Nagaon case: ৫ মহীয়া দেৱশিশুক ৫ মাহৰ ভিতৰত ন্যায়! যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৬০ বছৰীয়া ফুকন বড়ো
Assam: নগাঁৱত সংঘটিত হোৱা এক জঘন্য কাণ্ডৰ ভুক্তভোগী আৰু পৰিয়ালে মাত্ৰ ৫ মাহৰ ভিতৰতে লাভ কৰিলে ন্যায়। চলিব বৰ্ষৰ মে' মাহত ৬০ বছৰীয়া এজন বৃদ্ধই যৌন নিৰ্যাতন চলাইছিল এটি ৫ মহীয়া দেৱশিশুক। এই ঘটনাত দোষী সাব্যস্ত বৃদ্ধ।
অসম আৰক্ষীৰ তৎপৰতাৰ বাবে ন্যায় লাভ কৰিলে যৌন নিৰ্যাতনৰ বলি হোৱা ৫ মহীয়া এটি দেৱ শিশুৰ পৰিয়ালে। মাত্ৰ ৫ মাহতে শিশুটিক ন্যায় প্ৰদান কৰি চৰ্চাত এগৰাকী আৰক্ষী বিষয়া। যৌন নিৰ্যাতন চলোৱা দোষীৰ বিৰুদ্ধে ৫ মাহৰ ভিতৰত আদালতে শাস্তি ঘোষণা কৰাৰ পাছত আৰক্ষী বিষয়া পাৰমিতা চৰকাৰ আৰু তেওঁৰ দলটোৰ প্ৰশংসা কৰে নগাঁও আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । যোৱা মে’ মাহত সংঘটিত এক জঘন্য কাণ্ডই জোকাৰি গৈছিল নগাঁও। কচুৱাত এটি ৫ মহীয়া দেৱশিশুক যৌন নিৰ্যাতন চলাইছিল ৬০ বছৰীয়া এজন বৃদ্ধই।
উল্লেখ্য যে, চলিত বৰ্ষৰ ২১ মে’ত নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এটি ৫ মহীয়া দেৱ শিশুক যৌন নিৰ্যাতন চলোৱাৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছিল। এই বৰ্বৰ, নৃশংস ঘটনাৰ অভিযুক্ত আছিল ৬০ বছৰীয়া বৃদ্ধ ফুকন বড়ো নামৰলোজন। ঘটনাৰ বিৱৰণী অনুসৰি মাতৃয়ে শিশুটিক শুৱাই থৈ বাহিৰলৈ যাওঁতে প্ৰতিবেশী ফুকন বড়োৱে যৌন নিৰ্যাতন চলাইছিল। এই সমগ্ৰ ঘটনাই নগাঁৱত সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ।
জঘন্য কাণ্ডৰ পাছতেই উক্ত দিনা ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে কচুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত দাখিল কৰা এজাহাৰ অনুসৰি কচুৱা আৰক্ষীয়ে 41/24 নম্বৰৰ গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত। গোচৰৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ফুকন বড়োক।
এই ঘটনাৰ তদন্তৰ দায়িত্বত আছিল উপ- আৰক্ষী অধীক্ষক (প্ৰৱেছনাৰী) পাৰমিতা সৰকাৰ। অতি ক্ষীপ্ৰতাৰে তদন্ত কৰি মাত্ৰ ৬০ দিনৰ ভিতৰত পাৰমিতা সৰকাৰে গোচৰৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত নগাঁও আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত মাত্ৰ ৫ মাহৰ ভিতৰত আদালতে দোষীৰ শাস্তি ঘোষণা কৰে। বুধবাৰে POCSO আদালতে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দোষী ফুকন বড়োক যাৱজ্জীৱন কাৰাদণ্ড বিহে। এই ৰায় প্ৰদান কৰে নগাঁৱৰ বিশেষ POCSO আদালতৰ ন্যায়াধীশ ইপ্সিতা বৰঠাকুৰৰ বিচাৰপীঠে। ইয়াৰ লগতে আদালতে দোষীক ৫০ হাজাৰ টকাৰ জৰিমণা বিহে, যদি জৰিমণা নিদিয়ে তেন্তে দোষী অতিৰিক্ত ৬ মাহ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে কয়।
In Case No: 41/24 of May 21st 2024 of Kachua PS, District Nagaon where a 5-month-old girl child was sexually assaulted.
In five months from the date of crime, the competent court has convicted the accused for Life Imprisonment.
Investigation time : 60 days. Trial time : 3…— GP Singh (@gpsinghips) October 30, 2024
এই ঘটনাৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ছচিয়েল মিডিয়াত লিখে যে-” জিলা নগাঁৱৰ কচুৱা পি এছ ২০২৪ চনৰ ২১ মে’ৰ ৪১/২৪ নং গোচৰত ৫ মহীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱা হৈছিল। অপৰাধৰ তাৰিখৰ পৰা পাঁচ মাহৰ ভিতৰত আদালতে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে দোষী সাব্যস্ত কৰিছে।তদন্তৰ সময় : ৬০ দিন। পৰীক্ষাৰ সময় : ৩ মাহ। আই অ’ : পৰমিতা সৰকাৰ, ডি এছ পি প্ৰবেচনাৰ। অপৰাধমূলক ন্যায় ব্যৱস্থাৰ সকলো শাখাই এটা শিশুৰ বাবে ন্যায়ৰ দিশত আগবঢ়োৱা মহান কামৰ বাবে কুডোছ”।