আজি পহিলা ব’হাগ, ১৪৩২ ভাস্কৰাব্দৰ প্ৰথম দিন…
Rongali Bihu: আজি পহিলা ব'হাগ। অসমীয়া নৱবৰ্ষ তথা ১৪৩২ ভাস্কৰাব্দৰ প্ৰথম দিন। আজি সমূহ অসমীয়াই পালন কৰিছে মানুহ বিহু। এই দিনটোত আত্মীয়-স্বজনক বিহুৱান দিয়াৰ লগতে জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে।

পহিলা ব'হাগ
আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষ তথা ১৪৩২ ভাস্কৰাব্দৰ প্ৰথম দিন। এই দিনটোতে অসমীয়াই পালন কৰে মানুহ বিহু। নামনি অসমৰ ফালে মানুহ বিহুক ‘বৰ দোমাহী’ বুলি কোৱা হয়। ৰঙালীৰ ৭ বিহুৰ ভিতৰত মানুহ বিহু অন্যতম। এই দিনটোত ইজনে সিজনক হেঁপাহৰ বিহুৱান প্ৰদান কৰাৰ লগতে জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে। ডেকা- গাভৰুসকলে বিহু গাই আনন্দ কৰে । অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি সকলোৱে উলহ-মালহেৰে পালন কৰে হেঁপাহৰ বহাগ বিহু বা ৰঙালী বিহু। ৰঙালী মানে ৰং, আনন্দ, উছাহ।
কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু পালন কৰা হয়। অসমীয়া ৩ বিহুৰ ভিতৰত প্ৰধান ৰঙালী বিহু। বসন্ত ঋতুৰ এই সময়চোৱাত প্ৰকৃতিয়ে বৰণ সলাই, বসন্তৰ আগমনত প্ৰথম বৰষুণ পৰাৰ লগে লগে বসুমতী ঋতুমতী হয়, গছ লতিকাত কুঁহিপাত ওলাই, সকলো ফালে ফুলে- ফলে জাতিষ্কাৰ হৈ পৰে।
পুৰণি দিনত পথাৰত গৈ বিহু মৰাৰ পৰম্পৰা আছিল। জনবিশ্বাস মতে ডেকা- গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতি(পৃ্থিৱী)ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। এই বিহুৰ লগত নৃত্য-গীত, হাঁহি -ধেমালী, অতীজৰে পৰা চলি অহা পৰম্পৰা জড়িত হৈ আছে।
চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা এই বিহু বহাগৰ ৬ তাৰিখলৈ চলে। ৰঙালী বিহুত উদযাপন কৰা ৭ টা বিহু ক্ৰমে- গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই বিহু কেইটাক ৭ বিহু বুলি জনা যায়। অৱশ্যে কেৱল ৭ টা দিনেই বিহু উদযাপন কৰা নহয়, অসমৰ গাঁৱে-ভূঁঞে বহাগৰ মাহটো ধৰি ৰঙালীৰ অনুষ্ঠান আয়োজন কৰা হয়।
ব’হাগ বিহুৰ প্রথম দিনটো অৰ্থাৎ চ’তৰ সংক্রান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। এই দিনটোত পুৱাই গৰু-মহক মাহ-হালধিৰে নদীৰ পাৰলৈ নি শিঙত তেল সানি, ফোট দি গা ধুৱায়। এই সময়চোৱাত গৰুক দীঘলতি পাতেৰে কোবাই “লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা” গোৱা হয়। ইয়াৰোপৰি গৰুৰ গাত ছটিয়াই দিয়া হয় লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি) আদি ।
বিশ্বাস অনুসৰি, এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয়। গৰুক গা ধুওৱাৰ পাছত পথাৰত এৰি দিয়া হয় আৰু অৱশিষ্ট লাও বেঙেনা আনি গোহালি ঘৰত গুজি ৰখা হয়। কিছুমানে গৰুৰ শিঙত দিয়া তেল গাত ঘোহে। ইয়াৰ পাছতে সন্ধিয়া ঘৰত বিভিন্ন শাক-বন জ্বলাই ‘যাগ’ দিয়া হয়। লগতে গৰু বিচনিৰে বিচি ঘৰলৈ অনা হয়। বিশ্বাস অনুসৰি যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰে। ঠাই বিশেষে নিয়ম বেলেগ বেলেগ আছে।
ইয়াৰ পাছদিনা পালন কৰা হয় ‘মানুহ বিহু’। এই দিনটোত ইজনে সিজনক বিহুৱান দিয়াৰ লগতে জ্যেষ্ঠজনে কনিষ্ঠক আশীৰ্বাদ দিয়ে। বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মানধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। বিহুৱানত বিভিন্ন ধৰণৰ কাপোৰ দিয়া হয় যদিও বিহুৱান বুলিলে গামোচাখনক বুজা যায়। অসমীয়াৰ মাজত গামোচাৰ বিশেষ মৰ্যদা আছে।
ইয়াৰ পাছতে আন বিহু সমূহো পালন কৰা হয়। বিহু কেইদিন ডেকা-গাভৰু সকলে ঘৰে ঘৰে গৈ হুচৰি জুৰে। বিহুত সাতশাকী খোৱাৰ নিয়মো আছে। মুঠতে বিভিন্ন ৰীতি-নীতিৰ মাজেৰে অসমীয়াই পালন কৰে হেঁপাহৰ ৰঙালী বিহু।
অন্য খবৰ পঢ়কঃ Rongali bihu: ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ… বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ…