5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুটা ভাগত হৈছে বিভক্ত হৈছে নেকি আপ, অসম? ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগ!

অভিযোগ সন্দৰ্ভত আপে কয়, ৰাজ্যৰ একাংশ সংবাদ পত্ৰ তথা ডিজিটেল মাধ্যমত আম আদমী পাৰ্টি সন্দৰ্ভত প্ৰকাশিত এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আপৰ পৰা বহিস্কৃত চন্দনজ্যোতি ফুকনে শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰি দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মনে সজা অভিযোগ উত্থাপন কৰিছে।

দুটা ভাগত হৈছে বিভক্ত হৈছে নেকি আপ, অসম? ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগ!
আপৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগ!
trishna-kalita
Trishna Kalita | Updated On: 09 Oct 2024 20:01 PM

আম আদমী পাৰ্টি অসমৰ সভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এক ডাঙৰ অভিযোগ। বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগ সভাপতিগৰাকীৰ বিৰুদ্ধে। ইয়াৰ পাছতে এই অভিযোগ নস্যাৎ কৰিছে আম আদমী পাৰ্টি অসমৰ। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আখ্যা। ইয়াৰ উপৰিও আপত ব্ৰজেন সন্দিকৈ গোট বুলি কোনো পৃথক গোটৰ অস্তিত্ব নাই জনালে আপে।

এই সন্দৰ্ভত আপে কয়, ৰাজ্যৰ একাংশ সংবাদ পত্ৰ তথা ডিজিটেল মাধ্যমত আম আদমী পাৰ্টি সন্দৰ্ভত প্ৰকাশিত এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আপৰ পৰা বহিস্কৃত চন্দনজ্যোতি ফুকনে শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰি দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মনে সজা অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। সভাপতি ধানোৱাৰ ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগ সম্পূৰ্ণ প্ৰৰোচনামূলক। তদুপৰি বাতৰিত প্ৰকাশ পোৱাৰ দৰে আপত ব্ৰজেন সন্দিকৈ গোট বুলি কোনো পৃথক গোটৰ অস্তিত্ব নাই।

 

ইয়াৰ উপৰিও ৰাজ্যিক আপ নেতৃত্বই কয়, দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ব্ৰজেন সন্দিকৈ, চন্দনজ্যোতি ফুকন, নাৰায়ণ দত্ত ভূঞা, অনুৰূপা বড়ো আৰু মুনীন গগৈ আপৰ পৰা বহিস্কৃত হোৱাৰ পিছত ৰাজ্যিক নিৰ্বাচনী বিষয়াই বহিস্কৃত সদস্য কেইজনক আপৰ নাম ব্যৱহাৰ নকৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে তেওঁলোকে উদ্দেশ্য প্ৰণোদিত ভাবে সম্বোধন কৰা সংবাদমেল সম্পূৰ্ণ নীতি বিৰুদ্ধ আৰু বিভ্ৰান্তিকৰ।

ইফালে নতুন কাৰ্যনিৰ্বাহক গঠনৰ পিছতে ক্ৰমাৎ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে আম আদমী পাৰ্টিৰ অসম শাখাৰ। দলটোৱে এফালে দলীয় ভেটি শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে সাংগঠনিক কাম কাজত মনোনিৱেশ কৰাৰ সমান্তৰালকৈ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। ইতিপূৰ্বে দলটোৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছিল। এই স্থিতিকে স্পষ্টৰূপত প্ৰতিফলিত কৰি আম আদমী পাৰ্টিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণপ্ৰস্তুতি।

গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপ, অসমৰ নতুন সভাপতি মনোজ ধানোৱাৰে ৰাজ্যৰ সকলো গাওঁ পঞ্চায়ত আৰু জিলা পৰিষদতে দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প ঘোষণা কৰে। সংবাদমেলত ৰাজ্যিক সভাপতি গৰাকীয়ে আনুষ্ঠানিক ভাৱে পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ বাবে আবেদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে।

ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা আসনত ৫ হাজাৰো অধিক ভোটৰ ব্যৱধানত বিজেপি বিৰুদ্ধে জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী মেহৰাজ মালিক । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভাৰ আসনত জয়লাভ কৰি পঞ্চম ৰাজ্যত একাউণ্ট খোলাৰ বাবে মঙলবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দলটোক অভিনন্দন জনায়

Latest News