শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৪.৬ প্ৰাৱল্যৰ মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে ভূটান, ইয়াৰ অভিকেন্দ্ৰ ক’ত ? জানক…

দেওবাৰে মৃদু ভূমিকম্পই জোকাৰি গ'ল অসমৰ কেইবাখনো ৰাজ্যৰ লগতে চুবুৰীয়া ভূটান । দেওবাৰে পুৱা ৭:৪৭ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৬ ।

৪.৬ প্ৰাৱল্যৰ মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে ভূটান, ইয়াৰ অভিকেন্দ্ৰ ক’ত ? জানক…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 13 Oct 2024 10:50 AM

১৩ অক্টোবৰ দেওবাৰে মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ কেইবাখনো ৰাজ্যৰ লগতে চুবুৰীয়া ভূটান । দেওবাৰে পুৱা ৭:৪৭ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৬ ।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি অসমৰ উদালগুৰিৰ সমীপত ঢেকিয়াজুলিৰ পৰা ১৩ কি. মি নিলগত ১৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ । এই ভূমিকম্পৰ স্থানাংক আছিল ২৬.৭৩° উত্তৰ অক্ষাংশ আৰু ৯২.৩১° পূব দ্ৰাঘিমাংশ।

প্ৰাপ্ত খবৰ অনুসৰি,ঢেকীয়াজুলি, টাৱাং, বৰপেটা, গোৱালপাৰা, উত্তৰ লখিমপুৰ, ইটানগৰ, যোৰহাট, তেজপুৰ, গোলাঘাট, গুৱাহাটী, নগাঁও, ডিমাপুৰকে ধৰি কেইবাটাও অঞ্চলত এই এই ভূমিকম্প অনুভূত হয়।

উল্লেখ্য যে, বৰ্তমান সময়লৈকে এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়ক্ষতি খবৰ লাভ কৰা নাই । পশ্চিম অৰুণাচল প্ৰদেশৰ লগতে পূব ভূটানৰ কিছু অঞ্চলতো এই ভূমিকম্পৰ অনুভূত হয় বুলি জানিব পৰা গৈছে ।

ভাৰতৰ উত্তৰ পূব অঞ্চলটো ভূমিকম্প প্ৰৱল অঞ্চল । সেয়েহে এই অঞ্চলটোত  সঘনাই ভূমিকম্প অনুভূত হৈ থাকে ।