Lachit Day: লাচিত দিৱসত ছ’চিয়েল মিডিয়াৰ প্ৰ’ফাইলত বীৰ লাচিতৰ ফটো লগাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

কাইলৈৰ দিনটো লাচিত বৰফুকনৰ  ৪০২ তম জন্মজয়ন্তী। আজি সামাজিক মাধ্যমত লাইভ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ কথা কোৱাৰ উপৰিও লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ কথা উল্লেক কৰে।

Lachit Day: লাচিত দিৱসত ছচিয়েল মিডিয়াৰ প্ৰফাইলত বীৰ লাচিতৰ ফটো লগাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

লাচিত দিৱসত প্ৰ'ফাইলত বীৰ লাচিতৰ ফটো লগাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Published: 

23 Nov 2024 23:36 PM

Lachit Divas in Assam : কাইলৈ অৰ্থাৎ ২৪ নৱেম্বৰত ৰাজ্যত পালন কৰা হ’ব লাচিত দিৱস। কাইলৈৰ দিনটো লাচিত বৰফুকনৰ  ৪০২ তম জন্মজয়ন্তী। লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে সকলোকে ছ’চিয়েল মিডিয়াৰ প্ৰ’ফাইলত বীৰ লাচিতৰ ফটো লগাবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আজি সামাজিক মাধ্যমত লাইভ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ কথা কোৱাৰ উপৰিও লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ কথা উল্লেক কৰে। মুখ্যমন্ত্ৰীয়ে কয়- লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী আমি সমগ্ৰ দেশতে আনন্দ মনেৰে পাতিছিলোঁ। লাচিতৰ সৌৰ্য, বীৰ্য আৰু সাহসক সমগ্ৰ দেশতে বিলাবলৈ অপ্ৰাণ চেষ্টা কৰিছিলোঁ। মোৰ আজিও গৌৰৱেৰে মনত পৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বীৰজনক যোৰহাটৰ টীয়কৰ হোলোঙাপাৰত মুকলি কৰাৰ পবিত্ৰ ক্ষণটোৰ কথা। ই আমাৰ জাতীয় জীৱনৰ বাবে গৌৰৱৰ পল আছিল। লাচিত আমাৰ সাহস, সৌৰ্য আৰু বীৰ্যৰ প্ৰতীক। লাচিতে অসমীয়া জনতাৰ বীৰত্ব আৰু সাহসক প্ৰতিনিধিত্ব কৰে। কাইলৈৰ দিনটো পুনৰ এবাৰ লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আহ্বান জনাম আৰু লগতে ৰাইজক নিজৰ ফেচবুক,Whatsapp আদি সকলোতে লাচিত বৰফুকনৰ প্ৰফাইল লগাবলৈ চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনাইছোঁ।

লাচিত দিৱসৰ প্ৰস্তুতি

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চ,অসমৰ যুটীয়া উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবামবাসী ৰাইজৰ সহযোগত মৰাণৰ পথালিবামত আয়োজিত ৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিতব্য় এই দিৱসৰ বাবে যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । তথ্যনুসৰি, ১০ জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ’ব লাচিত দিৱসত । কছাৰী,মিছিং,টাই আহোম,সোণোৱাল কছাৰী,দেউৰী,আদিবাসীকে ১০ টা জনগোষ্ঠীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব । লাচিত বৰফুকনৰ বীৰত্বক লৈ এখন নাটকো কৰা মঞ্চস্থ হ’ব ।

প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটী লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস। দিনজোৰা কাৰ্যসূচীৰে চানমাৰিস্থিত লাচিত সংঘৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ’ব এই দিৱস। আবেলি ২ বজাৰপৰা সদৌ গুৱাহাটী ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত স্বর্গীয় কুমুদেশ্বৰ বুজৰবৰুৱা আৰু স্বৰ্গীয়া অঞ্জলি বুজবৰুৱা সোঁৱৰণী চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন আৰু ৬ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো দিহা কৰিছে আয়োজক সমিতিয়ে। ইফালে ৰাজ্যৰ ভিন্ন স্থানত পালন কৰা হ’ব লাচিত দিৱস।

লাচিত বৰফুকনৰ সৌৰ্য, বীৰ্য আৰু সাহস

আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেওঁ অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেওঁৰ নাম জিলিকি আছে।

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস