5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মাৰ্ঘেৰিটাত পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা মাতৃৰ! নিজ মুখেৰে দিলে হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা..

প্ৰাপ্ত খবৰ অনুসৰি নিজ মাতৃয়ে নিজ পুত্ৰ সন্তানক ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত্বৰ নদীৰ ঘাটলৈ নি পানীত সুমুৱাই হত্যা কৰে। শিশুটিৰ পিতৃ শিৱসাগৰত থাকে, মাতৃয়ে মাৰ্ঘেৰিটাত মাকৰ ঘৰত শিশুটিক লৈ বাস কৰিছিল। এই ঘটনাই মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

মাৰ্ঘেৰিটাত পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা মাতৃৰ! নিজ মুখেৰে দিলে হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা..
মাৰ্ঘেৰিটাত নিজ সন্তানক নৃশংসভাৱে হত্যা মাতৃৰ!
trishna-kalita
Trishna Kalita | Published: 18 Oct 2024 11:45 AM

ৰাজ্যত সংঘটিত হৈছে আন এক শিহৰণকাৰী হত্যাকাণ্ড। পাঁচ বছৰীয়া কণমানি পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা নিজ মাতৃৰ। পুত্ৰক হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ হত্যকাৰী মাতৃৰ।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুপ্ৰিয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক।

ঘটনা অনুসৰি, দুৰ্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ ১নং লাজুমৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠ বিদ্যালয়ৰ খেল পথাৰৰ সমীপৰ নিবাসী অভিমন্যু নামৰ পাঁচ বছৰীয়া শিশুটি নৱমী পূজাৰ দিনা পুৱা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল। । তাৰ পিছতে থানাত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছিল শিশুটিৰ মাতৃয়ে। পৰৱৰ্তী সময়ত সোমবাৰে বুঢ়ীদিহিং নৈৰ চাপৰিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে লাভ কৰে ভয়ংকৰ তথ্য। প্ৰথমে নিৰুদ্দেশ, তাৰ পিছত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ।

ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে আটক কৰে শিশুটিৰ মাতৃক। পুত্ৰৰ নিৰুদ্দেশ আৰু হত্যাৰ অভিযোগত সোধা-পোছা বাবে আৰক্ষীয়ে আটক কৰে মাতৃ সুপ্ৰিয়া ভট্টাচাৰ্যক। শেহতীয়াকৈ মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্তত লাভ কৰিছে বৃহৎ সফলতা। প্ৰথমে নিজ সন্তানক নৃশংসভাৱে হত্যা কৰিছিল সুপ্ৰিয়া ভট্টাচাৰ্যই, তাৰ পিছত ৰচিছিল নিৰুদ্দেশৰ নাটক। এই ঘটনাই মন-মগজু জোকাৰি গৈছে প্ৰতিজন লোকৰ।

জানিব পৰা মতে, নৱমীৰ দিনা পুৱা ৯ মান বজাত এখন অট’ ৰিক্সাৰে নিজ মাতৃয়ে ঘৰৰ পৰা উলিয়াই নিছিল পুত্ৰ সন্তানক। দিনৰ ১১ মান বজাত পুত্ৰ অবিহনে অকলশৰীয়াকৈ বেলেগ এখন অট’ৰে ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী । গাৰ কাপোৰ বোকাৰে লুটুৰি-পুতুৰি হৈ ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী। আৰক্ষীৰ তদন্তত অট’ ৰিক্সা চালকক সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

প্ৰাপ্ত খবৰ অনুসৰি নিজ মাতৃয়ে নিজ পুত্ৰ সন্তানক ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত্বৰ নদীৰ ঘাটলৈ নি পানীত সুমুৱাই হত্যা কৰে। শিশুটিৰ পিতৃ শিৱসাগৰত থাকে, মাতৃয়ে মাৰ্ঘেৰিটাত মাকৰ ঘৰত শিশুটিক লৈ বাস কৰিছিল। এই ঘটনাই মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। পুত্ৰক হত্যা কৰি নিৰুদ্দেশৰ নাটক ৰচা মাতৃৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবীস্থানীয় ৰাইজৰ। কিন্তু এতিয়াও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ কাৰণ। আৰক্ষীৰ তদন্তত হয়তো ওলাব ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য।

Latest News