টেলিকম কোম্পানীৰ বিকৃত অসমীয়া বাৰ্তা বন্ধ কৰাৰ দাবী, প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ আছুৰ
অসমীয়া ভাষাৰ বিকৃতকৰণ বন্ধ কৰাৰ দাবী আছুৰ। এই সন্দৰ্ভত সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।
টেলিকম কোম্পানীৰ বিকৃত অসমীয়া বাৰ্তা বন্ধ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। এই সন্দৰ্ভত ৭ জানুৱাৰী, ২০২৫-ত আছুৱে এখন জৰুৰী চিঠি প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। চিঠিখনত আছুয়ে অসমীয়া ভাষাৰ বিকৃতকৰণ কৰাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ধ্ৰুপদী ভাষাৰ অপমান সহ্য কৰা নহয় বুলি কয়। ইয়াৰোপৰি অশুদ্ধ অনুবাদ আৰু অশুদ্ধ উচ্চাৰণৰ অসমীয়া বিজ্ঞাপনো বন্ধ কৰাৰ দাবী জনাই ছাত্ৰ সংগঠনটোয়ে।
আছুয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰকাশ কৰা এখন চিঠি অসম্পাদিত ৰূপত তলত উল্লেখ কৰা হ’ল-
” যোৱাটো বৰ্ষত অসমৰ জনসাধাৰণৰ বাবে আটাইতকৈ সুখৰ বতৰাবোৰৰ অন্যতম আছিল অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো। ভাৰত চৰকাৰে প্ৰদান কৰা এই স্বীকৃতিয়ে জাতিটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে ভাষাটোৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে আমাক আটাইকে অধিক সচেতন আৰু দায়িত্বশীল কৰি তুলিলে। তেনে প্রেক্ষাপটতে শেহতীয়াকৈ ‘চাইবাৰ চিকিউৰিটি’ৰ সজাগতাৰ নামত টেলিকম কোম্পানীসমূহে ভাষাটোৰ বিকৃতকৰণেৰে প্ৰচাৰ কৰা এটি বাৰ্তাই সৰ্বত্রে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অশুদ্ধ অনুবাদ আৰু উচ্চাৰণেৰে টেলিকম কোম্পানীসমূহে ধ্রুপদী ভাষাটোৰ মৰ্যাদা হানি কৰি থকা কাৰ্যত ক্ষোভ আৰু উদ্বিগ্নতা প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই। এই বিভ্রান্তিকৰ বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰি শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ দাবীৰে আজি প্রধানমন্ত্রী আৰু মুখ্যমন্ত্ৰীলৈ ছাত্ৰ সন্থাই জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্রী উৎপল শর্মা আৰু ভাঃ সাধাৰণ সম্পাদক শ্রী চর্জুন হাঞ্চেই এই সন্দর্ভত এক বিজ্ঞপ্তিযোগে কয় যে-শেহতীয়াকৈ টেলিকম কোম্পানীসমূহে ‘চাইবাৰ চিকিউৰিটি’ সন্দৰ্ভত এক সজাগতা বার্তা প্ৰচাৰ কৰি আছে। এইক্ষেত্ৰত অত্যন্ত ভুল অনুবাদ, উচ্চাৰণ আৰু কথনশৈলীৰে অসমীয়া ভাষাটো বিকৃতভাৱে ব্যৱহাৰ কৰি আছে। বার্তাটোৰে সজাগতাতকৈ বেছি বিভ্রান্তি আৰু ক্ষোভৰহে সৃষ্টি কৰিছে। ধ্রুপদী ভাষাটোৰ এনে অপমান সহ্য কৰা নহ’ব। এই বিকৃত বাৰ্তাৰ প্ৰচাৰ বন্ধ হ’ব লাগে আৰু শুদ্ধকৈ বাণীৱদ্ধ বাৰ্তাৰে সজাগতা সৃষ্টি কৰিব লাগে। ছাত্ৰ সন্থাই দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্রীলৈ আজি এই দাবীৰে পত্ৰ প্ৰেৰণ কৰিছে। ভাষাটোৰ মৰ্যাদা অটুট থাকিবই লাগিব”।
“অশুদ্ধ অনুবাদ আৰু উচ্চাৰণৰ অসমীয়া বিজ্ঞাপন বন্ধ কৰাৰ দাবী ছাত্ৰ সন্থাৰ: অসমৰ কাকত, দূৰদৰ্শন আৰু অন্যান্য মাধ্যমত অশুদ্ধ অনুবাদ আৰু উচ্চাৰণেৰে প্ৰচাৰ হৈ থকা অসমীয়া বিজ্ঞাপনসমূহ বন্ধ কৰাৰ দাবী জনাইছে ছাত্র সন্থাই। অসমৰ মুখ্যমন্ত্ৰীলৈ এই বিষয়ে জৰুৰী চিঠি প্রদান কৰি ছাত্ৰ সন্থাই কয় যে-দেশী-বিদেশী বিভিন্ন কোম্পানীয়ে অসমীয়া ভাষাত বিজ্ঞাপন প্ৰকাশৰ বেলিকা অসমীয়া ভাষাৰ উচ্চাৰণ আৰু ব্যাকৰণৰ সামান্যতমো ধাৰণা নথকা বাহিৰা গোষ্ঠীৰদ্বাৰা বিজ্ঞাপনসমূহ অনুবাদ কৰায়।
তেনে বিজ্ঞাপনসমূহেৰে অসমৰ কাকত, দূৰদৰ্শন, দেৱাল, হোর্ডিংসমূহ ভৰি পৰিছে। এই বিজ্ঞাপনসমূহে ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱা অসমীয়া ভাষাটোৰ দৈনিক অপমান কৰি আছে। এনে বিকৃত বিজ্ঞাপনৰ প্ৰচাৰ বন্ধ কৰিব লাগে। শুদ্ধকৈ অনুবাদ কৰি বিজ্ঞাপনসমূহ প্ৰচাৰ কৰিবলৈ কোম্পানীসমূহক বাধ্য কৰিব লাগে। অসমৰ উপযুক্ত থলুৱা ব্যক্তি বা অনুষ্ঠানক এনে কামত জড়িত কৰি ল’লে ভাষাটোৰ মর্যাদা অটুট থাকিব”।