহিছিল ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১৬ গৰাকীকৈ বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি এই বাংলাদেশী নাগৰিক কেইজনে বাংগালুৰুৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহিছিল । দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে এক অভিযান চলাই এই বাংলাদেশী নাগৰিক কেইজনক আটক কৰে । বাংলাদেশী নাগৰিক কেইজনৰ ভিতৰত আছে ৭ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু ৫ টা শিশু ।
সূত্ৰৰ খবৰ অনুসৰি, এই নাগৰিক কেইজনক লৈ একাংশ লোকৰ সন্দেহ সৃষ্টি হৈছিল । ইয়াৰ পাছতে জোৰডাঙা গাঁৱৰ পৰা এই আটাইকেইজনে আটক কৰে আৰক্ষীয়ে । জানিব পৰা মতে, অঞ্চলটোৰ এগৰাকী লোকৰ ঘৰত আশ্ৰয় লৈ আছিল এই সন্দেহযুক্ত বাংলাদেশী নাগৰিক কেইজনে । আটাইকেইজনকে আটক কৰি জেৰা কৰে আৰক্ষীয়ে ।
Inter-State movement of infiltrators busted; 16 Bangladeshis nabbed 🇧🇩
In an excellent op carried out by @SSalmaraPolice, 16 illegal Bangladeshis (7 Male, 4 Female & 5 children) who travelled from Bengaluru to Guwahati Railway Station and moved towards South Salmara Mankachar… pic.twitter.com/7ZSr6F5P0t
— Himanta Biswa Sarma (@himantabiswa) December 23, 2024
ইফালে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আৰক্ষীৰ তদন্তত এই ১৬ গৰাকীকৈ সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰা হয় । ইয়াৰ লগতে পাঁচটা শিশুসহ আটাইকেইজনকে আইনী প্ৰক্ৰিয়া অনুসৰি বাংলাদেশলৈ পুনৰ বিতাৰিত কৰে অসম আৰক্ষীয়ে ।
যোৱা কালিও ৬ বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰাৰ তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, সীমান্তত অসম আৰক্ষীয়ে অধিক সতৰ্কতা অৱলম্বন কৰিছে । অসমত অনুপ্ৰৱেশৰ স্থান নাই । ইয়াৰ লগতে অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশী নাগৰিক কেইজনক আটক কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।
ইফালে যোৱা দেওবাৰে দুই সন্দেহজনক বাংলাদেশী লোকক সোণাপুৰৰ বাৰঘৰীয়া অঞ্চলত স্থানীয় লোকে আটক কৰাৰ খবৰ লাভ কৰা গৈছিল । অভিযোগ অনুসৰি, এই সন্দেহজনক বাংলাদেশী দুজনে দালালৰ সহায়ত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বুলি জানিব পৰা যায় ।
লগতে পঢ়ক : অব্য়াহত আছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ ৬ বাংলাদেশীক আটক…