শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৫ মাহৰ পাছত অসমত পুনৰ আপক নেতৃত্ব দিব ভবেন চৌধুৰীয়ে…

পাঁচ মাহৰ পাছত পুনৰ ভবেন চৌধুৰীক আপৰ অসম ৰাজ্যিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে । জানিব পৰা মতে, "ব্যক্তিগত কাৰণত" দলৰ স্থায়ী সভাপতি মনোজ ধানোৱাৰ সক্ৰিয় নহয় । যাৰে বাবে তেওঁৰ বিকল্প হিচাপে দলে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ভবেন চৌধুৰীক দায়িত্ব অৰ্পন কৰিছে ।

৫ মাহৰ পাছত অসমত পুনৰ আপক নেতৃত্ব দিব ভবেন চৌধুৰীয়ে…
ভবেন চৌধুৰী
manas-borah
Manas Borah | Updated On: 02 Mar 2025 13:32 PM

আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ভবেন চৌধুৰীক । পাঁচ মাহৰ পাছত পুনৰ ভবেন চৌধুৰীক আপৰ অসম ৰাজ্যিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে । জানিব পৰা মতে, “ব্যক্তিগত কাৰণত” দলৰ স্থায়ী সভাপতি মনোজ ধানোৱাৰ সক্ৰিয় নহয় । যাৰে বাবে তেওঁৰ বিকল্প হিচাপে দলে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ভবেন চৌধুৰীক দায়িত্ব অৰ্পন কৰিছে ।

এইলৈ শনিবাৰে কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিয়া হয় । ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতিৰ হিচাপে আপৰ নেতৃত্ব দিব আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ভবেন চৌধুৰীয়ে ।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মনোজ ধানোৱাৰে আপৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব হৈছিল । কিন্তু কোনো ব্যক্তিগত কাৰণত দলটোৰ নেতৃত্বৰ কাম কাজৰ পৰা বিৰত আছে ধানোৱাৰ । ধনোৱাৰে দায়িত্ব লোৱাৰ পূৰ্বে আপ অসমৰ মৰব্বী আছিল ভবেন চৌধুৰী । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ভবেন চৌধুৰীয়ে দাবী কৰে যে, আকাশলংঘী মূল্য, সাম্প্ৰদায়িক মন্তব্য, বনাঞ্চল ধ্বংস আৰু অসমৰ পুনৰাবৃত্তিমূলক বানৰ দৰে জটিল বিষয়সমূহৰ সমাধানত ব্যৰ্থ হৈছে চৰকাৰ।

তদুপৰি, বৰ্তমানৰ বিজেপিৰ চৰকাৰে আইন-শৃংখলাজনিত ঘটনা ৰোধ কৰাত ব্যৰ্থ হোৱা বুলিও অভিযোগ কৰে ভবেন চৌধুৰীয়ে । একেদৰে অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নথি বুলি আখ্যা দি সমালোচনা কৰে ভবেন চৌধুৰীয়ে ।

লগতে বৰ্তমানৰ ৰাজনৈতিক ধাৰা অসমৰ ভৱিষ্যতৰ বাবে অত্যন্ত বিপজ্জনক বুলি দাবী কৰিছে ভবেন চৌধুৰীয়ে।