পহলগাম আক্ৰমণৰ পাছত ৰাজ্যত “পাকিস্তানৰ পক্ষ লোৱা” অপৰাধত ২২ জনক গ্ৰেপ্তাৰ : মুখ্যমন্ত্ৰী
সামাজিক মাধ্যমত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা অপৰাধত ৰাজ্য়খনত আটক কৰা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে । সোমবাৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে এই কথা।

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পহমগামৰ আক্ৰমণৰ পাছতে ভাৰত বিৰোধী মন্তব্যই ভৰি পৰিছে অসমৰ সামাজিক মাধ্যম ! সামাজিক মাধ্য়মত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক আলোকপাত কৰি ভাৰত বিৰোধী মন্তব্য তথা এক প্ৰকাৰে পাকিস্তান সমৰ্থিত মন্তব্য প্ৰকাশ কৰাৰ বাবে ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰলৈকে বহু লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । শেহতীয়া খবৰ অনুসৰি, সামাজিক মাধ্যমত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা অপৰাধত ৰাজ্য়খনত আটক কৰা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে ।
সোমবাৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে যে, পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে “ভাৰতৰ মাটিত বাস কৰি পাকিস্তান তথা সন্ত্ৰাসবাদৰ পক্ষ লোৱা” অপৰাধত অসমত এতিয়ালৈকে কমেও ২২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, “এতিয়ালৈকে ২২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।”
#Update on Crackdown against traitors for defending Pakistan on Indian soil- 12.00hrs | 28.04
1️⃣Normal Hoque arrested by @Goalpara_Police
2️⃣Seikh Saroj arrested by @TamulpurPolice
3️⃣Firajul Islam arrested by @Dhubri_Police22 traitors arrested till now#PahalgamTerroristAttack
— Himanta Biswa Sarma (@himantabiswa) April 28, 2025
উল্লেখ্য যে, প্ৰকাশিত খবৰ অনুসৰি, সামাজিক মাধ্যমত ভাৰত বিৰোধী মন্তব্য় প্ৰকাশ কৰাৰ অপৰাধত আটক কৰা অভিযুক্তৰ সংখ্যা দেওবাৰে নিশালৈকে ১৯ জন আছিল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে বিৰোধী এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । তেওঁৰ বিৰুদ্ধে ইতিমধ্য়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে ।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে, প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ বিধান জাপি দিয়া হ’ব। ভাৰত আৰু পাকিস্তানৰ মাজত কোনো সাদৃশ্য নাই, দুয়োখন দেশ শত্ৰু ৰাষ্ট্ৰ আৰু আমি তেনেকৈয়ে থাকিব লাগিব বুলি অলপতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।
যোৱা ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামৰ পৰ্যটনস্থলী বৈছাৰণত সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত প্ৰায় ২৬ জন লোক নিহত হয় । নিহত সকলৰ ভিতৰত বেছি সংখ্যক লোক আছিল পৰ্যটক ।