ভয়াৱহ আইন-শৃংখলা পৰিস্থিতিৰ ফল ! এতিয়াও অসম তথা উত্তৰ-পূব ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ৬ খন দেশে
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধানসভাত অৱগত কৰে যে, আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ডকে ধৰি ৬ খন দেশে আইন-শৃংখলাৰ পৰিস্থিতিক লৈ অসম আৰু উত্তৰ-পূবৰ বাকী অংশ ভ্ৰমণত নিজৰ নাগৰিকসকলৰ বাবে নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ।

এতিয়াও অসমৰ লগতে উত্তৰ পূবৰ বাকী অংশত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিজ দেশৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে বিশ্বৰ ৬ খন দেশে । এই কথা মঙলবাৰে অসম বিধানসভাত উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধানসভাত অৱগত কৰে যে, আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ডকে ধৰি ৬ খন দেশে আইন-শৃংখলাৰ পৰিস্থিতিক লৈ অসম আৰু উত্তৰ-পূবৰ বাকী অংশ ভ্ৰমণত নিজৰ নাগৰিকসকলৰ বাবে নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ।
কোন ৬ খন দেশে জাৰি কৰিছে নিষেধাজ্ঞা ?
কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত এই কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে । এই নিষেধাজ্ঞা জাৰি কৰা দেশসমূহ হ’ল-আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ব্ৰিটেইন, কানাডা আৰু ছুইজাৰলেণ্ড। আইন-শৃংখলাৰ পৰিস্থিতিৰ উদ্ধৃতি দি এই নিষেধাজ্ঞা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ বাবে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী দাসে কয় যে, ৰাজ্য চৰকাৰৰ হৈ পৰ্যটন বিভাগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি এই দেশসমূহৰ নিষেধাজ্ঞাসমূহ আঁতৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয়, “অষ্ট্ৰেলিয়াৰ এটা উচ্চ পৰ্যায়ৰ দলে এই দিশটো চাবলৈ অলপতে অসম ভ্ৰমণ কৰিছিল।”
হ্ৰাস পাইছে পৰ্যটনৰ সংখ্যা
তেওঁ আৰু কয় যে, ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যখনলৈ অহা পৰ্যটকৰ সংখ্যা ৯৮,৩১,১৪১ জন আছিল । কিন্তু এই সংখ্যা ২০২৩-২৪ চনত ৭০,৬৭,৩৩৫ জনলৈ হ্ৰাস পাইছিল আৰু ২০২৪-২৫ চনত (জানুৱাৰী মাহলৈকে) ৬৭,৮৮,৫৬৫ গৰাকী পৰ্যটকে অসম ভ্ৰমণ কৰিছে ।
চাহ পৰ্যটনৰ প্ৰসাৰৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰীগৰাকীয়ে ?
চাহ পৰ্যটনৰ প্ৰসাৰৰ সন্দৰ্ভত মন্ত্ৰী দাসে কয় যে, ২০২২-২৩ চনত ৰাজ্য চৰকাৰে অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰসাৰ আৰু উন্নয়ন আঁচনি গ্ৰহণ কৰিছিল । এই আঁচনিৰ অধীনত নিৰ্বাচিত চাহ বাগিচাসমূহে পৰ্যটনৰ সম্ভাৱনা আৰু ঐতিহ্যমণ্ডিত বাংলো উন্নয়নৰ বাবে ২ কোটি টকাৰ অনুদান লাভ কৰিব। তদুপৰি, মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত মুঠ ২২খন চাহ বাগিচা আৰু দ্বিতীয় পৰ্যায়ত আন ৩৪খন চাহ বাগিচা বাছনি কৰা হৈছে।