১৮ ছেপ্টেম্বৰত আছুৰ কাৰ্যনিৰ্বাহক বৈঠকঃ সাধাৰণ সম্পাদক সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা

অহা ১৮ ছেপ্টেম্বৰত আছুৰ এক জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত ১৮ ছেপ্টেম্বৰৰ বিয়লি ৩.৫৫ বজাত এই জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি আছুৰ সভাপতি উৎপল শৰ্মাই এক জাননী যোগে সদৰী কৰিছে।

১৮ ছেপ্টেম্বৰত আছুৰ কাৰ্যনিৰ্বাহক বৈঠকঃ সাধাৰণ সম্পাদক সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা

আছুৰ কাৰ্যনিৰ্বাহক বৈঠক আহ্বান

Updated On: 

16 Sep 2024 13:46 PM

এগৰাকী যুৱতীয়ে উত্থাপন কৰা প্ৰতাৰণাৰ অভিযোগক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ ত্যাগ কৰিছিল শংকৰ জ্যোতি বৰুৱাই। যোৱা ১২ ছেপ্টেম্বৰত সামাজিক মাধ্যম যোগে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে অব্যাহতি লৈছিল শংকৰে। তেওঁৰ পদত্যাগৰ পিছৰে পৰা খালী হৈ আছে আছুৰ সাধাৰণ সম্পাদকৰ পদ। শংকৰ বিতৰ্কই জোকাৰি যোৱাৰ পিছত অহা ১৮ ছেপ্টেম্বৰত আছুৰ এক জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান কৰা হৈছে।

এক জাননী যোগে আছুৰ সভাপতি উৎপল শৰ্মাই এই কাৰ্যনিৰ্বাহকৰ বিষয়ে সদৰী কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত ১৮ ছেপ্টেম্বৰৰ বিয়লি ৩.৫৫ বজাত এই জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব। এই সভাত কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া আৰু সদস্যক উপস্থিত থাকিবলৈ আহ্বান জনাইছে আছুৰ সভাপতিগৰাকীয়ে।

আছুৰ এই কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৰ সাধাৰণ সম্পাদক পদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পাৰে বুলি পূৰ্ণ চৰ্চা চলিছে। শংকৰ জ্যোতি বৰুৱাৰ পদত্যাগৰ পিছত খালী হৈ আছে সংগঠনটোৰ এই গুৰুত্বপূৰ্ণ পদবী। যদি চৰ্চা চলি থকাৰ দৰেই আছুৰ এই কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত লোৱা হয়, তেতিয়া এই বৈঠকতে এগৰাকী নতুন সাধাৰণ সম্পাদক লাভ কৰিব সংগঠনটোৱে।

লক্ষণীয়ভাৱে শংকৰ জ্যোতি বৰুৱাৰ পদত্যাগৰ পিছত আছুৰ নতুন সাধাৰণ সম্পাদক কোন হ’ব, সেই লৈ যথেষ্ট জল্পনা-কল্পনা চলিছে। কিন্তু এই সন্দৰ্ভত সংগঠনটোৰ শীৰ্ষ নেতৃত্বই এইপৰ্যন্ত কোনো তথ্য প্ৰকাশ নাই। কিছুদিন পূৰ্বে এক সংবাদ মেলক আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই অতি শীঘ্ৰেই আছুৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব জানিবলৈ দিছিল।

সমুজ্জল ভট্টাচাৰ্যই লগতে এই কাৰ্যনিৰ্বাহক সভাতেই আছুৰ কেন্দ্ৰীয় সমিতিৰ পৰা এগৰাকী নেতাক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হ’ব বুলি ইংগিত দিছিল। গতিকে আগন্তুক কাৰ্যনিৰ্বাহক সভাত আছুৰ নতুন সাধাৰণ সম্পাদক নিযুক্তিৰ পূৰ্ণ সম্ভাৱণা আছে। লক্ষণীয়ভাৱে আছুৰ নিয়ম অনুসৰি সাধাৰণ সম্পাদকজনে কোনো কাৰণত পদৰ পৰা অব্যাহতি লয় তেন্তে তেওঁৰ স্থানত হকাৰী সাধাৰণ সম্পাদকক এই  দায়িত্ব অৰ্পন কৰা হয়।

সম্প্ৰতি আছুৰ কেন্দ্ৰীয় সমিতিত চৰ্জুন হান্সে, পিতুল বৰা, অভিজিত নাথ, দীপক শৰ্মা আৰু ৰাণা সোণাৰ ৰূপত ৫ গৰাকী সাধাৰণ সম্পাদক আছে। গতিকে সংগঠনৰ নিয়ম অনুসৰি ইয়াৰে কোনোবা এজনে আগন্তুক সময়ত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত চৰ্জুন হান্সেৰ নাম ব্যাপক চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে।

তদুপৰি উজনিত আছুৰ আন এগৰাকী শক্তিশালী নেতা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনৰ নামো চৰ্চালৈ অহা পৰিলক্ষিত হৈছে। আগন্তুক কাৰ্যনিৰ্বাহক বৈঠকতে আছুৱে সংগঠনৰ এই গুৰুত্বপূৰ্ণ পদবীত নিযুক্তিৰে চলি থকা চৰ্চাৰ ওৰ পেলাব বুলি আশা কৰা হৈছে।

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!