গহপুৰঃ মহাকুম্ভত পবিত্ৰ স্নান কৰি অহা ৭০ বছৰীয়া বৃদ্ধই শিশুৰ লগত সংঘটিত কৰিলে জঘন্য কাণ্ড

এক জঘন্য ঘটনা। মহাকুম্ভত পবিত্ৰ স্নান কৰি অহাৰ দুদিন পাছতেই ৭০ বছৰৰ উৰ্ধৰ এজনলোকে ধৰ্ষণ কৰে এটি শিশুক। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গহপুৰঃ মহাকুম্ভত পবিত্ৰ স্নান কৰি অহা ৭০ বছৰীয়া বৃদ্ধই শিশুৰ লগত সংঘটিত কৰিলে জঘন্য কাণ্ড

Gohpur

Published: 

26 Feb 2025 16:17 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ নাৰীজনিত অপৰাধমূলক ঘটনাসমূহে আজি নাৰীৰ সুৰক্ষাৰ ওপৰত এক প্ৰশ্নবোধক তোলে। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। এনে ধৰণৰ এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে, য’ত এজনলোক এটি শিশুক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। এই ঘটনা সংঘটিত হৈছে গহপুৰত। এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হৈছে।

৮ বছৰীয়া শিশু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ৭০ বছৰীয়া এজন বৃদ্ধৰ বিৰুদ্ধে। জানিব পৰা মতে, এই জঘন্য ঘটনা সংঘটিত কৰাৰ দুদিন পূৰ্বে লোকজনে পবিত্ৰ মহাকুম্ভত স্নান কৰি আহিছিল। কিন্তু মহাকুম্ভৰ পৰা অহাৰ পাছতেই তেওঁ সংঘটিত কৰে এই লজ্জাজনক তথা জঘন্য কাণ্ড।

এই ঘটনা সংঘটিত হৈছে গহপুৰৰ গমিৰিত। শিশু ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজন গমিৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাম অৰ্জেল বুলি জানিব পৰা গৈছে। গহপুৰৰ গমিৰি গধৰীয়া বস্তিত কিশোৰী ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে সোমনাথ। ইয়াৰোপৰি গ্ৰেপ্তাৰ হোৱা বিজেপি নেতাগৰাকী এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক।

ঘটনাৰ বিৱৰণী অনুসৰি ৭০ বছৰৰো উৰ্ধৰ সোমনাথ অৰ্জেল নামৰ লোকজনে শিশুটিক আমলখি খাবলৈ মাতি নিছিল আৰু পৰৱৰ্তী সময়ত নিজৰ ঘৰতেই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। এই ভয়ংকৰ অভিযোগ তোলা শিশুটি সোমনাথৰ একেখন গাঁৱৰে আৰু তেওঁৰ বয়স প্ৰায় ৮ বছৰ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ভুক্তভোগীয়ে পৰিয়ালৰলোকক সকলো অৱগত কৰে আৰু পৰৱৰ্তী সময়ত সকলো কাণ্ড পোহৰলৈ আহে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু অভিযুক্তক কৰায়ত্ত কৰাৰ দাবীত সোমনাথৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয়লোকে।

উল্লেখ্য যে, ঘটনাৰ পাছতে নিজ বাসগৃহৰ পৰা পলায়ন কৰিছিল অভিযুক্ত সোমনাথে। কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অন্য এজনৰ ঘৰৰ পৰা সোমনাথক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া অমিত কুমাৰ হোজাই আৰু হেলেম আৰক্ষীয়ে। স্থানীয়লোকে অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।

ইয়াৰোপৰি মহাকুম্ভত পবিত্ৰ স্নান কৰি আহি এজন লোকে এনে ধৰণৰ জঘন্য ঘটনা কেনেকৈ সংঘটিত কৰিব পাৰে তাক লৈ  আচৰিত হৈ পৰিছে সাধাৰণ ৰাইজ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে কিশোগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Related Stories
Advantage Assam 2.0 : সম্ভাৱনাৰ সুযোগ ল’লে আম্বানী-আদানীৰ দৰে কোম্পানীয়ে ! অসমত হ’ব প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগ, কোনটো খণ্ডই সৰ্বাধিক দৃষ্টি কাঢ়িলে বিনিয়োগকাৰীৰ ?
অসম, কেৰালাৰ দলীয় জ্যেষ্ঠ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কংগ্ৰেছৰ…
Advantage Assam 2.0 : আন্তঃগাঁথনিৰ বাবে ১ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে অসমে ! নিশ্চিত কৰিলে মুখ্য়মন্ত্ৰীয়ে…
উন্নত সংযোগ লাভ কৰিব অসমে ! কেন্দ্ৰৰ ৮০ হাজাৰ কোটি টকীয়াৰ পথ প্ৰকল্পৰ ভিতৰত কি কি আছে ?
পুনৰ গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Advantage Assam 2.O: বিভিন্ন চৰকাৰী খণ্ডৰ পৰা অসমে লাভ কৰিব ১ লাখ কোটিৰ বিনিয়োগ; মুখ্যমন্ত্ৰীৰ দাবী
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..