Assam: কৃষ্ণাইত ই-ৰিক্সাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৮ বছৰীয়া এটি ছাত্ৰই

Assam: গোৱালপাৰা কৃষ্ণাইত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটি কনমানিয়ে। স্থানীয় ৰাইজৰ অভিযোগ মতে, এখন ই ৰিক্সাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাই শিশুটিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

Assam: কৃষ্ণাইত ই-ৰিক্সাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৮ বছৰীয়া এটি  ছাত্ৰই

শিশুটি

Published: 

11 Nov 2024 16:23 PM

সোমবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা।  পথৰ ওপৰত ই ৰিক্সা বাগৰি পৰাৰ ফলত মৃত্যু হয় এটি ৮ বছৰীয়া শিশুৰ।  জানিব পৰা মতে বিদ্যালয়লৈ গৈ আছিল আয়ুস ভট্টাচাৰ্য নামৰ ৮ বছৰীয়া কনমানিটি। তেতিয়াই কৃষ্ণাইৰ খৰিধৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চল আৰু স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি অইন দিনাৰ দৰে আজিও শিশুটি স্কুললৈ গৈ আছিল। কিন্তু অইন দিনাৰ দৰে জীৱন্তে ঘৰলৈ ঘূৰি নাহিল আয়ুস। কিয়নো ৰাজপথত ৰৈ আছিল এখন মৃত্যুৰূপী ই- ৰিক্সা। স্কুললৈ গৈ থকাৰ সময়তে ই ৰিক্সাখনৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় শিশুটিয়ে। জানিব পৰা মতে শিশুটিৰ ঘৰ জ্যোতিনগৰত আছিল আৰু তেওঁ কৃষ্ণাই পাব্লিক স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল।

এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ শ লোক ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধৰ ফলত বহু যান- বাহন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে ন্যায় আমাক লাগিবই, ২০০ টকাৰ দালালি নচলিব আদি শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।  বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাষ্ট্ৰীয় ঘাইপথত ই- ৰিক্সা চলাচলৰ অনুমতি নাই, তেনেস্থলত এই ই- ৰিক্সাখন কেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰি আছিল সেয়া এক ডাঙৰ প্ৰশ্ন। স্থানীয় ৰাইজে এই ক্ষেত্ৰত আৰক্ষীকো দোষাৰোপ কৰে। অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ।

আনহাতে আজিৰ দিনটোতেই শিলচৰত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা।  কাছাৰ ৰাণীঘাটত আজি পুৱাৰ ভাগত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনকৈ লোকৰ মৃত্যু হয়। ঘটনাৰ বিৱৰণী অনুসৰি ব’লেৰ পিকআপ বাহন আৰু যাত্ৰীবাহী অটৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে ৫ জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱায়। শিলচৰ কালাইন ৰোডৰ ৰাণীঘাটত সংঘটিত এই পথ দুৰ্ঘটনাত মৃত্যু হোৱা আটাইকেইজনে অটোখনৰ যাত্ৰী আছিল। ইয়াৰে ৪ জন একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।

 

 

NASAৰ মহাকাশচাৰীসকলে কিমান দৰমহা লাভ কৰে?
ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...