শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৮ বছৰ কাম কৰাৰ পাছত পলিটেকনিকৰ ৬৮ প্ৰবক্তাই হেৰুৱালে চাকৰি! ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ আছুৰ…

চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে ৬৮ গৰাকী পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই হেৰুৱালে চাকৰি। এই সন্দৰ্ভত ন্যায়ৰ দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

৮ বছৰ কাম কৰাৰ পাছত পলিটেকনিকৰ ৬৮ প্ৰবক্তাই হেৰুৱালে চাকৰি! ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ আছুৰ…
উৎপল শৰ্মাImage Credit source: Social media (Utpal sarma)
barasha-sarma
Barasha Sarma | Published: 13 Mar 2025 12:37 PM

চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে  ৬৮ গৰাকী পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই হেৰুৱালে চাকৰি। এই বিষয়টোক লৈ কালি বিধানসভা উত্তাল কৰিছিল বিৰোধিয়ে। চাকৰি ঘূৰাই দিয়াৰ দাবী কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল বিৰোধিয়ে। ইয়াৰ মাজতে এই বিষয়টোত ন্যায়ৰ দাবী বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰে।

আছুৰ চিঠিখন তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

“অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে যদিও কোনো সুফল পোৱা নাই। তাৰ মাজতে এই সকল শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথাহে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আজি এই সমগ্র বিষয়টো সন্দর্ভত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। মানৱীয় দৃষ্টিভংগীৰে শিক্ষকসকলৰ সংস্থাপনৰ দিশটো বিবেচনা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত এক বিবৃতিযোগে কয় যে- বিগত বর্ষসমূহত অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আৰু প্ৰশাসনীয় কাম-কাজৰ ক্ষেত্ৰত অংশকালীনভাৱে নিযুক্তি প্রাপ্ত এই শিক্ষকসকলৰ অৱদান নুই কৰিব নোৱাৰি। অসমৰ পলিটেকনিকসমূহত স্থায়ী নিযুক্তি দিব বিচৰাটো ইতিবাচক কথা। পদসমূহত যোগ্যতাৰ ভিত্তিত স্বচ্ছ নিযুক্তি হোৱাটো ছাত্ৰ সন্থাই বিচাৰে। একে সময়তে, অত বছৰে নিঃস্বার্থভাৱে সেৱা আগবঢ়াই অহা অংশকালীন চাকৰিয়ালসকলকো দলনিত পোনা মেলা দি আঁতৰাই দিব খোজাটোও গ্রহণযোগ্য নহয়।

এইসকল শিক্ষকৰো মেধা আৰু যোগ্যতাৰ ভিত্তিতেই নির্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে নিযুক্তি হৈছিল। তেওঁলোকৰ প্রায় সংখ্যকেই পৰিয়ালৰ একমাত্র উপাৰ্জনকাৰী। অনেকৰ নতুন চাকৰিৰ আবেদনৰ বয়সো উকলি গৈছে। তেনে প্রেক্ষাপটত তেওঁলোকক এইদবে চাকৰিৰ পৰা খেদি দিব বিচৰাটো মানৱতাৰ পৰিপন্থী হৈছে বিষয়টো মানৱীয় দৃষ্টিৰে বিবেচনা কৰি এক বিশেষ নীতিৰ আধাৰত এই সকল শিক্ষকৰো সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ছাত্র সন্থাই আহ্বান জনাইছে। এইদৰে হঠাৎ সংস্থাপন হেৰুৱাবলগীয়া হ’লে পৰিয়ালসমূহলৈ অন্ধকাৰ নামি আহিব। বিষয়টো সন্দর্ভত ছাত্র সন্থাই মুখ্যমন্ত্রীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে”।

উল্লেখ্য যে, ৰাজ্যৰ ১১ নতুন পলিটেকনিক আৰু বৰাক ভেলীৰ ইঞ্জিনীয়াৰিং কলেজৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি এই প্ৰবক্তাসকলক ২০১৭ চনত নিযুক্তি দিয়া হৈছিল। এই প্ৰবক্তাসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা মহানগৰীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। কিন্তু চৰকাৰৰ সঁহাৰি লাভৰ পৰিবৰ্তে ৬৮ গৰাকীকৈ প্ৰতিষ্ঠাপক প্ৰবক্তাই চাকৰি হেৰুৱায়। ৮ বছৰ ধৰি চাকৰি কৰাৰ পাছত এতিয়া চাকৰি হেৰুৱাই দিশহাৰা হৈ পৰিছে প্ৰবক্তাসকল। এতিয়া এই প্ৰবক্তাসকলে চাকৰি ঘূৰাই বিচাৰি চৰকাৰক অনুৰোধ জনাই আহিছে।