শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি! কোনে লাভ কৰিব কমলপুৰ সমষ্টিৰ টিকট?

২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। এনে পৰিস্থিতিত প্ৰশ্ন হৈছে কোনে পাব কোন সমষ্টিৰ টিকট। চৰ্চা হৈছে কমলপুৰ সমষ্টি সন্দৰ্ভতো।

বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি! কোনে লাভ কৰিব কমলপুৰ সমষ্টিৰ টিকট?
দিগন্ত কলিতাImage Credit source: Facebook (Diganta kalita
barasha-sarma
Barasha Sarma | Updated On: 31 Mar 2025 16:40 PM

মাজত মাত্ৰ কেইটামান মাহ। ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনত লৈ টঙালী বান্ধিছে প্ৰতিটো দল সংগঠনে। শাসকীয় বিজেপিত ২৬’ত ওফৰাই পেলোৱাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে বিৰোধিয়ে। ইয়াৰ বিপৰীতে বিজেপি দলেও মিত্ৰজোঁটক সন্তুষ্ট কৰি এই নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিব।  নিৰ্বাচন বুলি ক’লেই প্ৰথমে আহে টিকটৰ কথা। কোন দলে কাক টিকট দিব, কাৰ টিকট কটা যাব আদিক লৈ চলে সৰৱ চৰ্চা।

এই ক্ষেত্ৰত বিৰোধী, শাসকীয় কোনো ব্যতিক্ৰম নহয়। কিয়নো সকলোকে সন্তুষ্ট কৰি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিলেহে সুফল পোৱা যায়। ইয়াৰ প্ৰমাণ যোৱা কেইটামান দিনত অসমত হোৱা নিৰ্বাচনত বিৰোধী দলে লাভ কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত বিৰোধী দলৰ স্থিতি কি হয় সেয়া সময়ে ক’ব।

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সমষ্টি লৈ চলিছে সৰৱ চৰ্চা। ইতিমধ্যে নেতা-মন্ত্ৰীসকলে পাকে প্ৰকাৰে আৰম্ভ কৰি দিছে। এই সকলো চৰ্চাৰ মাজত আন এটা বিষয়ে ৰাজনৈতিক মজিয়াখনত পাকঘূৰণি খাই আছে। কমলপুৰৰ টিকট কোনে পাব? বৰ্তমান মিত্ৰজোঁটৰ হাতত থকা সমষ্টিটোত টিকট শাসকীয় পক্ষই বিজেপিক দিব নে অগপৰ হাতত এৰি দিব তাক লৈ বিভিন্ন পৰ্যায়ত চৰ্চা অব্যাহত আছে। ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই।

কলিতাই কয় , ২০২৬ ত কমলপুৰৰ টিকট কাক দিব সেই সিদ্ধান্ত দলৰ। এই সন্দৰ্ভত দুই দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিব। ২০২৬ চনলৈ কমলপুৰ সমষ্টিৰ দায়িত্ব মোক দিছে, গতিকে এতিয়া মই কমলপুৰৰ উন্নয়নত ব্যস্ত।

তেওঁ কয় যে, মই দুখীয়া মানুহৰ বাবে লাগি আছো।  তেওঁলোকে যাতে আঁচনি পায়। বাকী টিকটৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী, সভাপতিসকলে ল’ব। মই মোৰ টিকটৰ কথা নকও। যদি ৰাইজে মোক বিচাৰে সেয়া মোৰ সৌভাগ্যৰ কথা। মুখ্যমন্ত্ৰীয়ে মোক গুৰু দায়িত্ব দিছে। সেয়া মই ভালদৰে পালন কৰিব চেষ্টা কৰিছো। মই এই সমষ্টিৰ বিপদৰ সময়ত সদায় থাকিম। ২০২৬ চনৰ শেষ দিনটোলৈকে মই কাম কৰিব যাম।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সত্যব্ৰত কলিতাই মন্তব্য কৰিছিল যে কমলপুৰ সমষ্টি অসম গণ পৰিষদক লাগিব ।তাৰ পাছতে কলিতাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ কৰা প্ৰয়োজন যে, পূৱ হাজো হাজো সমষ্টি তথা বৰ্তমানৰ কমলপুৰ সমষ্টিৰ কেইবাটাও পথ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কলিতাই। গতিকে সময়তহে জানিব পৰা য়াব কাৰ হাতলৈ যায় কমলপুৰ সমষ্টি।