5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam: ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰাৰ দিনাই অগ্নিদগ্ধ হৈ মৃত্যু ২ ভাতৃৰ…

Assam: ডিব্ৰুগড়ত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। একেলগে প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে। জানিব পৰা মতে একেলগে ব্যৱসায় কৰাৰ সপোন দেখিছিল দুয়ো, কিন্তু নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়িলে দুয়োৰে।

Assam: ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰাৰ দিনাই অগ্নিদগ্ধ হৈ মৃত্যু ২ ভাতৃৰ…
দুই ভাতৃ
barasha-sarma
Barasha Sarma | Published: 12 Nov 2024 15:18 PM

জন্ম, মৃত্যু, বিবাহ-  এই তিনি বস্তুৰ ভাগ্য কাৰো হাতত নাথাকে বা ইয়াৰ বিষয়ে কোনোৱে ক’ব নোৱাৰে। মৃত্যু অস্বাভাৱিকভাৱে আৰু কেতিয়াবা হঠাতে আহে। হঠাৎ অহা কিছুমান মৃত্যুৱে থানবান কৰি থৈ যায় সকলো। নিষ্ঠুৰ নিয়তিয়ে মূহুৰ্ততে সলনি কৰি পেলাই সকলো। শেষ হৈ যায় এটা পৰিয়াল, চিৰদিনৰ বাবে আঘাত দি থৈ যায় আত্মীয়ক। এনে ধৰণৰ এক ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ পৰা। দুই ভাতৃয়ে সপোন দেখিছিল একেলগে ব্যৱসায় কৰাৰ। পিছে সপোনে গজালি মেলাৰ সময়তে মৃত্যুক সাৱতি ল’লে দুয়ো।

দুই ভাতৃয়ে সপোন দেখিছিল একেলগে ব্যৱসায় কৰাৰ। বহু আশা বুকুত বান্ধি ব্যৱসায়িক প্ৰতিষ্ঠানখন ঠিকেই খুলিলে। কিন্তু সেই ব্যৱসায়িক প্ৰতিষ্ঠান খনেই কাল হৈ আহিল দুয়োৰে জীৱনলৈ। ব্যৱসায়িক প্ৰতিষ্ঠানখন মুকলি কৰাৰ দিনাই কাল অমানিশা নামি আহিল দুই ভাতৃৰ জীৱনলৈ।

এই ঘটনা সংঘটিত হৈছে  ডিব্ৰুগড়ৰ লেজাইত।  ঘটনাৰ বিৱৰণী অনুসৰি পাপু দাস আৰু ভায়েক গোপী দাস নামৰ দুই যুৱকে বাৰ্বী ষ্টোৰ নামেৰে এখন কাপোৰৰ দোকান মুকলি কৰিছিল। কিন্তু কাপোৰৰ দোকনখন মুকলি কৰাৰ দিনাই ব্যৱসায়িক প্ৰতিষ্ঠানখনত ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হয়, য’ত দুয়ো গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দেৱালীৰ নিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত দুই ভাতৃ দোকানৰ ভিতৰতে আছিল, যাৰ বাবে তেওঁলোক অগ্নিদগ্ধ হয়। পৰৱৰ্তী সময়ত দুয়োকে গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়। যোৱা কেইটামান দিন ধৰি দুই ভাতৃ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও দেওবাৰে ককায়েক পাপু দাস আৰু সোমবাৰে গোপী দাসে মৃত্যুক সাৱতি লয়। এই ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ সৃষ্টি কৰিছে।

দুই ভাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে। ছ’চিয়েল মিডিয়াত তেওঁ লিখে যে- “খোৱাং সমষ্টিৰ অন্তৰ্গত লেজাই দেৱানবাৰী কৈৱৰ্ত গাঁও নিবাসী গোপী দাসেও অকালতে আমাক এৰি চিৰদিনলৈ গুচি গ’ল৷ অসম জাতীয় পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল ভাতৃপ্ৰতিম গোপী দাস৷ এগৰাকী নিকট শুভাকাংক্ষীক হেৰুৱাই আমি বাৰুকৈয়ে ব্যথিত হৈছোঁ৷ এই গধুৰ বেদনা সহিবলৈ পৰিয়ালটোক ঈশ্বৰে শক্তি দিয়ক৷ ভাই গোপী, য’তে আছা কুশলে থাকা! শান্তিত থাকা!!”

আন এটা পোষ্টত তেওঁ লিখিছে-” খোৱাং সমষ্টিৰ অন্তৰ্গত লেজাই দেৱানবাৰী কৈৱৰ্ত গাঁৱৰ সৰবৰহী যুৱক, ব্যৱসায়ী তথা শৰীৰচৰ্চাবিদ পাপু দাসৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ৷ ভাতৃপ্ৰতিম পাপু দাস আমাৰ শুভাকাংক্ষী আছিল৷ অজাপৰ প্ৰতিও তেওঁৰ আছিল অফুৰন্ত শুভকামনা৷ পাপুৰ বিয়োগ বৃহত্তৰ অঞ্চলটোৰ বাবে অপূৰণীয় ক্ষতি৷ আমি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ্থে প্ৰাৰ্থনা জনাইছোঁ৷ লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷”

Latest News