২০২০ চনৰ পৰা ২০২৫ লৈ ৰাজ্যত সংঘটিত হৈছে ৫,৪৪৮ টা হত্যাকাণ্ডঃ মুখ্যমন্ত্ৰী
ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে সদনত এক বিশেষ তথ্য দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২০ চনৰ পৰা ২০২৫ চনলৈ অসমত সংঘটিত অপৰাধজনিত ঘটনাৰ সবিশেষ দাঙি ধৰে শৰ্মাই।

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুন্ঠণ, ধৰ্ষণ আদি ঘটনাই নিদ্ৰা কাঢ়িছে সাধাৰণ জনতাৰ। ইয়াৰ মাজতে ৩ মাৰ্চত সদনত এক গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক লিখিত প্ৰশ্নত উত্তৰ প্ৰদান কৰি শৰ্মাই ২০২০ চনৰ পৰা ২০২৫ চনলৈ অসমত সংঘটিত হোৱা অপৰাধজনিত ঘটনাৰ বিৱৰণ দাঙি ধৰে। এই বিৱৰণত শৰ্মাই নাৰীজনিত অপৰাধ, ডাইনীৰ সন্দেহত হত্যাকাণ্ড, চুৰি কাণ্ড, ডকাইতি, অপহৰণ কাণ্ড আদিৰ ঘটনাও অন্তৰ্ভুক্ত কৰে।
শৰ্মাই সদনত দাখিল কৰা অনুসৰি, ২০২০ চনৰ পৰা ২৩ ফেব্ৰুৱাৰী ২০২৫ চনলৈ ৰাজ্যত সংঘটিত হৈছে ৫,৪৪৮ টা হত্যাকাণ্ড। ইয়াৰে ৩২১ টা হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। ইয়াৰ বিপৰীতে এই সময়চোৱাত সমগ্ৰ ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৬,৬৩২ টা, লগতে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৬১,০৮১ টা,ডকাইতিৰ ঘটনা ৬২৮ টা, অপহৰণ কাণ্ডৰ ঘটনা ২৬,৪০৪ টা, লুণ্ঠনৰ ঘটনা ৬,০০৬ টা আৰু ডাইনীৰ সন্দেহত হত্যাৰ ঘটনা ৫৩ টা সংঘটিত হৈছে।
উল্লেখ্য যে, ৰাজ্যত সংঘটিত হৈ অহা অপৰাধজনিত ঘটনাসমূহ ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এতিয়ালৈকে ই ৰোধ হোৱা নাই। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ঘটনাৰ খবৰ পোহৰলৈ আহে। এইসমূহ তথ্যই অসমৰ স্মাৰ্ট আৰক্ষীৰ প্ৰকৃত ৰূপটো যেন উদঙাই তোলে।
বিশেষকৈ গুৱাহাটী মহানগৰী অপৰাধীৰ হাবলৈ পৰিণত হৈছে। বিভিন্ন সময়ত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কিছুমান ভয়ংকৰ ঘটনা সংঘটিত হয়, কিন্তু এই ঘটনাৰ পাছতো অপৰাধীক ৰুধিবলৈ সক্ষম হোৱা নাই আৰক্ষী। একাংশৰ মতে, অসম আৰক্ষীয়ে কেৱল এনকাউন্টাৰৰ দ্বাৰাই নিজৰ দায়িত্ব সামৰিব চেষ্টা কৰে। ইয়াৰোপৰি নিৰাপত্তৰ দিশটো কটকটীয়া নোহোৱাৰ বাবে একাংশই অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
যোৱা কেইটামান বছৰত কেইবাটাও অপৰাধজনিত ঘটনাই জোকাৰি যায় অসমক। ২০২০ চনৰ পৰা ২০২৫ লৈ সংঘটিত ভয়ংকৰ তথা ৰাজ্য জোকাৰি যোৱা কেইটামান ঘটনাৰ ভিতৰত আছে গুৱাহাটীৰ বন্দনা কাণ্ড, যিয়ে স্বামী আৰু শাহুৱেকক হত্যা কৰি চুটকেচত ভৰাই বিভিন্ন স্থানত পেলাই দিছিল। ইয়াৰোপৰি ধিঙৰ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছিল ৰাজ্য, এই ঘটনাৰ লগত জড়িত অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ লগতে আন এজন অভিযুক্ত এতিয়াও আৰক্ষীৰ কাৰাগাৰত আছে। ইয়াৰোপৰি নগাঁৱত প্ৰেমৰ বাবে ৪ জনক হত্যা, দৰঙৰ বিদ্যালয়ত সহপাঠীক হত্যা আদি ঘটনাই জোকাৰি গৈছিল ৰাজ্য।