মহিলাক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে অসম চৰকাৰঃ নাহৰজান বাগিচা কাণ্ডৰ পিছতে ক্ষোভ প্ৰকাশ আপৰ | AAP Assam Slams Assam govt on Bokakhat Naharjan Tea Estate case Assam news - Assam Tv9

মহিলাক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে অসম চৰকাৰঃ নাহৰজান বাগিচা কাণ্ডৰ পিছতে ক্ষোভ প্ৰকাশ আপৰ

বোকাখাতৰ নাহৰজান চাহ বাগিচাত এগৰাকী কিশোৰীক ৫৫ বছৰ বয়সৰ এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ অভিযুক্ত মনোজ নাইক নামৰ লোকজনক স্থানীয় লোকে উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিছে। নাহৰজান বাগিচাত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আপ অসম।

মহিলাক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে অসম চৰকাৰঃ নাহৰজান বাগিচা কাণ্ডৰ পিছতে ক্ষোভ প্ৰকাশ আপৰ

সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈ

Published: 

08 Nov 2024 16:06 PM

দৈনিক বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধমূলক কাৰ্যকলাপ। দেশৰ সমান্তৰালকৈ ৰাজ্যতো নিয়মিত এনে লজ্জাজনক কাণ্ডৰ খবৰ পোহৰলৈ আহিছে। বোকাখাতৰ নাহৰজান চাহ বাগিচাত শেহতীয়াকৈ সংঘটিত হোৱা কিশোৰী ধৰ্ষণৰ ঘটনাই পুনৰ জোকাৰিছে ৰাজ্য। গোলাঘাট জিলাৰ অন্তৰ্গত নাহৰজান চাহ বাগিচাত এগৰাকী কিশোৰীক ৫৫ বছৰ বয়সৰ এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ অভিযুক্ত মনোজ নাইক নামৰ লোকজনক স্থানীয় লোকে উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিছে। ইয়াৰ পিছতো কিন্তু আৰক্ষীৰ ভূমিকাক লৈ আশ্বস্ত হোৱা নাই স্থানীয় লোক।

নাহৰজান বাগিচাত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আপ অসম। ৰাজ্যত মহিলাসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে আপে। গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে নাহৰজান বাগিছাৰ ধৰ্ষণকাণ্ডৰ নিৰপেক্ষ তদন্তৰ লগতে অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়।

বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰি আপ নেত্ৰীগৰাকীয়ে ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে বুলি ক্ষোভ প্ৰকাশ কৰে। চলিত বছৰতে ৰাজ্যখনত ৭ শতাধিক নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰে পুনম গগৈয়ে।

এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয় বুলি মন্তব্য কৰি আপ নেত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে বুলি দাবী কৰে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে বুলিও দাবী কৰে আপ নেত্ৰীগৰাকীয়ে।

বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় পুনম গগৈয়ে। তেওঁ লগতে এক সমীক্ষাত অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হোৱাৰ তথ্য প্ৰকাশ পাইছে বুলিও দাবী কৰিছে। ৰাজ্যৰ চুকে কোণে প্ৰায় প্ৰতিদিনে এটাৰ পিছত আনটো বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। তেওঁৰ দাবী, বলাৎকাৰৰ অভিযুক্ত সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে।

যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰি পুনম গগৈয়ে লগতে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ দাবী জনায়।

Ayushman Vaya Vandana Cardৰ বাবে কেনেদৰে আবেদন কৰিব? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক
গৰ্ভাৱস্থাত কলাখাৰৰ খোৱা উচিত নে?
Winter Skincare : শীতকালত এইদৰে লওক ছালৰ যতন
শৰীৰত প্ৰ'টিনৰ মাত্ৰা কমিলে কেনেকৈ গ'ম পাব?