২৬ পাৰহৈ এইবাৰ ২৭ বছৰ হ’ল ! গাঁওখনত উদযাপন কৰা নাই ভোগালী উৰুকা, জ্বলা নাই মেজি
আজি ভোগালী বিহুৰ উৰুকা উপলক্ষে উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে দেখা গৈছে উছাহৰ ধল । কিন্তু এখন গাঁও যোৱা ২৫ টা বছৰৰ দৰেই নিজম পৰি আছে । গাঁওখনত উদযাপন নহয় ভোগালী বিহুৰ উৰুকা । পঢ়ক সবিশেষ-
আজি ভোগালী বিহুৰ উৰুকা । নিশালৈ লগে-ভাগে এসাঁজ খোৱাৰ বাবে পুৱাৰে পৰাই জা-যোগাৰত লাগিছে সকলো । ভাগে ভাগে মাছ, মঙহ, পাচলি গোটাই ভোগালী উৰুকা উদযাপনৰ বাবে সাজু হৈছে অসমীয়া । আনফালে, ঘৰৰ জীয়ৰী-বোৱাৰীয়ে পিঠা-পনা, লাৰু-সান্দহ আদি সাজু কৰিছে বিহুত অতিথিক খুৱাবলৈ । এনে বিহুৰ বতৰত কেনেকৈনো অসমীয়াই চেঁপি ৰাখে মনৰ উছাহ !
পিচে অসমৰে এখন গাঁও এইক্ষেত্ৰত ব্যতিক্ৰম । এসময়ত এই গাঁওখনতো আছিল ৰং-ৰহইচেৰে উৰুকা উদযাপনৰ পৰম্পৰা । পিছে ২৭ বছৰ পূৰ্বে গাঁওখনৰ পৰা হেৰাই গৈছিল ভোগালী উৰুকাৰ ৰং । সেই নিশাটো গাঁওবাসীৰ বাবে হৈ পৰিছিল এটা অভিশপ্ত কাল অমানিশা । আজিও সেই নিশাটোৰ কথা মনত পৰিলে গাঁওখনৰ লোকসকলৰ বুকু কঁপি উঠে, দুচকু চকুলোৰে উপচি পৰে ।
কোনখন গাঁৱত পালন নকৰে উৰুকা জানেনে আপুনি ?
সেয়া ১৯৯৮ চনৰ কথা । অসমত তেতিয়া মুখ্য়মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰলৈ শাসন চলাইছিল অসম গণ পৰিষদ দলে । সেই সময়ত বড়োভূমি উত্তাল কৰি তুলিছিল বি এল টি নামৰ সংগঠনটোৱে । সেই বছৰৰে ১৩ জানুৱাৰীত তেতিয়াৰ নলবাৰী আৰু বৰ্তমান বাক্সা জিলাৰ অন্তৰ্গত কেকেৰীকুছি গাঁৱত ৰাইজে উৰুকাৰ ভোজ-ভাতৰ যোগাৰ কৰিছিল । নিশা ঠিক ৮.৩০ বজাত অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীয়ে গাঁওখনত অতৰ্কিতে আক্ৰমণ চলায় ।
ঘাতকৰ গুলীচালনাত থিতাতে বাগৰি পৰিছিল শিশু-মহিলা-পুৰুষসহ ১৭ গৰাকী নীৰিহ । ভোগালী বিহুৰ দিনা কেকেৰীকুছিত জ্বলা নাছিল মাঘৰ মেজি । জ্বলিছিল ১৭ খনকৈ চিতা । একেলগে জ্বলা ১৭ খন চিতাৰ জুইত যেন চিৰদিনৰ বাবে ছাঁই হৈ গৈছিল ভোগালীৰ আনন্দ ।
এই নৃশংস ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আছিল- জয়মতী কলিতা, হেমচন্দ্ৰ কলিতা, দ্বিপেন কলিতা, প্ৰতিমা কলিতা, ফেলেনী ভূঞা, বীণা ভূঞা, লিপিকা কলিতা, গীতাঞ্জলী কলিতা, ধনেশ্বৰ কলিতা, হিৰণ কলিতা, গীতাৰাণী কলিতা, নৱজিত কলিতা, কুঞ্জপ্ৰভা কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা, প্ৰমোদ কলিতা আৰু মহেশ্বৰ হালৈ ।
তেতিয়াৰে পৰা কেকেৰীকুছিৰ ৰাইজে কোনো বছৰেই উদযাপন কৰি পোৱা নাই ভোগালী বিহুৰ উৰুকা । কালৰ বুকুত সেই ঘটনা অতীত হ’ল যদিও কেকেৰীকুছিবাসীৰ বুকুত সেয়া এটুকুৰা কেঁচা ঘাঁ হিচাপে ৰৈ গ’ল । পৰিতাপৰ কথা যে আজি পৰ্যন্ত সেই ঘটনাৰ কোনো অপৰাধী চিনাক্তই নহ’ল । অগপ চৰকাৰৰ পাছত কংগ্ৰেছ চৰকাৰ আৰু তাৰ পাছত বিজেপিৰ চৰকাৰ হ’ল । কিন্তু কেকেৰীকুছিবাসীক কোনেও যেন দিব নোৱাৰিলে ন্যায় ।
গাঁওখনৰ শিশুসকলে মেজি-ভেলাঘৰ, উৰুকাৰ ভোজ-ভাত আদি টিভিত দেখিছে যদিও নিজৰ গাঁৱত কিন্তু আজিলৈকে সেয়া দেখা পোৱা নাই । ভোগালী উৰুকাৰ নিশা প্ৰতিবছৰেই গাঁওখনৰ লোকসকলে এগছি বন্তি জ্বলাই মৃতকৰ আত্মাৰ সদগতি কামনাৰে ঈশ্বৰক প্ৰাৰ্থনা জনায় আৰু উপবাসে থাকে ।