শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

76th Republic Day : ‘শান্তি প্ৰতিষ্ঠাত অগ্ৰগতি লাভ কৰিছে অসমে’, ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দিয়া ভাষণত কি ক’লে ৰাজ্যপালে ?

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দিয়া ভাষণত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে, বিগত এটা বছৰত শান্তি প্ৰতিষ্ঠা, আন্তঃগাঁথনি উন্নয়ন, সামাজিক আৰু অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশ সংৰক্ষণৰ পদক্ষেপৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে ৰাজ্যখনে।

76th Republic Day : ‘শান্তি প্ৰতিষ্ঠাত অগ্ৰগতি লাভ কৰিছে অসমে’, ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দিয়া ভাষণত কি ক’লে ৰাজ্যপালে ?
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যImage Credit source: X Handle
manas-borah
Manas Borah | Published: 26 Jan 2025 15:17 PM

ৰাজ্য়খনত শান্তি নিশ্চিত কৰাৰ লগতে আন্তঃগাঁথনিৰ উন্নয়ন, সামাজিক আৰু অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কাম কৰিবলৈ সক্ষম হৈছে অসমে । আজি খানাপাৰাত আয়োজিত গণৰাজ্য দিৱসত দিয়া ভাষণত এইদৰে কয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যয়ে । ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে গুৱাহাটীত জাতীয় পতাকা উৰুৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । ইয়াৰ পাছতে তেওঁ ভাষণত কয় যে, ৰাজ্যৰ আইন-শৃংখলা বজাই ৰখাৰ লগতে ড্ৰাগছ সেৱন, বাল্যবিবাহ, মানৱ সৰবৰাহৰ দৰে অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্য চৰকাৰ।

শান্তি স্থাপনত অগ্ৰগতি লাভ কৰিছে অসমে

লগতে ৰাজ্যপাল গৰাকীয়ে কয় কয়, ‘ৰাজ্যত উন্নয়নৰ এক নতুন যুগ আৰম্ভ হৈছে । বিগত এটা বছৰত আমি শান্তি প্ৰতিষ্ঠা, আন্তঃগাঁথনি উন্নয়ন, সামাজিক আৰু অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশ সংৰক্ষণৰ পদক্ষেপৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো।’ তেওঁ কয় যে, আইন-শৃংখলা বজাই ৰখা, অপৰাধ নিয়ন্ত্ৰণ, বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়া আৰু মানুহ আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ দিছে বৰ্তমানৰ ৰাজ্য চৰকাৰে ।

শেহতীয়াকৈ কেইবাটাও উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰা কথা উল্লেখ কৰি এই চুক্তিসমূহে ৰাজ্যখনত শান্তি স্থাপনৰ প্ৰচেষ্টাসমূহৰ সাক্ষ্য দিছে বুলিও কয় ৰাজ্যপালগৰাকীয়ে । তদুপৰি তেওঁ কয় যে, ৰাজ্য চৰকাৰে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে । ইয়াৰ ফলত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্য জব্দ কৰা হৈছে।

হ্ৰাল পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পোৱা বুলিও উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে । তেওঁ লগতে কয় যে, মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পাইছে । বাল্য বিবাহ বন্ধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু বৰ্তমানৰ চৰকাৰৰ অধীনত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় ৰাজ্যপাল গৰাকীয়ে ।

ইফালে, ৰাজ্যপালগৰাকীয়ে কয় যে, সামগ্ৰিক বিকাশ আৰু মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়ন যাতে অতি প্ৰান্তীয় লোক আৰু দুৰ্গম অঞ্চললৈকে যায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে । লগতে শিক্ষা, কৃষি, পথ আৰু দলং যোগাযোগ নেটৱৰ্ক, পৰ্যটন, গ্ৰাম্য উন্নয়ন, সামাজিক সুৰক্ষা আঁচনি, ক্ৰীড়াকে ধৰি বিভিন্ন খণ্ডত চৰকাৰে গ্ৰহণ কৰি থকা বিভিন্ন কল্যাণমূলক ব্যৱস্থা আৰু আঁচনিৰ সন্দৰ্ভত আলোকপাত কৰে ৰাজ্যপাল গৰাকীয়ে ।

অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এডভান্টেজ আছাম ২.০ উল্লেখযোগ্য পদক্ষেপ

ৰাজ্যপালগৰাকীয়ে অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যখনৰ প্ৰচেষ্টাকো আলোকপাত কৰে । ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ এই দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে ।