ভয়াৱহ আইন-শৃংখলা পৰিস্থিতিৰ ফল ! এতিয়াও অসম তথা উত্তৰ-পূব ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ৬ খন দেশে

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধানসভাত অৱগত কৰে যে, আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ডকে ধৰি ৬ খন দেশে আইন-শৃংখলাৰ পৰিস্থিতিক লৈ অসম আৰু উত্তৰ-পূবৰ বাকী অংশ ভ্ৰমণত নিজৰ নাগৰিকসকলৰ বাবে নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ।

ভয়াৱহ আইন-শৃংখলা পৰিস্থিতিৰ ফল ! এতিয়াও অসম তথা উত্তৰ-পূব ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ৬ খন দেশে

কাজিৰঙাৰ পৰ্যটন

Updated On: 

26 Mar 2025 09:44 AM

এতিয়াও অসমৰ লগতে উত্তৰ পূবৰ বাকী অংশত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিজ দেশৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে বিশ্বৰ ৬ খন দেশে । এই কথা মঙলবাৰে অসম বিধানসভাত উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধানসভাত অৱগত কৰে যে, আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ডকে ধৰি ৬ খন দেশে আইন-শৃংখলাৰ পৰিস্থিতিক লৈ অসম আৰু উত্তৰ-পূবৰ বাকী অংশ ভ্ৰমণত নিজৰ নাগৰিকসকলৰ বাবে নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে ।

কোন ৬ খন দেশে জাৰি কৰিছে নিষেধাজ্ঞা ?

কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত এই কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে । এই নিষেধাজ্ঞা জাৰি কৰা দেশসমূহ হ’ল-আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ব্ৰিটেইন, কানাডা আৰু ছুইজাৰলেণ্ড। আইন-শৃংখলাৰ পৰিস্থিতিৰ উদ্ধৃতি দি এই নিষেধাজ্ঞা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ বাবে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী দাসে কয় যে, ৰাজ্য চৰকাৰৰ হৈ পৰ্যটন বিভাগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি এই দেশসমূহৰ নিষেধাজ্ঞাসমূহ আঁতৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয়, “অষ্ট্ৰেলিয়াৰ এটা উচ্চ পৰ্যায়ৰ দলে এই দিশটো চাবলৈ অলপতে অসম ভ্ৰমণ কৰিছিল।”

হ্ৰাস পাইছে পৰ্যটনৰ সংখ্যা

তেওঁ আৰু কয় যে, ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যখনলৈ অহা পৰ্যটকৰ সংখ্যা ৯৮,৩১,১৪১ জন আছিল । কিন্তু এই সংখ্যা ২০২৩-২৪ চনত  ৭০,৬৭,৩৩৫ জনলৈ হ্ৰাস পাইছিল আৰু ২০২৪-২৫ চনত (জানুৱাৰী মাহলৈকে) ৬৭,৮৮,৫৬৫ গৰাকী পৰ্যটকে অসম ভ্ৰমণ কৰিছে ।

চাহ পৰ্যটনৰ প্ৰসাৰৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰীগৰাকীয়ে ?

চাহ পৰ্যটনৰ প্ৰসাৰৰ সন্দৰ্ভত মন্ত্ৰী দাসে কয় যে, ২০২২-২৩ চনত ৰাজ্য চৰকাৰে অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰসাৰ আৰু উন্নয়ন আঁচনি গ্ৰহণ কৰিছিল  । এই আঁচনিৰ অধীনত নিৰ্বাচিত চাহ বাগিচাসমূহে পৰ্যটনৰ সম্ভাৱনা আৰু ঐতিহ্যমণ্ডিত বাংলো উন্নয়নৰ বাবে ২ কোটি টকাৰ অনুদান লাভ কৰিব। তদুপৰি, মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত মুঠ ২২খন চাহ বাগিচা আৰু দ্বিতীয় পৰ্যায়ত আন ৩৪খন চাহ বাগিচা বাছনি কৰা হৈছে।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?