5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিলো- আছুৰ সাধাৰণ সম্পাদকৰ বিস্ফোৰক মন্তব্য

"যুৱতীগৰাকীয়ে মোৰ বিৰুদ্ধে অভিযোগহে আনিছে। তেওঁ কৈছে মই পিষ্টল দেখুৱাই, ডিঙি চেপি তেওঁক অত্যাচাৰ কৰিছিলো। কিন্তু এয়া কেৱল অভিযোগ। মই ইয়াৰ উত্তৰ আদালতত জনাইছো আৰু সেই ভিত্তিত আদালতে মোক অগ্ৰিম জামিন প্ৰদান কৰিছে"।

মই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিলো- আছুৰ সাধাৰণ সম্পাদকৰ বিস্ফোৰক মন্তব্য
শংকৰ জ্যোতি বৰুৱা
Follow Us
barasha-sarma
Barasha Sarma | Published: 09 Sep 2024 15:05 PM

অৱশেষত মুখ খুলিলে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই। এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ তেওঁ উত্তৰ দিয়ে। বৰুৱাই যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰাৰ লগতে তেওঁ এই সন্দৰ্ভত আদালতৰ কাষ চাপিছে বুলিও জনায়। লগতে কয় যে, তেওঁৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে ৬ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰিছিল আৰু তেওঁ ৭ ছেপ্টেম্বৰত আদালতৰ পৰা অগ্ৰিম জামিন লাভ কৰিছিল।

বৰুৱাই কয়,  ৬ ছেপ্টেম্বৰৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিকভাৱে ভাগি পৰিছে। মই মানুুহ, মোৰো আবেগ আছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্য সন্দৰ্ভতো চিন্তিত বুলি জনাই শংকৰ জ্যোতি বৰুৱাই। মানসিকভাৱে ভাগি পৰা সময়ত তেওঁক সাহস দিয়া  প্ৰতিগৰাকী লোকক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰি শংকৰজ্যোতি বৰুৱাই কয় যে, মোৰ যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিল আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা ধৰণে বিগত ৬ মাহ ধৰি যুৱতীগৰাকীৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে।

বৰুৱাই কয়, কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত হৈছে। প্ৰেম  বিশ্বাসৰ মাজেৰে চলে।  ব্যক্তিগত পৰ্যায়ৰ কথা কেনেকৈ ৰাজহুৱা কৰিব বুলি উদ্বেগ প্ৰকাশ কৰে বৰুৱাই।  তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। আইনৰ মাজেৰে গৈ প্ৰমাণ কৰিম সকলো।

ইয়াৰোপৰি অভিযোগে কাকো অপৰাধী সজাব নোৱাৰে বুলিও কয় বৰুৱাই। তেওঁ কয়, যুৱতীগৰাকীয়ে মোৰ বিৰুদ্ধে অভিযোগহে আনিছে। তেওঁ কৈছে মই পিষ্টল দেখুৱাই, ডিঙি চেপি তেওঁক অত্যাচাৰ কৰিছিলো। কিন্তু এয়া কেৱল অভিযোগ। মই ইয়াৰ উত্তৰ আদালতত জনাইছো আৰু সেই ভিত্তিত আদালতে মোক অগ্ৰিম জামিন প্ৰদান কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২১ ছেপ্টেম্বৰত হ’ব বুলি কয় বৰুৱাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে, শংকৰ জ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। যাৰ বাবে শাৰীৰিক- মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল তেওঁ। এইবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল যুৱতীগৰাকী। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

Latest News