বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ, পলাই থকা শহুৰেকক খেদি খেদি কৰায়ত্ত কৰিলে তিতাবৰ ৰাইজে

সূত্ৰৰ খবৰ অনুসৰি, যাদৱ বৰা নামৰ এজন লোকে নিজৰে বোৱাৰীয়েকক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল । এই ঘটনা সংঘটিত কৰাৰ পাছতে ঘৰৰ পলাই ফুৰিছিল অভিযুক্ত যাদৱ । যোৱা নিশা যাদৱক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খেদি খেদি কৰায়ত্ত কৰে । তিতাবৰৰ দেওঘৰীয়াত নিজ বোৱাৰীয়েককে যৌন নিৰ্যাতন চলাই যোৱা ৫ আগষ্টৰ পৰা পলাই আছিল লম্পট এই যাদৱ বৰা ।

বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ, পলাই থকা শহুৰেকক খেদি খেদি কৰায়ত্ত কৰিলে তিতাবৰ ৰাইজে

যৌন নিৰ্যাতনকাৰী যাদৱ বৰা

Published: 

24 Aug 2024 15:33 PM

ৰাজ্যখনত ইটোৰ পাছত সিটো যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে । ধিং কাণ্ডক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সষ্টি হোৱাৰ সময়তে তিতাবৰত আন এক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । শেহতীয়াকৈ যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত এগৰাকী লোকক খেদি খেদি কৰায়ত্ত কৰিছে তিতাবৰৰ ৰাইজে । সূত্ৰৰ খবৰ অনুসৰি, নিজৰে বোৱাৰীয়েকক যৌন নিৰ্যাতন কৰি পলাই আছিল তিতাবৰৰ ৰাইজে কৰায়ত্ত কৰা এই লোকজন ।

সূত্ৰৰ খবৰ অনুসৰি, যাদৱ বৰা নামৰ এজন লোকে নিজৰে বোৱাৰীয়েকক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল । এই ঘটনা সংঘটিত কৰাৰ পাছতে ঘৰৰ পলাই ফুৰিছিল অভিযুক্ত যাদৱ । যোৱা নিশা যাদৱক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খেদি খেদি কৰায়ত্ত কৰে । তিতাবৰৰ দেওঘৰীয়াত নিজ বোৱাৰীয়েককে যৌন নিৰ্যাতন চলাই যোৱা ৫ আগষ্টৰ পৰা পলাই আছিল লম্পট এই যাদৱ বৰা ।

সূত্ৰৰ অনুসৰি অভিযোগ উত্থাপন হৈছিল যে, সেই ঘটনা সংঘটিত কৰাৰ দিনৰ পৰাই লম্পট যাদৱ বৰাই ৰাজ্যৰ বিভিন্ন স্থানত পলায়ন কৰি আছিল । ইফালে, ৱোৱাৰীয়েককো এই ঘটনাৰ বিষয়তে কাৰোবাক ক’লে মৃত্যুৰ ভাবুকি দিছিল ধৃত যাদৱে । ইফালে যোৱা কালি তিতাবৰৰ ফুলবাৰীত ধৃত যাদৱক স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে গাঁও প্ৰধানক খবৰ দিয়ে স্থানীয় লোকে ।

উল্লেখ্য যে, ধৃত যাদৱ বৰাই পুনৰ পলাবলৈ চেষ্টা কৰিছিল যদিও গাঁৱৰ ৰাইজে খেদি খেদি কৰায়ত্ত কৰে । ইফালে, ৰাইজে তিতাবৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈছে ধৃত যাদৱ বৰাক নিজৰ জিম্মাত লয় ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে