আছুৰ পদ এৰিব লাগিব শংকৰজ্যোতি বৰুৱাই ! পৰামৰ্শ দিলে আছুৰ শীৰ্ষ নেতৃত্বই…সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া
শংকজ্যোতি বৰুৱাৰ নাৰীকেন্দ্ৰিক বিৰ্তকক লৈ গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিয়ে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলতে আছুৰ উপদেষ্টা গৰাকীয়ে ঘোষণা কৰে যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়া হৈছে শংকৰজ্যোতি বৰুৱাক ৷
নাৰীকেন্দ্ৰিক বিৰ্তকৰ পাছত হয়তো আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিব লাগিব শংকৰজ্যোতি বৰুৱাই। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল’বলৈ পৰামৰ্শ দিছে সংগঠনটোৰ সভাপতি উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। শংকজ্যোতি বৰুৱাৰ নাৰীকেন্দ্ৰিক বিৰ্তকক লৈ গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিয়ে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলতে আছুৰ উপদেষ্টা গৰাকীয়ে ঘোষণা কৰে যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়া হৈছে শংকৰজ্যোতি বৰুৱাক ৷
শংকৰজ্যোতি বৰুৱাৰ সন্দৰ্ভত কি ক’লে ড৹ সমু্জ্জ্বল কুমাৰ ভট্টাচাৰ্যই ?
শংকৰজ্যোতি বৰুৱাক আছু সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি লোৱা বাবে পৰামৰ্শৰ দিয়াৰ কথা সদৰী কৰি মুখ্য উপদেষ্টা ড৹ সমু্জ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় “সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি আৰু সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক অব্যাহতি ল’বলৈ বা ছুটীত থাকিবলৈ আমি পৰামৰ্শ দিছো । আমি আশাবাদী তেওঁ আমাৰ কথাবোৰ মানি ল’ব ।” সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ই সমগ্ৰ অসমতে ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই বিষয়ক লৈ সোমবাৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি উৎপল শৰ্মা আৰু তেওঁ আলোচনাত মিলিত হোৱা বুলিও জানিবলৈ দিছে ।
আলোচনাৰ সময়তে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতি বৰুৱাক অব্যাহতি আৰু ছুটী ল’বলৈ পৰামৰ্শ দিয়াৰ কথা সদৰী কৰিছে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে । তেওঁ আশা প্ৰকাশ কৰিছে যে, তেওঁলোকৰ পৰামৰ্শ প্ৰতি ইতিবাচক সঁহাৰি জনাব শংকৰজ্যোতি বৰুৱাই । ইয়াৰ লগতে শীঘ্ৰেই এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ।
ব্যক্তিৰ ওপৰত সংগঠন আৰু সংগঠনৰ ওপৰত সমাজ : উৎপল শৰ্মা
আজিৰ সংবাদমেলত আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে, ব্যক্তিতকৈ সংগঠন আৰু সংগঠনতকৈ সমাজ সদায় ওপৰত থাকে ৷ আছুৰ সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে, তাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৰ স্থিতিক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে ৷ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈকে একপক্ষীয়ভাৱে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উল্লেখ কৰিছে আছুৰ সভাপতি গৰাকীয়ে ৷
তেওঁ কয় যে, শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ সমুখত যি বক্তব্য আগবঢ়াইছে, সেই কথাখিনি তেওঁলোককো কৈছে । সেয়েহে সংগঠনৰ ভাৱমূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক অব্যাহতি লোৱাৰ বাবে পৰামৰ্শ দিয়া হৈছে বুলি কয় আছু সভাপতি গৰাকীয়ে ।
প্ৰেমৰ সম্পৰ্ক আছিল শংকৰৰ
নাৰীকেন্দ্ৰিক অভিযোগ উত্থাপন হোৱাৰ পাছতে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ সংবাদ মাধ্যমক সম্বোধন কৰি শংকৰজ্যোতি বৰুৱাই স্পষ্টকৈ কৈছিল যে, অভিযোগ উত্থাপন কৰা যুৱতীগৰাকী সৈতে এবছৰৰ পূৰ্বেই সংঘাত হৈছিল । যুৱতীগৰাকীৰ সৈতে যোৱা ছমাহ ধৰি কোনো যোগাযোগ নাই । ইয়াৰ লগতে তেওঁ কয়,‘যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই স্বীকাৰ কৰিছো ৷ প্ৰেমৰ সম্পৰ্কত থকাটো কোনো অপৰাধ নহয় ৷ ‘
কিন্তু যোৱা এবছৰ ধৰি তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ বুলি উল্লেখ কৰিছে শংকৰজ্যোতি বৰুৱাই ৷ ইযাৰ ফলতে যোৱা ছমাহ ধৰি তেওঁলোকৰ মাজত কোনো যোগাযোগ নাই ৷ কিন্তু ছমাহৰ পাছত হঠাৎ যি অভিযোগ উত্থাপন হ ‘ল তাক লৈ আচৰিত হোৱা বুলিও উল্লেখ কৰিছিল শংকৰজ্যোতি বৰুৱাই । এই অভিযোগ উত্থাপন হোৱাৰ পাছত তেওঁ আৰু তেওঁৰ মাতৃ মানসিকভাৱে ভাগি পৰা বুলিও উল্লেখ কৰিছিল শংকৰজ্যোতি বৰুৱাই । উল্লেখ্য যে, যোৱা যুৱতী গৰাকীয়ে যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাৰ পাছতে ৭ ছেপ্টেম্বৰ তাৰিখে অগ্ৰিম জামিন লাভ কৰে শংকজ্যোতি বৰুৱাই ।
কি অভিযোগ আছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ?
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ সম্পৰ্ক কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ লগতে এই বিষয়ত মানসিকভাৱে অশান্তিত ভুগি থকা কথাও উল্লেখ কৰিছিল ছাত্ৰী গৰাকীয়ে । যুৱতীগৰাকীয়ে কেতবোৰ বিস্ফোৰক অভিযোগ ৰাজহুৱাভাৱে উত্থাপন কৰাৰ লগতে আৰক্ষীৰ ওচৰত গোচৰো ৰুজু কৰিছিল ৷
ছাত্ৰীগৰাকীয়ে জনোৱা মতে, যোৱা ৬ মাহ ধৰি মানসিক অশান্তিত ভুগি অত্যাধিক ঔষধ সেৱন কৰিছিল । যাৰ ফলত অসুস্থ হৈ পৰাত তেওঁক জি এম চি এইছত ভৰ্তি কৰোৱা হয় ৷ শুকুৰবাৰে ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কয় যে,অত্যাধিক ঔষধ সেৱন কৰাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল । ‘ছাত্ৰনেতাগৰাকী জনপ্ৰিয় হ’ব পাৰে, মোৰ কাৰণে তেওঁ জনপ্ৰিয় নহয় ৷ ‘এইদৰে কৈছিল যুৱতী গৰাকীয়ে ।
সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া
এই সমগ্ৰ বিতৰ্কৰ সন্দৰ্ভত একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মুকলি কৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এয়া এক ডাঙৰ ষড়যন্ত্ৰ বুলি ক’ব খুজিছে । শংকৰজ্যোতি বৰুৱাৰ সামাজিক স্থিতিক দুৰ্বল কৰি ক্ষমতা কেন্দ্ৰিক ষড়ষন্ত্ৰ ৰচনা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ।