5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈছে আপঃ মুকলি কৰিলে শ্ল’গান, প্ৰাৰ্থিত্বৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণপ্ৰস্তুতি আৰম্ভ কৰিছে আম আদমী পাৰ্টিৰ অসম শাখাই। আজি আপে আগন্তুক নিৰ্বাচনৰ বাবে দলীয় শ্ল’গান মুকলি কৰিছে। লগতে পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ বাবে আবেদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আপে।

পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈছে আপঃ মুকলি কৰিলে শ্ল’গান, প্ৰাৰ্থিত্বৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ
পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ আপৰ
monjit-dutta
Monjit Dutta | Published: 07 Oct 2024 18:34 PM

নতুন কাৰ্যনিৰ্বাহক গঠনৰ পিছতে ক্ৰমাৎ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে আম আদমী পাৰ্টিৰ অসম শাখাৰ। দলটোৱে এফালে দলীয় ভেটি শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে সাংগঠনিক কাম কাজত মনোনিৱেশ কৰাৰ সমান্তৰালকৈ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। ইতিপূৰ্বে দলটোৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছিল। এই স্থিতিকে আজি স্পষ্টৰূপত প্ৰতিফলিত কৰি আম আদমী পাৰ্টিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণপ্ৰস্তুতি।

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপ, অসমৰ নতুন সভাপতি মনোজ ধানোৱাৰে ৰাজ্যৰ সকলো গাওঁ পঞ্চায়ত আৰু জিলা পৰিষদতে দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প ঘোষণা কৰে। সংবাদমেলত ৰাজ্যিক সভাপতি গৰাকীয়ে আনুষ্ঠানিক ভাৱে পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ বাবে আবেদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে।

দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলে অনলাইন অথবা অফলাইন পদ্ধতিত এই আবেদন পত্ৰ দাখিল কৰিব পাৰিব বুলি আপৰ নেতৃত্বই সদৰী কৰিছে। সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াই পঞ্চায়ত নিৰ্বাচনক লৈ দুটা বিশেষ দলীয় শ্লোগান যথাক্ৰমে  “আমাৰ গাওঁ, আমাৰ পঞ্চায়ত, আমাৰ উন্নয়ন” আৰু “স্বচ্ছ পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে আগুৱাই যাওঁক” শীৰ্ষক শ্লোগান মুকলি কৰে।

আনহাতে, দলৰ উপ সভাপতি অনুৰূপা ডেকাৰজাই ৰাজ্য চৰকাৰৰ নিযুত মইনা আঁচনি ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰী বৈষম্যৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে সৰৱ হয়। অনুৰূপা ডেকাৰজাৰ দাবী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বেটী বাচাওঁ, বেটী পঢ়াওঁ’ শ্লোগান দিয়ে, অথচ অসমত বিজেপি চৰকাৰে ৰাজ্যখনৰ ভেঞ্চাৰ স্কুলৰ ৫০ হাজাৰতকৈ অধিক ছাত্ৰীক নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত কৰিছে।

আম আদমী পাৰ্টিয়ে চৰকাৰক ভেঞ্চাৰ স্কুলৰ ছাত্ৰী সকলকো আঁচনিৰ ধন প্ৰদান কৰিবলৈ দাবী জনায়। সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ জলজীৱন আঁচনি ৰূপায়ণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰে সপ্তাহত দুবাৰকৈ ঋণ লৈছে, অথচ জলজীৱন আঁচনি ৰূপায়নৰ বাবে ঠিকাদাৰক ধন আদায় দিব পৰা নাই বুলি তেওঁ অভিযোগ কৰে।

আপ নেত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ বিপক্ষে আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰিছে। তেওঁৰ দাবী, ঋণত পোত যোৱা চৰকাৰে কৃষি বিপনণ পৰিষদৰ কৰ্মচাৰীৰ ১৭ মাহে দৰমহা আদায় দিব পৰা নাই। দৰমহা নোপোৱাৰ ফলত নলবাৰীৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰিছে বুলি অভিযোগ কৰে পুনম গগৈয়ে। এই ঘটনাই বৰ্তমান চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে বুলি তেওঁ লগতে দাবী কৰে।

Latest News