আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন, এৰালতলি পথাৰলৈ সোঁত বৈছে অগণন ভকত-বৈষ্ণৱৰ
চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শংকৰদেৱ সংঘৰ অধিৱেশন৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল তোৰণ উন্মোচন কৰিছে জিলা আয়ুক্তই৷ ১২ বিঘা ভূমিৰ বিশাল ক্ষেত্ৰত ভকত বৈষ্ণৱক সেৱা ধৰিছে ১০ হাজাৰ সেৱক-সেৱিকাই। গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অবিৰত চৰ্চাৰ লগতে সমাহাৰ ঘটিছে সাহিত্য আৰু নানা কৃষ্টি-সংস্কৃতিৰ। বুধবাৰে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা।
![আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন, এৰালতলি পথাৰলৈ সোঁত বৈছে অগণন ভকত-বৈষ্ণৱৰ আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন, এৰালতলি পথাৰলৈ সোঁত বৈছে অগণন ভকত-বৈষ্ণৱৰ](https://images.assamtv9.com/uploads/2025/02/srimanta-sankardeva-sangha-94th-annual-session-1.jpg?w=1280)
আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ম’হবন্ধাৰ এৰালতলি পথাৰলৈ সোঁত বৈছে অগনিত ভক্তৰ। ভকতিৰ অমিয়া সুৰেৰে বিধৌত হৈছে সমগ্ৰ পৰিৱেশ। হৰি নামে মুখৰিত হৈ পৰিছে যোৰহাটৰ ম’হবন্ধাৰ বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। অধিৱেশনৰ বাকৰিত লক্ষাধিক ভক্তৰ ভিৰ। ভকত-বৈষ্ণৱ-আইসমস্তৰ পদধূলীৰে ধন্য হৈ পৰিছে এৰালতলী পথাৰ।
চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শংকৰদেৱ সংঘৰ অধিৱেশন৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল তোৰণ উন্মোচন কৰিছে জিলা আয়ুক্তই৷ ১২ বিঘা ভূমিৰ বিশাল ক্ষেত্ৰত ভকত বৈষ্ণৱক সেৱা ধৰিছে ১০ হাজাৰ সেৱক-সেৱিকাই। গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অবিৰত চৰ্চাৰ লগতে সমাহাৰ ঘটিছে সাহিত্য আৰু নানা কৃষ্টি-সংস্কৃতিৰ। বুধবাৰে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা। অধিবেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে শংকৰদেৱ সংঘৰ যুৱ বাহিনীৰ লগতে আইমাতৃসকলে পদাধিকাৰগৰাকীক উষ্ম আদৰণি জনায়।
প্ৰথম দিনটোতে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে যোৰহাট অধিৱেশনস্থলী। কেইবাদিন পূৰ্বৰে পৰা ম’হবন্ধাৰ এৰালতলি পথাৰত চলিছিল অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। ভক্তৰ বাবে বিভিন্ন আৰ্হিৰে সাজু কৰি তোলা হৈছে ২০০টা শিবিৰ। প্ৰথম দিনাৰ কাৰ্যসূচীত মূল মণ্ডপৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে। লাখ লাখ ভক্তৰ সমাগমেৰে উখল-মাখল হৈ পৰিছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।
ইফালে অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। নিশা ২ বজাৰ পৰাই এক লাখ লোকৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য। এৰালতলি পথাৰত একেলগে জ্বলিছে ২০০টা চৌকা। বৃহৎ ৰান্ধনীশালত ভকত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য। ৰান্ধনী শালত একেলগে ৯০ কেজি দাইল ৰান্ধিবৰ বাবে ব্যৱহাৰ কৰা হৈছে বিশেষ কেৰাহী। প্ৰায় ১০ হাজাৰ ভকত-বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰাকৈ কৰা হৈছে ব্যৱস্থা৷ অধিৱেশনত হাজাৰ হাজাৰ কেজি পাচলি কাটিছে আইসকলে। দৈনিক প্ৰায় ২ লাখ লোকে খাদ্য গ্ৰহণ কৰিব এই ভোজনালয়ত।
কোনো যদি গাড়ীত, কোনোজন আহিছে চাইকেল অথবা খোজকাঢ়ি আহি উপস্থিত হৈছে অধিৱেশনস্থলী। এই অধিৱেশনলৈ অসমৰ লগতে উত্তৰ পূৱৰ পৰা লাখ লাখ ভক্তৰ আগমন হ’ব বুলি আশা কৰা হৈছে । যাৰ বাবে প্ৰশাসনে কঠোৰভাৱে নিৰীক্ষণ কৰিছে আইন শৃংখলা পৰিস্থিতি । সুৰক্ষাৰ বাবে অধিৱেশনস্থলীত মোতায়েন কৰা হৈছে শ শ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ জোৱান। সুৰক্ষাৰ দায়িত্বত অসম আৰক্ষীৰ লগতে থাকিব গোৱা আৰক্ষীৰ ৭০০ জোৱান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত, বৈষ্ণৱক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে আয়োজক সমিতি।