২০২৪’ৰ অসমৰ ৰাজনীতিৰ কেইটামান ডাঙৰ পৰিবৰ্তন,আহক চাওঁ উত্থান-পতনৰ পৃষ্ঠাসমূহ…

২০২৪ বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ ১ টা দিন বাকী। শেষ হ'বলৈ লোৱা বৰ্ষটোত অসমৰ ৰাজনীতিত কেইবাটাও ডাঙৰ পৰিবৰ্তন ঘটে। আহত এবাৰ ঘূৰি চাওঁ অসমৰ ৰাজনীতিৰ কেইটামান বিশেষ পৃষ্ঠালৈ।

২০২৪ৰ অসমৰ ৰাজনীতিৰ কেইটামান ডাঙৰ পৰিবৰ্তন,আহক চাওঁ উত্থান-পতনৰ পৃষ্ঠাসমূহ...

২০২৪ চনৰ অসমৰ ৰাজনীতি

Updated On: 

30 Dec 2024 16:36 PM

অসমৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ বছৰ হিচাপে পৰিগণিত হৈছে ২০২৪ বৰ্ষ। এই বছৰটোতেই কংগ্ৰেছ, বিজেপিকে ধৰি বহু কেইটা ৰাজনীতি দলে উত্থান-পতনৰ সন্মুখী হয়। অসমৰ উপ- নিৰ্বাচনত ৰকিবুল হুচেইনৰ দুৰ্গ খহি পৰাৰ পৰা যোৰহাট লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ জয়লৈ, অসমৰ ৰাজনীতিৰ পৃষ্ঠাখনত কেইবাটাও ঘটনা পৰিঘটনাই স্থান দখল কৰিবলৈ সক্ষম হৈছে। বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী। আহকচোন এই সময়চোৱাত এবাৰ ঘূৰি চাওঁ ২০২৪ চনৰ ৰাজনীতিলৈ। ২০২৪ চনৰ অসমৰ ৰাজনীতিত হোৱা পৰিবৰ্তনৰ কেইটামান বিশেষ ঘটনা তলত উল্লেখ কৰা হ’ল-

১) বিজেপিৰ বিসম্বাদঃ

চলিত বৰ্ষতেই বিজেপিৰ মাজত চলি থকা বিসম্বাদ পোহৰলৈ আহে। বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই দলটোৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰাৰ লগতে অশোক শৰ্মাৰ দৰে প্ৰাক্তন বিধায়ক তথা নেতাই কংগ্ৰেছত যোগদান কৰে। ইয়াৰোপৰি ৰাজেন গোঁহাই আদিৰ দৰে নেতাইও বাৰে বাৰে বিজেপিৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি আহিছে।  কেৱল ইমানেই নহয়, ৰাজেন গোঁহাইয়ে অসম জন সংঘ নামেৰে এটা দল গঠন কৰাৰো চিন্তা চৰ্চা চলাই আছে। কিন্তু ইমানৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই বিসম্বাদ নোহোৱা কৰাৰ চেষ্টা কৰি আহিছে।

২)ভাৰত জোড়ো যাত্ৰাঃ

চলিত বৰ্ষৰ ১৭ জুনত অসমত উপস্থিত হৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰে। উজনি অসমৰ কেইবাখনো সভাত কংগ্ৰেছ সাংসদগৰাকীয়ে অংশ গ্ৰহণ কৰে যদিও গুৱাহাটীৰ ভিতৰত তেওঁ প্ৰৱেশ কৰিব নোৱাৰিলে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমৰ ৰাজনীতিত ডাঙৰ প্ৰভাৱ পেলাইছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাহুল গান্ধীক গুৱাহাটীত প্ৰৱেশ কৰাত বাধা দিছিল অসম আৰক্ষীয়ে। কিন্তু তাৰ পাছতো গান্ধীয়ে খানাপাৰাত প্ৰতিবাদী ৰাইজৰ আগত ভাষণ দিছিল । আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়ি গৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি বিভিন্ন কেইজন নেতা কৰ্মী।যাৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ ফলত কংগ্ৰেছ নেতা-কৰ্মীৰ লগতে বহু আৰক্ষী জোৱানো আঘাতপ্ৰাপ্ত হৈছিল। এই প্ৰতিবাদৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা- কৰ্মী আটক হৈছিল।

৩)লোকসভা নিৰ্বাচন

চলিত বৰ্ষৰ ১৯ এপ্ৰিলৰ পৰা ৭ টা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। এই নিৰ্বাচনৰ অন্তত এন ডি এ (NDA) চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় যদিও অসমৰ ৰাজনীতিত ইয়াৰ কিছু অন্য প্ৰভাৱ দেখিবলৈ পোৱা যায়। এই নিৰ্বাচনতে যোৰহাট সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি ১,৪৪,৩৯৩ টা ভোটত জয়লাভ কৰে গৌৰৱ গগৈয়ে। মন কৰিবলগীয়া যে, গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ বিজেপিয়ে সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল।

ইয়াৰোপৰি এই নিৰ্বাচনৰ পাছতেই কংগ্ৰেছ নেতা ৰকিবুল হুচেইন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। এই নিৰ্বাচনত ৰকিবুল হুচেইনে ভংগ কৰিছিল সকলো অভিলেখ। প্ৰায় ১০ লাখ ভোটত জয়লাভ কৰিছিল ৰকিবুল হুচেইনে।

