কাৰ্যনিৰ্বাহক সভাঃ কোন হ'ব আছুৰ পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক.... | aasu Executive meeting today who will be the next general secretary of aasu Assam news - Assam Tv9

কাৰ্যনিৰ্বাহক সভাঃ কোন হ’ব আছুৰ পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক….

Updated On: 

18 Sep 2024 18:25 PM

AASU GS: বহু বিতৰ্কৰ অন্তত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতি বৰুৱাই। ইয়াৰ পাছতেই খালী হৈ আছে আছুৰ সাধাৰণ সম্পাদকৰ পদ। আজি এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু কাৰ্যালয়ত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব।

কাৰ্যনিৰ্বাহক সভাঃ কোন হব আছুৰ পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক....

আছু

Follow Us On

বহু বিতৰ্কৰ মাজতেই বুধবাৰে অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যনিৰ্বাহক সভাতেই ঘোষণা কৰা হ’ব সংগঠনটোৰ পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। ১২ ছেপ্টেম্বৰত সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিছিল শংকৰজ্যোতি বৰুৱাই। তেতিয়াৰ পৰা খালী হৈ থকা পদ ভৰ্তি কৰিবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হ’ব। এই কাৰ্যনিৰ্বাহকতে সাধাৰণ সম্পাদক সন্দৰ্ভতো আলোচনা চলিব বুলি জানিব পৰা গৈছে।

নিয়ম অনুসৰি যদি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কোনো কাৰণত পদৰ পৰা অব্যাহতি লয় তেন্তে তাৰ দায়িত্ব অৰ্পন কৰা হয় সহকাৰী সাধাৰণ সম্পাদকক। আছুৰ কেন্দ্ৰীয় সমিতিত বৰ্তমান সময়ত আছে ৫ গৰাকী সহকাৰী সাধাৰণ সম্পাদক। এই ৫ গৰাকী হৈছে- চৰ্জুন হান্সে, দীপক শৰ্মা, পিতুল বৰা, অভিজিত নাথ, ইৰু ৰাণা সোণাৰ। গতিকে ইয়াৰে কোনোবা এজনে আগন্তুক সময়ত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিব।

আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ বাবে কাৰ্বি আংলঙৰ চৰ্জুন হান্সেৰ নাম প্ৰায় নিশ্চিত হৈছে। ইয়াৰোপৰি সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিব পাৰে সমীৰণ ফুকনে। ইয়াৰ পূৰ্বে মৰিগাঁও অধিবেশনৰ সাধাৰণ সম্পাদকৰ  দাবীদাৰ আছিল সমীৰণ। আছুৰ এইগৰাকী  নেতাই ঐতিহ্যমণ্ডি শিৱসাগৰ কলেজ আৰু শিৱসাগৰ জিলা আছুৰ সাধাৰণ সম্পাদকৰ পদতো অধিষ্ঠিত আছিল। এনেবোৰ কাৰণতেই এতিয়া এই গৰাকী নেতাৰ নাম আগত আছে। আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকাল ৩ বছৰৰো অধিক সময় আছে। তেনেস্থলত আজিৰ কাৰ্যনিৰ্বাহকতেই আছুৰ দায়িত্ব এই কেইগৰাকী নেতাৰ ভিতৰত কাৰোবাৰ হাতত গতাব পাৰে।

উল্লেখ্য যে, নাৰী কেন্দ্ৰিক বিতৰ্কত সোমাই পৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ  সম্পাদক শংকৰজ্যোতি বৰুৱা। আছুৰ এইগৰাকী নেতাৰ প্ৰাক্তন প্ৰেমিকাই তেওঁৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ লগতে গোচৰো ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱাই আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল।

অভিযোগ অনুসৰি শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে ভু্ক্তভোগী যুৱতীগৰাকীক প্ৰতাৰণা কৰিছিল।  বিয়া কৰোৱাৰ প্ৰলোভনেৰে যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰা শংকৰজ্যোতি বৰুৱা পাছলৈ অন্য যুৱতীৰ  প্ৰেমত মছগুল হৈ পৰিছিল। যাৰ ফলত শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল যুৱতীগৰাকী। বাৰে বাৰে তেওঁক যোগাযোগ স্থাপন কৰিব বিচাৰিও বিফলত হৈছিল যুৱতীগৰাকী। ইমানেই নহয়, শংকৰজ্যোতি বৰুৱাই যুৱতীগৰাকীক ভয়- ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছিল।

পৰৱৰ্তী সময়ত ভুক্তভোগী যুৱতীগৰাকীয়ে অত্যাধিক মাত্ৰাত ঔষধ সেৱন কৰি অসুস্থ হৈ পৰিছিল। চিকিৎসাৰ বাবে যুৱতীগৰাকী জি এম চি এইচত ভৰ্তি হোৱাৰ পাছতেই এই সমগ্ৰ কথা পোহৰলৈ আহে। অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দি শংকৰজ্যোতি বৰুৱাই যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল যদিও বাকী অভিযোগ সন্দৰ্ভত স্পষ্টকৈ একো কোৱা নাছিল। ইয়াৰ পাছতো বিতৰ্কই লগ নেৰাত সাধাৰণ সম্পাদকৰ পথ এৰিবলৈ বাধ্য হৈছিল শংকৰজ্যোতি বৰুৱা।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version