শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগৰ অৱস্থিতি । জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত এই লোকসকলৰ ভিতৰে ৩২ জন ৰোগীৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা হৈছে ।

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 26 Aug 2024 15:08 PM

অসমৰ ৰাইজৰ বাবে অতি উদ্বেগজনক খবৰ ! চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগৰ অৱস্থিতি । জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত এই লোকসকলৰ ভিতৰে ৩২ জন ৰোগীৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা হৈছে ।

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য অনুসৰি, সমগ্ৰ ৰাজ্যতে জুন আৰু জুলাই মাহত মুঠ ৪২৪ জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে। ইযাৰে জুন মাহত ৪৮ গৰাকী এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে জুলাই মাহত ৩৭৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে । জুন মাহত এই ৰোগত আক্ৰান্ত এজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে জুলাই মাহত ২৮ জন লোকে প্ৰাণ হেৰুৱাইছিল।

ইয়াৰ সমান্তৰালভাৱে জুন মাহত ১৬৬ জন আৰু জুলাই মাহত ১৮৭ জন লোকৰ দেহত ধৰা পৰিছিল মেলেৰিয়া । উল্লেখ কৰিব লাগিব যে, মেলেৰিয়াত আক্ৰান্ত হৈ জুন মাহত তিনিজন ৰোগীৰ মৃত্যু হয় । ইয়াৰ বিপৰীতে জুন মাহত ৰাজ্যৰ ৮০ জন লোকৰ দেহত ডেংগু ধৰা পৰাৰ বিপৰীতে জুলাই মাহত ২১৪ জন লোকৰ দেহত ডেংগু ধৰা পৰে। ডেংগুৰ বাবে এতিয়ালৈকে ৰাজ্যৰ এজনো লোকৰ মৃত্যু হোৱা নাই ।

উল্লেখ্য যে, এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এই ৰোগসমূহৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পলুনাশক স্প্ৰে কৰা, মহ প্ৰজনন হ্ৰাস কৰিবলৈ নলাত পলুভোজী মাছ এৰি দিয়াৰ ব্যৱস্থা কৰিছে । ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

Latest News