5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ অনুপ্ৰৱেশৰ চেষ্টা পাঁচ বাংলাদেশীৰ, আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে

সোমবাৰে পুৱা ভাগত পুনৰ পাঁচ গৰাকী অবৈধ বাংলাদেশীক আটক কৰি বিতাৰিত কৰে অসম আৰক্ষীয়ে । এই তথ্য প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী কেইগৰাকীৰ পৰিচয়ও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

পুনৰ অনুপ্ৰৱেশৰ চেষ্টা পাঁচ বাংলাদেশীৰ, আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে
প্ৰতীকী ফটো
Follow Us
manas-borah
Manas Borah | Updated On: 09 Sep 2024 13:55 PM

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশীৰ বিৰুদ্ধে তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে । পুনৰ পাঁচ গৰাকী অবৈধ বাংলাদেশীক আটক কৰি বিতাৰিত কৰে অসম আৰক্ষীয়ে । এই তথ্য প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী কেইগৰাকীৰ পৰিচয়ও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

এই তথ্য প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে অবৈধ অনুপ্ৰৱেশৰ সন্দৰ্ভত ৰাজ্যখনৰ দৃঢ় স্থিতি কথা পুনৰবাৰ উল্লেখ কৰে । ইয়াৰ লগতে অঞ্চলটোৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । আজি পুৱা আটক কৰা পাঁচ গৰাকী বাংলাদেশীৰ নাম হৈছে-মস্তাবিছ ৰহমান, আছমা বিবি, আবানি ছাদ্দাৰ, লিমা ছাদ্দাৰ, সুমায়া আখতাৰ ।


ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই যোৱা এমাহত বাংলাদেশৰ পৰা অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ১৫ গৰাকীতকৈ অধিক বাংলাদেশীক আটক কৰি বিতাৰিত কৰা বুলি দাবী কৰিছিল । ইয়াৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু এই সমস্যা সৈতে মোকাবিলা কৰাৰ বাবে কঠোৰ পদ্ধতি গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ কথাও সদৰী কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

তদুপৰি যোৱা ৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী শৰ্মাই জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ আবেদনৰ সংখ্যা অধিক বুলি মন্তব্য প্ৰকাশ কৰিছিল আৰু এই বিষয়টোৱে অসমত অবৈধ বিদেশী নাগৰিক থকাৰ কথা ইংগিত দিয়া বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই । এনে পৰিপ্ৰেক্ষিতত এই সমস্যা সৈতে মোকাবিলা কৰিবৰ বাবে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত এনআৰচিৰ আবেদন নম্বৰ দিয়াটো বাধ্যমূলক কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, চৰকাৰে আগন্তুক ১০ দিনৰ ভিতৰত এক অধিসূচনা জাৰি কৰি ব্যক্তিসকলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত এন আৰ চিৰ আবেদন নম্বৰ দিয়াটো বাধ্যতামূলক কৰিব । মুখ্যমন্ত্ৰী শৰ্মাই সম্বোধন কৰা সংবাদমেলত কয় যে, ‘আমি সিদ্ধান্ত লৈছো যে আধাৰ কাৰ্ডৰ বাবে নতুন আবেদনকাৰীয়ে এন আৰ চিৰ আবেদন নম্বৰ (NRC Application Receipt Number) জমা দিব লাগিব ।’

ইয়াৰ দ্বাৰা অসমত অবৈধ বিদেশী প্ৰৱেশ বন্ধ হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে, আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অতি কঠোৰ হ’ব ।

লগতে পঢ়ক: জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ আবেদনৰ সংখ্যা বেছি, নতুন আবেদনকাৰীয়ে জমা দিব লাগিব NRC ৰ আবেদন নম্বৰ : হিমন্ত বিশ্ব শৰ্মা

Latest News