শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমীয়া ভাষাৰ পৰা ভূমি অধিকাৰলৈঃ আছু আৰু ৰাজ্য চৰকাৰৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত আজি অসম চৰকাৰ আৰু আছুৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমীয়া ভাষা, ভূমি অধিকাৰ আদিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অসমীয়া ভাষাৰ পৰা ভূমি অধিকাৰলৈঃ আছু আৰু ৰাজ্য চৰকাৰৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (CMO assam)
barasha-sarma
Barasha Sarma | Published: 16 Feb 2025 19:18 PM

দেওবাৰে সম্পন্ন হয় সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ মাজত বৈঠক। এই বৈঠকত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত আছুৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ আলোচনা কৰে। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ ভিত্তিত অনুষ্ঠিত এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক হ’ব।

আজিৰ বৈঠকত খিলঞ্জীয়া নাগৰিকৰ ভূমি অধিকাৰ সুৰক্ষা কৰিবৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰে পৰা জনজাতীয় বেল্ট ব্লকৰ দৰে ৰাজহ চক্ৰ গঠন হ’ব। ৰাজহ চক্ৰৰ ভিতৰৰ মাটি-বাৰীৰ অধিকাৰ থাকিব কেৱল খিলঞ্জীয়া অসমীয়াৰ হাতত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আছু আৰু চৰকাৰে আলোচনা কৰি কিছু ব্লক আমি চিনাক্ত কৰিব আৰু সেইসমূহ ব্লকত কেৱল তিনিটা প্ৰজন্ম বা ১৯৫১চনৰ পূৰ্বে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনাবেচা কৰিব পাৰিব। অৱশ্যে এইক্ষেত্ৰত জনজাতীয়, অনুসূচীত জাতি আৰু ৬ জনগোষ্ঠীৰ পৰা প্ৰমাণপত্ৰ বিচৰা নহয়। আনহাতে, এই সিদ্ধান্ত মুখ্য নগৰসমূহত প্ৰযোজ্য নহয়।

অসমীয়া ভাষা সন্দৰ্ভতো আজিৰ বৈঠকত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়তে অসমীয়া বিষয় বাধ্যতামূলক কৰা হ’ব। ইয়াৰোপৰি বি টি এ ডিত বড়ো আৰু অসমীয়া হ’ব বাধ্যতামূলক। অৱশ্যে বৰাক উপত্যকাত এই সিদ্ধান্ত এতিয়ালৈকে প্ৰযোজ্য নহয়।

ইয়াৰোপৰি আজিৰ বৈঠকত অসম চৰকাৰৰ উদ্যোগত অসমীয়া মানুহৰ ইতিহাস সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি,  ২০২৬ৰ ১ এপ্ৰিলৰ পৰা অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী বাধ্যতামূলক কৰা হ’ব। লগতে অসম চৰকাৰৰ সকলো জাননী ব’হাগ মাহৰ পৰা ইংৰাজীৰ লতে অসমীয়াতো প্ৰকাশ পাব। ১৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত । ইয়াৰ লগতে ৰাজ্য ভাষা সঞ্চালকালয়ক এটা স্বতন্ত্ৰ সঞ্চালকালয় হিচাপে গঢ়ি তোলা হ’ব।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞিবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ আৰু শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলা হ’ব। অসমৰ নামঘৰ, সত্ৰ আদিৰ সুৰক্ষা নিশ্চিত কৰা হ’ব। কেৱল ইমানেই নহয়, সত্ৰসমূহৰ বাবে সুকীয়া ৰাজ্যিক বোৰ্ড গঠন কৰা হ’ব।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ভূমি সংক্ৰান্তীয় কাম-কাজৰ বাবে নতুনকৈ ২ হাজাৰ পদ মুকলি কৰা হ’ব আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে ১০০ কোটি টকাৰ পুঁজি আবণ্টন দিয়া হ’ব।

এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে,  অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত প্ৰতিবেদন দাখিল হৈছে। এতিয়া এই ক্ষেত্ৰত চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে। ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আলোচনা হৈছিল আৰু আজি দ্বিতীয় পৰ্যায়ৰ আলোচনা হয়। অসমৰ মাটিত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। অসমীয়াৰ ভাষা, সংস্কৃতি, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত নোহোৱা পৰ্যন্ত আমি ক্ষান্ত নাথাকো।

লগতে তেওঁ কয় যে, সাংবিধানিৰ ৰক্ষা কবচ আমাৰ প্ৰাপ্য। অসম চৰকাৰে কৈছিল যে, অসম চৰকাৰৰ আওটাত ৪০ টা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়াকৈ ১২ টা আৰু কেৱল কেন্দ্ৰৰ আওটাত ১৫ টা কৰণীয় আছে।  আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে নিৰ্ধাৰিত সময়ৰ ভিতৰত মুঠ ৩২ টা কৰণীয়া কাৰ্যকৰী কৰা হ’ব। বাকী ১২ টা কৰণীয় সম্পৰ্কে অহা ১০ মাৰ্চৰ পূৰ্বে আন এখন বৈঠক অনুষ্ঠিত হ’ব।

 

 

অন্য খবৰ পঢ়কঃ Assam accord: আছু আৰু মুখ্যমন্ত্ৰীৰ মাজৰ বৈঠক সম্পন্ন, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী সন্দৰ্ভত কি সিদ্ধান্ত ল’লে…