মন্দিৰলৈ গৈছিল ! পিছে হত্যা কৰি কাপোৰেৰে মেৰিয়াই থ’লে যুৱতীৰ মৃতদেহ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

মন্দিৰলৈ গৈছিল ! পিছে হত্যা কৰি কাপোৰেৰে মেৰিয়াই থ’লে যুৱতীৰ মৃতদেহ

কৃষ্ণা মণি ডেকা পিতৃ- মাতৃৰ একমাত্ৰ সন্তান আছিল। সন্তানৰ হত্যাৰ খবৰ পোৱাৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়ালৰলোক। ১৯ বছৰীয়া এগৰাকী যুৱতীৰ লগত কোনে ইমান পাষবিকতা কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন

মন্দিৰলৈ গৈছিল ! পিছে হত্যা কৰি কাপোৰেৰে মেৰিয়াই থলে যুৱতীৰ মৃতদেহ

কৃষ্ণামণি ডেকা

Published: 

30 Jul 2024 15:12 PM

সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি হৈছে অপৰাধমূলক ঘটনা। নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হত্যা ধৰ্ষণ, লুট পাত আদিৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ মাজতে মঙলবাৰে পুৱা আন এক অনাকাংক্ষিত ঘটনা পোহৰলৈ আহে মঙলদৈৰ পৰা। জিলাখনৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰআঠীয়াবাৰী কুয়া পাতা পাৰাত উদ্ধাৰ  হোৱা মৃতদেহটো বৰ আঠিয়াবাৰী গাঁৱৰ ১৯ বছৰীয়া যুৱতী কৃষ্ণা মণি ডেকাৰ বুলি জানিব পৰা গৈছে।

সোমবাৰে মন্দিৰলৈ বুলি ওলাই যোৱা কৃষ্ণাই ঘৰলৈ ঘূৰি অহা নাছিল। তাৰ পাছতে ৩০ জুলাইৰ পুৱা এগৰাকী যুৱতীৰ মৃতদেহ কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয়। পৰৱৰ্তী সময়ত মৃতদেহটো কৃষ্ণা মণি ডেকাৰ বুলি চিনাক্ত হয়। এই ঘটনাই এতিয়া কৃষ্ণাৰ পৰিয়ালৰ মাজত শোকৰ বন্যা বোৱাইছে। কৃষ্ণাৰ মাতৃয়ে প্ৰেমিক চিন্টু নাথে এই হত্যা কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে। মাতৃয়ে কয় যে, সকলো সময়তে কৃষ্ণাক ফোন কৰি থকা চিন্টুয়ে হত্যাকাণ্ডৰ পাছত এবাৰো ফোন কৰি খবৰ লোৱা নাই।

জানিব পৰা মতে মন্দিৰলৈ বুলি ওলাই যোৱা কৃষ্ণা ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰলোকে কেইবাবাৰো ফোন কৰিছিল। কিন্তু বাৰে বাৰে কৃষ্ণাৰ ফোন অফ পাইছিল। কৃষ্ণাৰ বন্ধু- বৰ্গৰ পৰা খবৰলৈও কোনো সম্ভেদ পোৱা নাছিল । তাৰ পাছতে আজি পুৱা  বৰ আঠিয়াবাৰী গাঁৱৰ স্থানীয় ৰাইজে পথৰ দাঁতিত কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা অৱস্থাত এটা টোপোলা দেখা পায়। এই কথাত সন্দেহ প্ৰকাশ কৰি স্থানীয় ৰাইজে মঙলদৈ সদৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ টোপোলাটো খুলি উদ্ধাৰ কৰে কৃষ্ণাৰ মৃতদেহ।

আৰক্ষীয়ে  ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে সন্দেহ কৰিছে যে কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পেলাই থৈ গৈছে কৃষ্ণাৰ মৃতদেহ। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰিছে। কোনে কি কাৰণে হত্যা কৰিলে যুৱতীগৰাকীক সেয়া ৰহস্যৰ আৱৰ্তত। মন্দিৰলৈ যোৱা যুৱতীগৰাকীৰ লগত কোনে ইমান নৃশংস ঘটনা সংঘটিত কৰিলে সেয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততৰ অন্ততহে পোহৰলৈ আহিব কোনে কিয় হত্যা কৰিলে কৃষ্ণাক।

জানিব পৰা মতে কৃষ্ণা মণি ডেকা পিতৃ- মাতৃৰ একমাত্ৰ সন্তান আছিল। সন্তানৰ হত্যাৰ খবৰ পোৱাৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়ালৰলোক। ১৯ বছৰীয়া এগৰাকী যুৱতীৰ লগত কোনে ইমান পাষবিকতা কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। বিশেষকৈ নাৰীজনিত অৱৰাধমূলক ঘটনাসমূহে চিন্তিত কৰিছে বহুতক।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?