৪) অসম সন্মিলিত মৰ্চা ভংগঃ

চলিত বৰ্ষৰ বিধানসভা উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিজেপি ৰুধিবলৈ গঠন কৰা অসম সন্মিলিত মৰ্চা ভংগ হয়। এই মৰ্চাত কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি কেইবাটাও ৰাজনৈতিক দল আছিল আৰু প্ৰতিটো দলে বিধানসভা উপ-নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল। কিন্তু নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ প্ৰায় ১ দিন আগত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰি নিৰ্বাচনত অংশ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত বাকী বিৰোধী দলসমূহেও প্ৰাৰ্থী আগবঢ়ায়। কিন্তু এই নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰে।  নিৰ্বাচনৰ পাছত পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ পোষকতা দলসমূহে কৰিছে যদিও এতিয়ালৈকে কংগ্ৰেছৰ তৰফৰ পৰা কোনো মন্তব্য প্ৰকাশ কৰা নাই।

৫) অসমৰ উপ-নিৰ্বাচনঃ

২০২৪ চনৰ ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হয় বিধানসভাৰ উপ- নিৰ্বাচন। অসমৰ ৫ টা সমষ্টি ধলাই, চামগুৰি, বিহালী, ছিদলী আৰু বঙাইগাঁও সমষ্টিৰ পৰা হোৱা এই নিৰ্বাচনত প্ৰায় ৩৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই নিৰ্বাচনতে খহি পৰিছিল ৰকিবুল হুচেইনৰ দুৰ্গ। ২০০১ চনৰ পৰা এই সমষ্টিটোত ৰকিবুল হুচেইনৰ হাতত আছিল যদিও ২০২৪ চনৰ বিধানসভাৰ উপ- নিৰ্বাচনত এই সমষ্টিটো বিজেপিৰ হাতলৈ যায়।  প্ৰায় ২৬,০০০ ভোটত ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনক পৰাস্ত কৰি দিপ্লু ৰঞ্জন শৰ্মা চামগুৰিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

৬) শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ

চলিত বৰ্ষৰ ১২ ছেপ্টেম্বৰত আছুৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰে শংকৰজ্যোতি বৰুৱাই। এইগৰাকী আছুৰ প্ৰাক্তন সম্পাদকৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি যুৱতীগৰাকী আছিল শংকৰজ্যোতিৰ প্ৰাক্তন প্ৰেমিকা। এগৰাকী অন্য যুৱতীৰ বাবে তেওঁ সেই যুৱতীগৰাকীক বিশ্বাসঘাটকতা কৰিছিল যাৰ বাবে তেওঁ আত্মহত্যাৰ চেষ্টা কৰি পৰ্যন্ত কৰিছিল। কেইবাদিন ধৰি হাস্পাতালত ভৰ্তি হৈ আছিল ভুক্তভোগী যুৱতীগৰাকী। আনকি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰো কৰিছিল  শংকৰজ্যোতিয়ে। তাৰ পাছতে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

৭) গো মাংস নিষিদ্ধঃ

চলিত বৰ্ষৰ ৪ ডিচেম্বৰত ৰাজ্যিক কেবিনেটে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি অসমৰ হোটেল, ৰেষ্টুৰেন্টত আজিৰ পৰা নচলিব গো মাংস। ৰাজহুৱা স্থানতো নিষিদ্ধ গো মাংস। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, যোৱা কেইটামান দিনৰ পৰা কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দলৰ নেতা ৰবিকুল হুচেইনে গো মাংসকলৈ অস্বস্তি প্ৰকাশ কৰিছে। যাৰ বাবে বিষয়টো আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে গো মাংস কেন্দ্ৰিক বিতৰ্কৰ বাবে ৰাজ্যত উত্তাল হৈ পৰিছিল ৰাজনীতি। চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ৰকিবুল হুচেইনক জগৰীয়া কৰি বহুতে বহু স্থানত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল।

৮) ৰাজ্যপাল হিচাপে ৰমেন ডেকাঃ

৩১ জুলাইত ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি অসম সন্তান ৰমেন ডেকাই।ৰমেন ডেকা অসম বিজেপিৰ পুৰণি কৰ্মকৰ্তা আৰু অসমত বিজেপিৰ সাংগাঠনিক খুঁটি পোতা নেতাসকলৰ ভিতৰত অন্যতম। বিজেপি দলৰ নীতি- আদৰ্শ গাঁৱৰ চুকে কোনে বিলাই দলৰ ভাল-বেয়া সকলো সময়তে সক্ৰিয়া অংশ গ্ৰহণ কৰা নেতা ৰমেন ডেকা। সম্ভৱত ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা ডেকা অষ্টমগৰাকী অসমীয়া। এয়া অসমৰ ৰাজনীতিৰ বাবে ভাল খবৰ হোৱাৰ লগতে অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।

৯)মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হয়। এই সময়চোৱাত কেইবাগৰাকী মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন হোৱাৰ লগতে ৪ গৰাকীয়ে লাভ কৰে মন্ত্ৰিত্ব।  প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, ৰূপেশ গোৱালাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ লগতে  পিয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদিৰ পৰা কেইবাটা বিভাগ কৰ্তন হয়।

 

১০) ৰাজ্যিক মন্ত্ৰীৰূপে পবিত্ৰ মাৰ্ঘেৰিটা

চলিত বৰ্ষৰ জুন মাহত অসমৰ ৰাজনীতিৰ বাবে আন এক ভাল খবৰ আহে। পবিত্ৰ মাৰ্ঘেৰিটাই মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। বৰ্তমান তেওঁ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।  সৰ্বানন্দ সোণোৱালৰ পাছত অসমৰ দ্বিতীয়গৰাকী মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?