5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লক্ষ্য বিধানসভা নিৰ্বাচন! যোগ্য আছিল নে তেওঁ?

যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে ২০২৫ চনত আছু ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ যো- জা কৰি আছিল শংকৰ জ্যোতি বৰুৱাই। আছুত থাকিলেও এইগৰাকী নেতাৰ লক্ষ্য যেন আছিল ডাঙৰ নেতা হোৱাৰ।

লক্ষ্য বিধানসভা নিৰ্বাচন! যোগ্য আছিল নে তেওঁ?
শংকৰজ্যোতি বৰুৱা
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 12 Sep 2024 16:15 PM

অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ এৰিল শংকৰজ্যোতি বৰুৱাই। বিগত কেইটামান দিন ধৰি এই ছাত্ৰ নেতাগৰাকী বিশেষ চৰ্চাত আছে। এগৰাকী যুৱতীয়ে ছাত্ৰনেতাগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰাৰ অভিযোগৰ পাছতেই তেওঁ বিতৰ্কৰ মাজত সোমাই পৰিছিল। তেওঁ কৈছিল- “হয়, যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেম আছিল। কিন্তু ৬ মাহ ধৰি কোনো সম্পৰ্ক নাই”। কেৱল ইমানেই নহয়, ছাত্ৰ নেতাগৰাকীয়ে ব্যক্তিগত কিছুমান বিষয় ব্যক্তিগত কৰি ৰাখিবলৈ আহ্বান জনাইছিল। কিন্তু এনে ব্যক্তিগত কাৰকে যদি এটা সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰে তে্ন্তে তাক ব্যক্তিগত বুলিব কেনেকৈ পাৰি?

ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীয়ে কৈছিল যে এগৰাকী গায়িকাৰ বাবে শংকৰ জ্যোতি বৰুৱাই তেওঁক প্ৰতাৰণা কৰিছিল আৰু তেওঁৰ হাতত ইয়াৰ সম্পূৰ্ণ প্ৰমাণ আছে। চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এগৰাকী গায়িকাৰ লগতে শংকৰজ্যোতি বৰুৱাই ২০২৪ চনৰ ৭ জুলাইত জম্মু- কাশ্মীৰলৈ গৈছিল। তাৰ পাছদিনা অৰ্থাত ৮ জুলাইত দুয়ো জম্মু- কাশ্মীৰত উদযাপন কৰিছিল জন্মদিন। ইয়াৰ কিছু ফটো গায়িকাগৰাকীয়ে ছচিয়েল মিডিয়াত আপলোডো কৰিছিল।

এই ছাত্ৰনেতাগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ আছে। অভিযোগ অনুসৰি এইগৰাকী নেতাৰ পছন্দৰলোকে আছুত লাভ কৰিছিল দায়িত্ব। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে মাত মতা মানেই আছুত কেৰিয়াৰ শেষ যাৰ বাবে ইয়াৰ বিৰুদ্ধে কোনোৱে মাত মাতিবলৈ সাহস কৰা নাছিল। নিজৰ মইমতালীৰে আছু চলাই নিয়াৰ অভিযোগ শংকজ্যোতি বৰুৱাৰ বিৰুদ্ধে। ইয়াৰোপৰি আছুৰ নামত লাখে লাখে অহা ধনৰ কথা বাদেই দিলো।

যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে ২০২৫ চনত আছু ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ যো- জা কৰি আছিল শংকৰ জ্যোতি বৰুৱাই। আছুত থাকিলেও এইগৰাকী নেতাৰ লক্ষ্য যেন আছিল ডাঙৰ নেতা হোৱাৰ। দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছিল এই নেতাগৰাকীয়ে। যাৰ বাবে তেওঁ তেওঁৰ নিৰ্দিষ্ট কিছু কাম আৰম্ভও কৰিছিল। আছুৰ এইগৰাকী সাধাৰণ সম্পাদকৰ এনে আখ্যান বহু দীঘলীয়া।

শেহতীয়াকৈ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উদ্ভৱ হোৱা পৰিস্থিতি তেওঁ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা  কৰিছিল যদিও বিফল হ’ল।  উজনি- নামনি বিষয়টো টানি আনিও তেওঁ সফল হ’ব নোৱাৰিলে। ইতিমধ্যে একাংশ ছাত্ৰ নেতাই তেওঁৰ সংগ এৰিছে বুলি জানিব পৰা গৈছে। সেয়ে হয়তো উপায়হীন গৈ শংকৰজ্যোতি বৰুৱাই এই সিদ্ধান্ত লৈ পেলালে।

অৱশ্যে দলৰ পৰা অব্যাহতি বা অব্যাহতিৰ শাস্তি শুনোৱাৰ দৰে ঘটনা আগতেই সংঘটিত হৈছে। শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক হৈ থকাৰ সময়ত অনুশাসনমূলক ব্যৱস্থা লৈ কেইবাজনক দলৰ পৰা অব্যাহতি দিয়াৰ উদাহৰণ আছে। তাৰ ভিতৰত তদানীন্তন কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিব্য মেধি, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তদানীন্তন উপদেষ্টা মনোজ দাস আদি।

শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ গুৰুতৰ। এগৰাকী যুৱতীক বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ৰ স্থাপন কৰাক ধৰ্ষণ বুলিয়েই গণ্য কৰা হয়। ৬৯ বি এন এছ ধাৰাত এই কথা উল্লেখ আছে।আছুৰ নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগত সমগ্ৰ নাৰীৰ নিৰাপত্তাৰ দিশতো সাঙোৰ খাই পৰিছিল। আছুৰ সংবিধানৰ ৩১ নং অনুশাসক শীৰ্ষক অনুচ্ছেদ ১৯তো উল্লেখ কৰা আছে কাৰ্য নিৰ্বাহকৰ কোনো সদস্যৰ বিৰুদ্ধ কোনো অভিযোগ উত্থাপন হ’লে তাৰ বিচাৰ হ’ব লাগে। শংকৰজ্যোতি বৰুৱা আছুৰ উৰ্ধত নহয়। আছু তেওঁৰ কোনো পৈতৃক সম্পত্তিও নহয়।  দেৰিকৈ হলেও সম্ভৱত আছুৰ কৰ্মকৰ্তা সকলে এই কথা বুজি বৰুৱাৰ লগ এৰিলে আৰু শেষত বৰুৱা সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহত লোৱাৰ সিদ্ধান্ত ল’লে।

 

Latest News