5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্যত অকলেই পঞ্চায়ত নিৰ্বাচন খেলিব আপে! হুংকাৰ নতুন সভাপতি মনোজ ধানোৱাৰৰ

আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ নতুন সভাপতি মনোজ ধানোৱাৰে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপে অন্য কোনো দলৰ সৈতে বুজাবুজি কৰাৰ পৰিৱৰ্তে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত প্ৰদান কৰিছে। তেওঁ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক আপৰ নেতা-কৰ্মী সকলৰ বাবে কোৱাৰ্টাৰ ফাইনেল বুলিও অভিহিত কৰে।

ৰাজ্যত অকলেই পঞ্চায়ত নিৰ্বাচন খেলিব আপে! হুংকাৰ নতুন সভাপতি মনোজ ধানোৱাৰৰ
আপ অসমৰ নতুন সভাপতি মনোজ ধানোৱাৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 22 Sep 2024 21:34 PM

আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে মনোজ ধানোৱাৰে। বিদায়ী সভাপতি ডাঃ ভবেন চৌধুৰীৰ স্থানত ধানোৱাৰে আপৰ ৰাজ্যিক শাখাৰ সভাপতি পদ গ্ৰহণ কৰিছে। সভাপতি পদ গ্ৰহনৰ পিছতে আজি আপৰ নৱ নিযুক্ত সভাপতি গৰাকীয়ে আজি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি কৰাৰ পৰিৱৰ্তে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত মনোজ ধানোৱাৰে। আন দলৰ সৈতে বুজাবুজিৰ পৰিৱৰ্তে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি আপে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ মন্তব্য কৰিছে।

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যকৰ্তা সম্বোধন সভাত পঞ্চায়ত এই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰে নৱ নিযুক্ত ৰাজ্যিক সভাপতিগৰাকীয়ে। তেওঁ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক আপৰ নেতা-কৰ্মী সকলৰ বাবে কোৱাৰ্টাৰ ফাইনেল বুলিও অভিহিত কৰে আৰু সেয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কৰ্মী সকল এতিয়াৰ পৰাই সাজু হোৱা উচিত বুলিও পৰামৰ্শ দিয়ে।

ধানোৱাৰে লগতে বিগত দিনত দলৰ মজিয়াৰ পৰা আঁতৰি থকা দলৰ কৰ্মী সকলক পুনৰ দলৰ মজিয়ালৈ উভতি আহিবলৈ আহ্বান জনায়। ইফালে অসমৰ চৰকাৰী স্কুল সমূহৰ অৱস্থা শোচনীয় বুলি অভিযোগ কৰি ধানোৱাৰে আম আদমী পাৰ্টিৰ উন্নয়নৰ ৰাজনীতি দোহাই দি চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়ন দলটোৰ লক্ষ্য বুলি মন্তব্য কৰে। অসমতো আপে দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত বিশ্ব মানদণ্ডৰ চৰকাৰী স্কুল স্থাপন কৰিব বিচাৰে বুলি মন্তব্য কৰে আপ সভাপতিগৰাকীয়ে।

লগতে আপৰ চৰকাৰ হ’লে ব্যক্তিগত খণ্ডৰ স্কুলতকৈ চৰকাৰী স্কুলৰ মানদণ্ড উন্নত হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। উন্নত শিক্ষাৰ লগতে বিনামূলীয়া তথা উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে আপ ৰাইজৰ ওচৰত দায়বদ্ধ থাকিব বুলিও তেওঁ লগতে কয়। ইফালে ৰাজ্যত শেহতীয়াকৈ স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি চলি থকা বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে।

তেওঁৰ দাবী, দিল্লী আৰু পাঞ্জাৱত আপ চৰকাৰে ২০০ ৰ পৰা ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দি আছে। কিন্তু অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগাই ৩০০/৪০০ ইউনিটৰ বিল জনসাধাৰণৰ পৰা কাঢ়ি লৈছে। “আমি অসমৰ ৰাইজক বুজাম যিদিনা অসমত আম আদমি পাৰ্টীৰ চৰকাৰ আহিব আমিও স্মাৰ্ট মিটাৰ লগাম। কিন্তু আমাৰ স্মাৰ্ট মিটাৰে ৰাইজক ৩০০ ইউনিটলৈকে বিজুলী বিনামূলীয়াকৈ দিব।”- ধানোৱাৰে কয়।

ধানোৱাৰে লগতে ৰাজ্য চৰকাৰৰ বসুন্ধৰা আঁচনি ব্যৰ্থ হোৱা বুলিও অভিযোগ কৰে। বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত কিমানজনে মাটিৰ পট্টা লাভ কৰিছে চৰকাৰক সেই তথ্য ৰাজহুৱা কৰিবলৈ ধানোৱাৰে প্ৰত্যাহ্বান জনায়। আম আদমী পাৰ্টি ক্ষমতাত অধিষ্ঠিত হ’লে প্ৰতিগৰাকী থলুৱা লোকক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নেতাগৰাকীয়ে।

কাৰ্যকৰ্তা সম্বোধন সভাত অংশগ্ৰহণ কৰা আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, “অসমত আম আদমী পাৰ্টি দুৰন্ত গতিত আগবাঢ়িছে। এটা সময়ত সৰু কোঠাত আপৰ কাৰ্যালয় আৰম্ভ কৰি দলৰ কাম- কাজ চলোৱা হৈছিল। আজি গুৱাহাটীত দলৰ এই বৃহৎ আকাৰৰ কাৰ্যালয়ৰ পৰা সাংগঠনিক কাম কাজ চলোৱা হৈছে। তথাপিও  আজি আমি সভাগৃহত সকলোকে বহিবলৈ ঠাই দিব পৰা নাই।“

আগন্তুক দিনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সমূহত আম আদমী পাৰ্টিয়ে বিজয়ৰ লক্ষ্যৰে আগবাঢ়িব বুলিও তেওঁ হুংকাৰ দিয়ে। ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু অসমত ধানোৱাৰৰ নেতৃত্বত আপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰাজেশ শৰ্মাই মন্তব্য কৰে। ইফালে আপৰ বিদায়ী ৰাজ্যিক সভাপতি তথা নতুনকৈ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্ত হোৱা ডাঃ ভবেন চৌধুৰীকো আজি কৰ্মী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে।

ডাঃ চৌধুৰীয়ে নতুন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত  দলে ভাল ফল প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে। এই সভাত আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, পুনম গগৈ আৰু অসম লেবাৰ পাৰ্টিৰ নেতা বীৰেন মিৰ্ধায়ো বক্তব্য আগবঢ়ায়।

Latest News