গুৱাহাটীত চাঞ্চল্য! গীতানগৰৰ ভাৰাঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ…

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটীত চাঞ্চল্য! গীতানগৰৰ ভাৰাঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ...

গুৱাহাটী

Published: 

19 Jan 2025 13:36 PM

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, অপহৰণ আদিৰ দৰে ঘটনাই মানুহৰ মাজত এক শংকাৰ সৃষ্টি কৰিছে। যোৱা কেইটামান দিনত প্ৰায় ধাৰাবাহিকভাৱে গুৱাহাটীত হত্যাকাণ্ড সংঘটিত হৈছে। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। শনিবাৰে সন্ধিয়া গুৱাহাটীত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।

জানিব পৰা মতে, গীতানগৰৰ মনালিছা পথৰ হাউচ নং ৫-ত এগৰাকী যুৱতীয়ে চৰম পন্থা গ্ৰহণ কৰে। কালি সন্ধিয়া ভাৰাঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো লখিমপুৰৰ ৩২ বছৰীয়া এগৰাকী যুৱতীৰ বুলি জানিব পৰা গৈছে। ভাৰাঘৰৰ কোঠাত ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি এই কাণ্ড সংঘটিত কৰে যুৱতীগৰাকীয়ে।

এই ঘটনাৰ পাছতেই স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। যুৱতীগৰাকীয়ে কিয় এই কাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত জানিব পৰা যাব কি কাৰণে যুৱতীগৰাকীয়ে চৰম পন্থা বাছি ল’লে।

উল্লেখ্য, যোৱা কেইটামান দিনত গুৱাহাটী মহানগৰীৰ পৰা কেইবাগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। কিছুদিন পূৰ্বে চানমাৰিৰ ওচৰৰ এটা ভাৰাঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। যুৱতীগৰাকীয়ে বাছি লৈছিল চৰমপন্থা। পৰৱৰ্তী সময়ত আৰক্ষীয়ে সন্দেহ কৰিছিল যে যুৱতীগৰাকীয়ে প্ৰেমজনিত কাৰণত এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই ঘটনাৰ এটা চিচিটিভি ফুটেজো পোহৰলৈ আহিছিল য’ত যুৱতীগৰাকীয়ে এজন যুৱকৰ সৈতে কাজিয়াত লিপ্ত হোৱা দেখা গৈছিল। জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীতে আছিল আৰু তেওঁৰ দুজনকৈ প্ৰেমিক আছিল। গতিকে এনেবোৰ কাৰণতে মানসিক অশান্তিত ভুগি যুৱতীগৰাকীয়ে চৰম পন্থা বাছি লৈছিল।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া