ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সফলতা! বক্সিঙত সোণৰ পদক জয় লাভলীনা, অংকুশিতাৰ
38th National Games: উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত অসমলৈ আহিল বিশেষ খবৰটো। দুগৰাকীকৈ অসমীয়া মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক। লগতে আন দুজন পুৰুষ বক্সাৰে আঁজুৰিলে ৰূপৰ পদক। দীৰ্ঘবিৰতিৰ অন্তত এয়া অসমৰ বাবে চমকপদ সাফল্য। যাৰ বাবে উৎফুল্লিত হৈ পৰিছে অসমীয়া।
![ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সফলতা! বক্সিঙত সোণৰ পদক জয় লাভলীনা, অংকুশিতাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সফলতা! বক্সিঙত সোণৰ পদক জয় লাভলীনা, অংকুশিতাৰ](https://images.assamtv9.com/uploads/2025/02/38th-National-Games-assam-Lovlina-Borgohain-Ankushita-Boro-wins-Gold-1.jpg?q=50&w=1280)
বক্সিঙত সোণ পদক জয় লাভলীনা, অংকুশিতাৰ
ক্ৰীড়াজগতৰ পৰা অসমলৈ সুখৰ খবৰ। উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত অসমলৈ আহিল বিশেষ খবৰটো। দুগৰাকীকৈ অসমীয়া মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক। লগতে আন দুজন পুৰুষ বক্সাৰে আঁজুৰিলে ৰূপৰ পদক। দীৰ্ঘবিৰতিৰ অন্তত এয়া অসমৰ বাবে চমকপদ সাফল্য। যাৰ বাবে উৎফুল্লিত হৈ পৰিছে অসমীয়া।
ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ দুটাকৈ সোণৰ পদক অর্জন অসমৰ কন্যাৰ। দুবাৰৰ অলিম্পিয়ান তথা টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত লাভলীনা বৰগোঁহায়ে লাভ কৰিলে সোণৰ পদক। আনটো সোণৰ পদক আঁজুৰিলে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে। ইয়াৰ উপৰিও অলিম্পিয়ান শিৱ থাপা, নৱাগত অভিনৱ শইকীয়াই আজি লাভ কৰে ৰূপৰ পদক।
হিমাচলৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছে খেলৰত্ন লাভলীনাই। ছেমি ফাইনেলত নাগালেণ্ডৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰিছিল লাভলীনা বৰগোঁহায়ে। মহিলাৰ মিডলৱেট (৭৫ কেজি) শাখাত প্ৰতিদ্বন্দ্বিতা কৰা লভলিনাই হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি নিজৰ অপৰিসীম অভিজ্ঞতা আৰু দক্ষতা প্ৰদৰ্শন কৰে।আনহাতে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে । ৬৬ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰিছিল অংকুশিতাই।
ছেমি ফাইনেলত নাগালেণ্ডৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি ক্ৰমাগতভাৱে তিনিখন ৰাষ্ট্ৰীয় ক্ৰীড়াত ফাইনেলত প্ৰৱেশ কৰি ৰেকৰ্ড গঢ়িছিল অংকুশিতাই । ইয়াৰ পূৰ্বে গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অংকুশিতাই লাভ কৰিছিল সোণৰ পদক। আজি পুনৰ সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত একেৰাহে তিনিবাৰ সোণৰ পদক অৰ্জন কৰি হেট্ৰিক অৰ্জন কৰিলে অংকুশিতা বড়োৱে।
ইফালে আজি বক্সিঙৰ ৬৩.৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱতীৰ্ণ হৈ ছাৰ্ভিছেজৰ বক্সাৰৰ হাতত পৰাস্ত হয় অৰ্জুন শিৱ থাপাই। ফাইনেলখনত ছাৰ্ভিছেজৰ প্ৰতিদ্বন্দ্বিৰ হাতত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে অভিনৱ শইকীয়াই । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ক্ৰীড়া চেম্পিয়নশ্বিপত মিক্সড টিম আৰ্চাৰী ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি টুটুমনি বড়োৱে উল্লেখযোগ্য স্থান দখল কৰাৰ লগতে অসমৰ পদকৰ সংখ্যা আৰু অধিক উন্নীত কৰিছিল।
২৬ জানুৱাৰীৰ পৰা ট্ৰাইএথলনৰ জৰিয়তে আৰম্ভ হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় গেমছত ৩২খন খেলৰ মাজত তীব্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। য’ত ২৮খন ৰাজ্য, আঠখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু চাৰ্ভিচেছ স্প’ৰ্টছ কণ্ট্ৰ’ল ব’ৰ্ডৰ (SSCB) খেলুৱৈসকলে শীৰ্ষ সন্মান লাভৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।
লগতে পঢ়ক: কোচিং চেণ্টাৰত নামভৰ্তি কৰা শিক্ষাৰ্থীয়েও পাব স্কুটি: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা