76th Republic Day Celebrations: আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাজ্য়বাসীয়ে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস…
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে আজি দেশৰ লগতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে গণৰাজ্য দিৱস । এইলৈ ৰাজ্যত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষীয়ে । শান্তিপূৰ্ণভাৱে যাতে ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস উদযাপন কৰিব পাৰে সেয়া নিশ্চিত কৰিবৰ বাবে নিৰাপত্তা কটকটীয়া কৰিছে ৰাজ্য আৰক্ষীয়ে ।
আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে আজি দেশৰ লগতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে গণৰাজ্য দিৱস । এইলৈ ৰাজ্যত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষীয়ে । শান্তিপূৰ্ণভাৱে যাতে ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস উদযাপন কৰিব পাৰে সেয়া নিশ্চিত কৰিবৰ বাবে নিৰাপত্তা কটকটীয়া কৰিছে ৰাজ্য আৰক্ষীয়ে ।
এই বিশেষ দিনটোত আইন-শৃংখলাৰে জড়িত কোনো ধৰণৰ পৰিস্থিতি যাতে সৃষ্টি নহয় বা নিষিদ্ধ ঘোষিত সংগঠনে যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে সেই দিশত অধিক নজৰ ৰাখিছে ৰাজ্যৰ আৰক্ষীয়ে । গণৰাজ্য দিৱস উদযাপনস্থলীত আৰক্ষীৰ লগতে অৰ্দ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।
কোনে ক’ত উৰুৱাব ৰাষ্ট্ৰীয় পতাকা ?
আজি খানাপাৰা খেলপথাৰত আয়োজিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই। একেদৰে আজি ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কামৰূপ জিলাত চন্দ্রমোহন পাটোৱাৰী,ধেমাজিত ৰণোজ পেগু, নগাঁৱত অশোক সিংঘল, গোৱালপাৰা নোমল মমিন,মাহমৰাত যোগেন মহন,গোলাঘাটত অজন্তা নেওগ, ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী, শোণিতপুৰত পীযূষ হাজৰিকা, যোৰহাটত বিমল বৰা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, বৰপেটাত নন্দিতা গার্লোছা, তিনিচুকীয়াত প্রশান্ত ফুকনে গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব।
সমান্তাৰলভাৱে লখিমপুৰত ৰূপেশ গোৱালা, কোকৰাঝাৰত প্ৰমোদ বড়ো, ডিফু তুলিৰাম ৰংহাং, হাফলঙত দেবুলাল গার্লোছা, শ্রীভূমিত কৃষ্ণেন্দু পাল, দৰঙত মন্ত্ৰী ৰণজিৎ দাস, শিৱসাগৰত মন্ত্ৰী অতুল বৰা, বঙাইগাঁৱত কেশৱ মহন্ত, চিৰাঙত উৰ্খাও গৌড়া ব্রহ্মই উৰুৱাব ৭৬ সংখ্যক গণৰাজ্য় দিৱসৰ পতাকা।
লালকিল্লাত অসমৰ সংস্কৃতি প্ৰদৰ্শন
আজি দিল্লীত আয়োজিত গণৰাজ্য দিৱসত চৰাদেউ মৈদাম আৰু গঁড় প্ৰতীক পটৰ লগতে অসমৰ বাৰেৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব । ইফালে এইলৈ আনন্দ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে আজিৰ দিনটোত লালকিল্লাত উপস্থিত থাকিবলৈ আগ্ৰহীসকলক অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । সামাজিক মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
দিল্লীত অনুষ্ঠিত ৭৬ সংখ্যক গণৰাজ্য দিৱসলৈ বিশেষভাৱে আমন্ত্ৰিত অসমৰ ১৩৫ জন
আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বিশেষভাৱে নিমন্ত্ৰণ লাভ কৰিছে উদ্যোগী, কৃষক, বিষয়া, চৰকাৰী আঁচনিৰ হিতাধিকাৰীকে ধৰি অসমৰ ১৩৫ জন লোকে । চৰকাৰী এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় তাৎপৰ্য্যপূৰ্ণ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বিশেষ আমন্ত্ৰণ জনোৱা হৈছে।
গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা স্বাধীনৰ
অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণক গণৰাজ্য দিৱস উদযাপনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ লগতে এনএছচিএন/জিপিআৰএনে। এই আহ্বানৰ অংশ হিচাপে দেওবাৰে মাজনিশাৰ পৰা সন্ধিয়া ৬ বজালৈ “সম্পূৰ্ণ ধৰ্মঘট”ৰ আহ্বান জনাইছে আলফা স্বাধীন আৰু এনএছচিএন/জিপিআৰএনে।