Assam: বনকৰা যুৱতীৰ সৈতে অবৈধ প্ৰেম! পিতৃয়ে ৫ বছৰীয়া কন্যাৰ লগত সংঘটিত কৰিলে ভয়ংকৰ ঘটনা
Assam:ঘৰৰ বনকৰা যুৱতীৰ সৈতে মিলি এজন পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড। অভিযোগ অনুসৰি নিজৰেই সন্তানত বনকৰা যুৱতীৰ সৈতে মিলি অপহৰণ কৰে বিজু পেগু নামৰ লোকজনে।
ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। অভিযোগ অনুসৰি ঘৰৰ বনকৰা যুৱতীৰ সৈতে ষড়যন্ত্ৰ ৰচি পিতৃয়ে অপহৰণ কৰিলে নিজৰেই ৫ বছৰীয়া কনমানিক।গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। জানিব পৰা মতে বেলতলা বজাৰৰ পৰা মাতৃৰ কাষৰ পৰা ঘৰৰ বনকৰা যুৱতীগৰাকীয়ে কন্যা সন্তানটিক অপহৰণ কৰি লৈ যায়। ইয়াৰ বিপৰীতে বশিষ্ঠৰ পাটৰকুছিৰ ট্ৰেন্স গাৰ্ডেন চি-৬ এপাৰ্টমেন্টৰ পৰা সন্ধানহীন হয় কন্যাগৰাকীৰ পিতৃ বিজু পেগু।
এই ঘটনা সংঘটিত হয় ৮ নৱেম্বৰৰ সন্ধিয়া। কন্যা সন্তানটি নিৰুদ্দেশ হোৱাৰ পাছতেই চিন্তাত পৰে মাতৃয়ে আৰু পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। শিশুটিৰ মাতৃ ভন্তি দলে অভিযোগ কৰে যে তেওঁলোকৰ ঘৰত কাম কৰা যুৱতী চুমি গগৈয়ে এই অপহৰণ কাণ্ড সংঘটিত কৰিছে। এজাহাৰত ভন্তি দলে স্বামী বিজু পেগুৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে।
জানিব পৰা মতে চুমি গগৈ নামৰ যুৱতীগৰাকীয়ে যোৱা ২ বছৰ ধৰি তেওঁলোকৰ ঘৰত কাম কৰিছিল। এইগৰাকী যুৱতীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল ঘৰৰ মালিক অৰ্থাৎ ভন্তি দলেৰ স্বামী বিজু পেগুৰ । প্ৰায় ২ বছৰ পূৰ্বে বিজুয়ে যুৱতীগৰাকীক কাম কৰা ছোৱালী হিচাপে লৈ আনিছিল। এফালে যুৱতীগৰাকীৰ সৈতে অবৈধ প্ৰেম ৰখা বিজুয়ে পত্নীৰ টকাৰ ওপৰতো চকু ৰাখিছিল।
অভিযোগ অনুসৰি শিশুটিৰ পিতৃয়ে ৰচনা কৰে ভয়ংকৰ ষড়যন্ত্ৰ। পৰিকল্পনা মতে বনকৰা যুৱতী চুমি গগৈৰ সৈতে মিলি বিজুয়ে শিশুটিক ইন’ভাত উঠাই লখিমপুৰলৈ লৈ যায়। কিন্তু এই অপহৰণ কাণ্ডৰ অভিপ্ৰায় কি আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে মাতৃৰ এজাহাৰৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। এই ঘটনাৰ প্ৰায় ২ দিন পাছতেই আজি লখিমপুৰৰ বগীনদীৰ পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। জানিব পৰা মতে মোবাইৰ লোকেশ্যন ট্ৰেস কৰি যুৱতী আৰু পিতৃক জালত পেলাই আৰক্ষীয়ে। শিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আনিলে চুমি গগৈ আৰু বিজু পেগুক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।