5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Majuli Rash Mahotsav: ১৮৫ বছৰ পূৰ্ণ কৰিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ ৰাসে, এই সত্ৰৰ পৰাই পোন প্ৰথমে আৰম্ভ হৈছিল ৰাসোৎসৱ

মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে। অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা।

Majuli Rash Mahotsav:  ১৮৫ বছৰ পূৰ্ণ কৰিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ ৰাসে, এই সত্ৰৰ পৰাই পোন প্ৰথমে আৰম্ভ হৈছিল ৰাসোৎসৱ
১৮৫ বছৰ পূৰ্ণ কৰিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ ৰাসে
barasha-misra
Barasha Misra | Published: 14 Nov 2024 15:27 PM

কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ৰাস মহোৎসৱ। শাৰদীয় শুভ্ৰ জোনাকৰ স্নিগ্ধ পোহৰত ৰাসোৎসৱ পালন কৰা হয়। ‘ৰাস’ শব্দটো ‘ৰস’ শব্দৰ পৰা আহিছে। ৰস মানে হ’ল স্বাদ বা আনন্দৰ অবস্থা। যি অবস্হাত মানুহে জাগতিক আনন্দ উপলব্ধি কৰিব পাৰে। ‘ৰাস’ শব্দৰ আভিধানিক অর্থ হ’ল ‘মণ্ডলীকৃত নর্তনম’ অর্থাৎ ঘূৰনীয়াকৈ নৃত্য কৰা। ৰাসক্ৰীড়াৰ অর্থ হ’ল-এক বিশেষ নৃত্য য’ত নর্তকীসকলে ঘূৰি ঘূৰি এজন নর্তকক মাজত লৈ ৰূপ, ৰস, গন্ধ,স্পর্শ আৰু শব্দৰ পঞ্চঅমৃত পান কৰি শ্রীকৃষ্ণৰ আশিস লাভ কৰিছিল। শৰতৰ স্নিগ্ধ জোনাকৰ তলত বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসৱৰ লগত কৰা ৰাসলীলা হ’ল ভক্ত আৰু ভগৱানৰ মাজৰ সম্পৰ্কৰ উজ্জল নিদৰ্শন।

দক্ষিণপাট সত্ৰৰ ৰাস

মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে। অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ’ব। ১৫০ৰো অধিক বছৰ ধৰি ৰাসলীলা বা ৰাস মহোৎসৱ উদযাপন হৈ আহিছে সত্ৰনগৰী মাজুলীত। ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাস মহোৎসৱ। এইবাৰ ঐতিহাসিক মাজুলীৰ দক্ষিণপাট সত্ৰই এইবাৰ ৰাস মহোৎসৱ উদযাপনৰ ১৮৫ বছৰ পূৰ্ণ কৰিব। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰিব মাজুলী। চৌদিশে গুঞ্জৰিত হ’ব মাথোঁ কৃষ্ণ বন্দনা। ১৫ নৱেম্বৰত মূল ৰাসৰ অভিনয় আৰু তৃতীয় দিনা ইন্দ্ৰাভিশেষ বা দিন ৰাস বুলি কোৱা হয় আৰু সেইদিনাই ৰাসৰ সামৰণি পৰিব ৷ আজি অধিবাসেৰে দক্ষিণপাট সত্ৰত আৰম্ভ ৰাসলীলাৰ কাৰ্যসূচী। মাজুলীৰ যিয়ে মাজুলীবাসীৰ ভক্তি আৰু সাংস্কৃতিক অনুষ্ঠানৰ স্থায়ী উত্তৰাধিকাৰৰ প্ৰমাণ হিচাপে কাম কৰিছে।

নামনি অসমৰ ৰাস

কিন্তু নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰীৰ ৰঅসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।

পৰ্যটকৰ আগমন

প্ৰতিবছৰে মাজুলীৰ ৰাসত বহু হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে। পৰ্যটকৰ কোনোধৰণৰ সমস্যা নহ’বলৈ নিমাতী ঘাট, কমলাবাৰী ঘাট আৰু আফলামুখ ঘাটকে ধৰি সকলো গুৰুত্বপূৰ্ণ প্ৰৱেশ পথত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । যাতে মাজুলীৰ ভিতৰত দৰ্শনাৰ্থীসকলৰ বাবে এক আৰামদায়ক অভিজ্ঞতা লাভ কৰে, যাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় ব্যৱস্থা যেনে- শৌচালয় আৰু অন্যান্য সুবিধা নিশ্চিত কৰিছে । মাজুলীত এই বছৰ প্ৰায় ৬৫ খন সত্ৰই ৰাসৰ বাবে প্ৰস্তুতি চলাই আছে। মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত হ’ব ।

বিশেষকৈ মাজুলীলৈ আহি পৰ্যটকসকলে চাব বিচাৰে মাজুলীৰ মুখা শিল্প। ৰাস মহোৎসৱৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। অসমৰ মুখা শিল্পৰ আছে অনন্য বৈশিষ্ট্য। মুখাশিল্প হৈছে অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ ‘চৰিত পুথি’ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল।

এই মুখা কলাৰ বাবেই মাজুলীৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই সত্ৰত তাহানিৰ দিনৰে পৰা মুখা নিৰ্মাণৰ চৰ্চা প্ৰচলিত হৈ আাহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰাও এই শিল্পৰ প্ৰশিক্ষণৰ বাবে বহু লোক আগবাঢ়ি অহা পৰিলক্ষিত হয়। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱ গোস্বামীদেৱে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। তেওঁ অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। তেওঁৰ এই একক প্ৰচেষ্টাৰ শলাগ ৰূপে তেখেতলৈ ২০০৩ তেখেতলৈ সংগীত নাটক একাডেমি বঁটা আগবঢ়োৱা হয়। তেওঁৰ প্ৰয়াণৰ পিছতো তেওঁৰ উত্তৰসুৰীয়ে এই শিল্প প্ৰতিষ্ঠাৰ হকে কাম কৰি আছে। মাজুলীৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ হেতু ইয়ালৈ আহে।

Latest News