5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নগাঁওঃ বিয়াৰ প্ৰায় ৫দিন পূৰ্বে পিতৃ-মাতৃ, ভগ্নীসহ ৪জনক হত্যা! আঁৰত আছে এই কাৰণ

Nagaon case: নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। জ্যেষ্ঠ কন্যাৰ বিয়াৰ কেইদিনমান পূৰ্বে দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে পৰিয়ালৰ ৩ জন সদস্যৰ লগতে আন এজনক।

নগাঁওঃ বিয়াৰ প্ৰায় ৫দিন পূৰ্বে পিতৃ-মাতৃ, ভগ্নীসহ ৪জনক হত্যা! আঁৰত আছে এই কাৰণ
নগাঁও কাণ্ড
barasha-sarma
Barasha Sarma | Published: 23 Nov 2024 10:44 AM

অহা বুধবাৰে আছিল বিয়া। ডাঙৰ কন্যাৰ বিয়াক লৈ ঘৰত চলিছিল প্ৰস্তুতি, সকলোফালে উখল- মাখল পৰিবেশ। কিন্তু তাৰ মাজতে শুকুৰবাৰে (২২ নৱেম্বৰ) নিশা সংঘটিত হয় এক ভয়ংকৰ, মৰ্মান্তিক আৰু হৃদয় কঁপাই যোৱা ঘটনা। বিয়াৰ আনন্দৰ মাজতেই চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল নগাঁৱৰ ৰূপহীহাটৰ গড়াজান। অতি নৃশংসভাৱে হানি- খুচি, ডিঙি কাটি একেটা পৰিয়ালৰে ৩ জন সদস্যসহ আন  এজন লোকক হত্যা কৰিলে দুৰ্বৃত্তই। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ৪ লোকক হত্যা কৰি পলাই যায় দুৰ্বৃত্ত। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত লোককেইজনৰ ভিতৰত আছে গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰ (২৩) আৰু এজন যুৱক। হত্যাৰ বলি হোৱা যুৱকজনৰ বয়স প্ৰায় ৩৫ বছৰ মান হ’ব বুলি অনুমান কৰা হৈছে। মৃত যুৱকজন অনুপম সূত্ৰধৰ বুলি চিনাক্ত হৈছে। পৰিয়ালৰলোকে সন্দেহ কৰা অনুসৰি প্ৰেমজনিত কাৰণতেই এই হত্যাকাণ্ড সংঘটিত হৈছে।

জানিব পৰা মতে গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা আক্ষি সৰকাৰৰ অহা ২৭ নৱেম্বৰত বিয়া আছিল। ছায়ইদৰীয়া গাঁৱৰ কুশল সৰকাৰৰ সৈতে বিয়া ঠিক হৈছিল যুৱতীগৰাকীৰ। বিয়াক লৈ ঘৰত চলি আছিল প্ৰস্তুতি, ইতিমধ্যে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। ইয়াৰ মাজতে কালি নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

তথ্য অনুসৰি জানিব পৰা মতে, ঘটনাৰ সময়ত ঘৰৰ জ্যেষ্ঠ কন্যা নগাঁৱৰ বজাৰলৈ গৈছিল। সেই সময়তে দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি মাতৃ- কন্যা আৰু ভগ্নীৰ লগতে অনুপম নামৰ যুৱকক হত্যা কৰে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইতিমধ্যে মৃতদেহসমূহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পৰিয়ালটোৰ এগৰাকী আত্মীয়ই বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিবলৈ ঘৰখনত উপস্থিত হোৱাৰ পাছতেই মৃতদেহ চাৰিটা প্ৰত্যক্ষ কৰে। লগে লগে অঞ্চলটোত হুৱা দুৱা লাগে আৰু আৰক্ষীক খবৰ দিয়ে।

সূত্ৰ অনুসৰি জানিব পৰা মতে,  বিগত ২ বছৰ ধৰি নগাঁৱৰ তেলিয়াপট্টীৰ অনুপম সূত্ৰধৰে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল আক্ষি সৰকাৰক। টেট শিক্ষয়িত্ৰী হিচাপে নগাঁৱত কৰ্মৰত আক্ষি সৰকাৰে বাৰে বাৰে যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল। বাৰে বাৰে যুৱতীগৰাকীক হাৰাশাস্তি কৰি অহাৰ বাবে এবছৰ পূৰ্বে নগাঁও সদৰ থানাত গোচৰো তৰিছিল আক্ষি সৰকাৰে। কিন্তু তাৰ পাছতো বাৰে বাৰে অনুুপমে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল।

তাৰ মাজতে ঠিক হৈছিল যুৱতীগৰাকীৰ বিয়া। কিন্তু বিয়াৰ আনন্দৰ মাজতেই প্ৰাণ গ’ল ঘৰৰ ৩ সদস্যৰ লগতে যুৱকজনৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজন কিয় ঘৰলৈ আহিছিল, কোনে, কেনেকৈ, কিয় হত্যা কৰিলে এই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব সকলো ঘটনা। এই ভয়ংকৰ হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Latest News