5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুন কৰ্মস্থলীত যোগদানৰ নিৰ্দেশনা নাকচ কৰি নিলম্বিত ৫ এচিএছ বিষয়া

উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বৃদ্ধি পাইছে প্ৰশাসনিক কুচ-কাৱাজ। তেনে সময়তে বিভাগীয় নিৰ্দেশনা পালন নকৰাৰ বাবে নিলম্বনৰ সন্মুখীন হৈছে অসম অসামৰিক সেৱাৰ পাঁচজন বিষয়া। নিৰ্বাচন বিভাগৰ অধীনত নতুন কৰ্মস্থলীত যোগদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে বিষয়াকেইগৰাকী এই শাস্তিৰ সন্মুখীন হৈছে।

নতুন কৰ্মস্থলীত যোগদানৰ নিৰ্দেশনা নাকচ কৰি নিলম্বিত ৫ এচিএছ বিষয়া
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 07 Nov 2024 13:44 PM

ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ। উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত বাদ-বিবাদ অব্যাহত আছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে প্ৰশাসনিক কুচ-কাৱাজো। তেনে সময়তে বিভাগীয় নিৰ্দেশনা পালন নকৰাৰ বাবে নিলম্বনৰ সন্মুখীন হৈছে অসম অসামৰিক সেৱাৰ পাঁচজন বিষয়া। নিৰ্বাচন বিভাগৰ অধীনত নতুন কৰ্মস্থলীত যোগদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে বিষয়াকেইগৰাকী এই শাস্তিৰ সন্মুখীন হৈছে। নিলম্বিত বিষয়াকেইগৰাকী ক্ৰমে এচিএছ বিষয়া সৰোজ কুমাৰ ডেকা, কাব্যশ্ৰী দিহিঙীয়া, কংকন জ্যোতি শইকীয়া, পৰিস্মিতা দিহিঙীয় আৰু জিন্টু শৰ্মা।

বিষয়াকেইগৰাকীৰ নিলম্বনৰ আদেশত উল্লেখ কৰা মতে নিৰ্বাচন বিভাগৰ অধীনত নতুন স্থানলৈ এই বিষয়াসকলক বদলি কৰা হৈছিল যদিও তেওঁলোকে নতুন পদত যোগদান কৰিবলৈ অস্বীকাৰ কৰে। বদলিৰ আদেশ জাৰী কৰা স্বত্বেও বিষয়াকেইযনে যোগদান কৰাৰ পৰা বিৰত থাকে আৰু ইয়াৰ ফলস্বৰূপ, তেওঁলোকক অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪-ৰ নিয়ম ৬(১)ৰ অধীনত নিলম্বিত কৰা হৈছে।

এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে। এই বিষয়াসকলে কৰ্তৃপক্ষৰ নিৰ্দেশনা অমান্য কৰি কাৰ্যালয়ৰ প্ৰটোকল ভংগ কৰাৰ লগতে জনস্বাৰ্থৰ বাবে কাম কৰাত ব্যৰ্থ হয় বুলিও উল্লেখ কৰা হৈছে জাননীখনত। নিলম্বিত সৰোজ কুমাৰ ডেকা নামৰ বিষয়াগৰাকী কোকৰাঝাৰৰ পৰ্বতঝৰাত সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ হৈ আছিল।

তেওঁক নিৰ্বাচন বিষয়া হিচাপে মাজুলীলৈ বদলি কৰা হৈছিল যদিও ব্যক্তিগত কাৰণৰ দোহাই দি বিষয়াগৰাকীয়ে গুৱাহাটীৰ সমীপতে যোগদানৰ ইচ্ছা প্ৰকাশ কৰি নতুন কৰ্মস্থলীত যোগদানৰ নিৰ্দেশনা অস্বীকাৰ কৰে। এনে কাৰণত তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়। আন এগৰাকী নিলম্বিত বিষয়া বাক্সাত নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কাব্যশ্ৰী দিহিঙীয়াক নতুন নিৰ্বাচনী বিষয়া হিচাপে ডিমা হাছাওলৈ বদলি কৰা হৈছিল।

কিন্তু এই নিৰ্দেশনা অস্বীকাৰ কৰে বিষয়াগৰাকীয়ে। ইফালে জোনাইত সহকাৰী আয়ুক্তৰ পদত অধিষ্ঠিত জিন্টু শৰ্মাক নিৰ্বাচনী বিষয়া হিচাপে মাজুলীলৈ বদলি কৰা হৈছিল। ব্যক্তিগত কাৰণৰ দোহাই দি এই বিষয়াগৰাকীয়েও গুৱাহাটীৰ সমীপতে বিকল্প কৰ্মস্থলীৰ অনুৰোধ জনাই নতুন স্থলীত যোগদানৰ পৰা বিৰত থাকে। ইয়াৰ পৰিণতিত তেখেতক চৰকাৰী অনুশাসনমূলক নিয়মৰ অধীনত নিলম্বন কৰা হয়।

নিলম্বনৰ সন্মুখীন হোৱা আন এগৰাকী বিষয়া পৰিস্মিতা দিহিঙীয়া বোকাখাতত নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল যদিও নিৰ্বাচনী বিষয়া হিচাপে তেওঁক শিৱসাগৰলৈ বদলি কৰা হৈছিল। কিন্তু বিষয়াগৰাকীয়ে এই নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ সমন্তৰালকৈ নিৰ্বাচন বিভাগৰ পৰাই সম্পূৰ্ণৰূপে সকাহ দিবলৈ অনুৰোধ জনায়। নিৰ্দেশ অমান্য কৰাৰ ফলস্বৰূপে নিলম্বিত হৈছে বিষয়াগৰাকী।

আনহাতে নিলম্বনৰ সন্মুখীন হোৱা আনগৰাকী বিষয়া কংকন জ্যোতি শইকীয়া তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁক বৰপেটালৈ বদলি কৰা হৈছিল যদিও নতুন স্থানত যোগদান কৰিবলৈ অস্বীকাৰ কৰি নিৰ্বাচন বিভাগৰ পৰা সকাহৰ বাবেহে অনুৰোধ জনায়। এনে পৰিস্থিতিত নিলম্বনৰ সন্মুখীন হৈছে শইকীয়া।

Latest News